ETV Bharat / state

AGP Meeting: কাক কুলি-কেতেকী বুলিলে অগপ সভাপতি অতুল বৰাই ?

author img

By

Published : Jun 18, 2023, 10:58 PM IST

আজমলৰ দুৰ্গত অগপৰ শক্তি প্ৰদৰ্শন
আজমলৰ দুৰ্গত অগপৰ শক্তি প্ৰদৰ্শন

ধুবুৰীত দেওবাৰে নিজৰ শক্তি প্ৰদৰ্শন কৰিলে অসম গণ পৰিষদ দলে ৷ আজমলৰ দুর্গৰ পৰাই আজমলক মুকলি প্ৰত্যাহ্বান অসম গণ পৰিষদৰ ৷ দলৰ সভাপতি অতুল বৰাকে ধৰি সকলো কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হ’ল বিশাল কৰ্মকৰ্তা সন্মিলন ৷

আজমলৰ দুৰ্গত অগপৰ শক্তি প্ৰদৰ্শন

ধুবুৰী, 18 জুন: দেওবাৰে ধুবুৰী লোকসভা সমষ্টিভিত্তিক এক কৰ্মকৰ্তা সন্মিলেনেৰে দেওবাৰে ধুবুৰীত নিজৰ শক্তি প্ৰদৰ্শন কৰে অসম গণ পৰিষদ দলে ৷ ধুবুৰী পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত ধুবুৰী লোকসভা সমষ্টিভিত্তিক বিশেষ কৰ্মকৰ্তা সন্মিলনখনৰ পূৰ্বে চহৰখনৰ ১নং ৱাৰ্ডস্থিত জিলা কাৰ্যালয়ৰ পৰা এক বিশাল সমদলো উলিয়াই দলটোৱে ৷

অগপৰ সভাপতি অতুল বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সেই কৰ্মকৰ্তা সন্মিলনখনত অগপৰ শীৰ্ষ নেতৃত্বই ধুবুৰী লোকসভা পৰিষদৰ প্ৰতিটো বিধানসভা সমষ্টিত দলটোৰ সাংগঠনিক শক্তি অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

মন্ত্ৰী অতুল বৰাই কুলি-কেতেকীৰ দৰে কংগ্ৰেছ-এআইইউডিএফক দেখা যায় বুলি কটাক্ষ কৰে ৷ অতুল বৰাৰ মন্তব্য, ‘‘তেওঁলোক কুলি কেতেকীৰ দৰে নিৰ্বাচনৰ সময়ত আহে ৷ ভাল ভাল কথা আৰু ধৰ্মীয় উন্মাদনাৰে ভোট লয় ৷ কিন্তু পিচত তেওঁলোকক দেখা নাযায় ৷’’

সংবাদমেলত অগপৰ সভাপতি অতুল বৰাই ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত ৬ টাকৈ বিধানসভা সমষ্টিত অগপৰ দলৰ বিধায়ক আছিল বুলি উল্লেখ কৰি তেওঁ কয় য, "৬ টাত আমি বিভিন্ন সময়ত জয়লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু য'ত জয়লাভ কৰিছিলোঁ তাত শক্তিশালী শিপা এতিয়াও আছে । যি ৪ টা সমষ্টিত আমি জয়লাভ কৰা নাছিলোঁ তাতো আমি আমাৰ দলৰ ভেঁটি মজবুত কৰাৰ কাৰণে আমি কাম কৰি আছো । মই নিশ্চিত যে অনাগত দিনত ধুবুৰী লোকসভা সমষ্টিত দলৰ শক্তি পূৰ্বতকৈ বহু পৰিমাণে বৃদ্ধি হ'ব ।’’

AIUDFৰ প্ৰতি ৰাইজৰ আস্থা কমি গৈছে বুলি উল্লেখ কৰি কংগ্ৰেছকো উৎখাত কৰাৰ লক্ষ্যৰে অগপ আগবাঢ়িছে বুলিও অতুল বৰাই মন্তব্য কৰে ৷

আজিৰ এই কৰ্মকৰ্তা সন্মিলনখনতেই বিজেপিৰ যুৱ নেতা তথা আগন্তুক লোকসভা নিৰ্বাচনত অগপ দলৰ সাম্ভাব্য প্ৰাৰ্থীৰূপে চৰ্চিত হোৱা আব্দুৰ ৰহিম জিব্ৰানে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ বিভিন্ন দলৰ বহু কেইগৰাকী নেতা-কৰ্মীসহ আনুষ্ঠানিকভাৱে অগপ দলত যোগদান কৰে ৷ অগপ দলৰ সভাপতি অতুল বৰাই ফুলাম গামোচাৰে সকলোকে নিজৰ দললৈ আদৰণি জনায় ৷

লগতে পঢ়ক: Sivsagar BJP Meeting: শিৱসাগৰত বিজেপিৰ সভাত খালি চকীৰ সন্মুখত নাড্ডাৰ ভাষণ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.