ETV Bharat / state

Protest in Dhemaji: ধেমাজি কাণ্ডৰ অভিযুক্ত দোষ মুক্ত; ন্যায় বিচাৰি ভুক্তভোগীৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 4:15 PM IST

Victim protest in Dhemaji Against High Court Verdict
ধেমাজি কাণ্ডৰ অভিযুক্ত দোষ মুক্ত

২০০৪ চনৰ ধেমাজি বিস্ফোৰণৰ গোচৰত ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে চূড়ান্ত ৰায়দান প্ৰদান কৰি ইতিমধ্যে অভিযুক্তসকলক দোষমুক্ত ঘোষণা কৰাৰ পিছত শুকুৰবাৰে ন্যায়ৰ দাবীত ধেমাজিত অৱস্থান ধৰ্মঘটত বহিল নিহতৰ পৰিয়ালবৰ্গ ৷

ধেমাজি কাণ্ডৰ অভিযুক্ত দোষ মুক্ত

ধেমাজি,১ ছেপ্টেম্বৰ: দেশজুৰি ক'লা অধ্যায়ৰ সুচনা কৰা ধেমাজি বোমা বিস্ফোৰণত নিহতৰ আত্নীয়ই ন্যায়ৰ পৰা পৰা বঞ্চিত হোৱাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে পুনৰ দোষীসকলক উপযুক্ত শাস্তিৰ দাবীত ধেমাজি সদৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে নিহতৰ পৰিয়ালবৰ্গই । বোমা বিস্ফোৰণত নিহতসকলক চৰকাৰীভাৱে শ্বহীদৰ মৰ্যাদা দিয়াৰ দাবীত আৰু তদন্তকাৰী বিষয়াসকলৰ ওপৰত তদন্ত কৰি শাস্তিৰ ব্যৱস্থা কৰাৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ ৷ যাতে ভৱিষ্যতে কোনো গোচৰৰ তদন্ত প্ৰক্ৰিয়াত তদন্তকাৰী বিষয়াসকলে গাফিলতি কৰিব নোৱাৰে ৷

উল্লেখযোগ্য যে, ২০০৪ চনৰ ১৫ আগষ্টৰ দিনটো অসমৰ বাবে আছিল ৰক্ত ৰঞ্জিত এটা দিন ৷ এই দিনটোতে ধেমাজি জিলাত স্বাধীনতা দিৱস উদযাপন স্থলীত সংঘটিত হৈছিল ভয়াৱহ বোমা বিস্ফোৰণ ৷ চৌদিশে ছিটিকি পৰিছিল নৰমাংস, বৈছিল ৰক্তৰ নিজৰা ৷ গছৰ ডালত ওলমি ৰৈছিল নৰমাংসৰ টুকুৰা ৷ ৰাষ্ট্ৰীয় সংগীতৰ সলনি পতাকা উত্তোলনস্থলীত ভাঁহিছিল মৰণ কাতৰ আৰ্তনাদ । ইয়াৰ পিছতেই ৰাজ্যজুৰি আলফাৰ বিৰুদ্ধে তথা সন্ত্ৰাসবাদৰ বিৰুদ্ধে গৰিহণা আৰু ধিক্কাৰ দিছিল সকলোৱে ৷ সময় বাগৰিল ৷ এই ঘটনাত অভিযুক্ত বহুতো লোক সৰকি গ’ল ৷

১৫ বছৰৰ অন্তত যোৱা ২০১৯ চনত ছগৰাকী অভিযুক্তৰ ভিতৰত চাৰিগৰাকীক যাৱজ্জীৱন কাৰাদণ্ড আৰু দুগৰাকীক চাৰিবছৰ বাবে সশ্ৰম কাৰাদণ্ডৰ ৰায় দিছিল ধেমাজি সত্ৰ ন্যায়াধীশ আদালতে ৷ পৰৱৰ্তী সময়ত অভিযুক্তৰ পৰিয়ালে ধেমাজি নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই দ্বাৰস্থ হৈছিল গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ ৷ চলিত বছৰৰ যোৱা ২৪ আগষ্টত উচ্চ ন্যায়ালয়ে চূড়ান্ত ৰায় দান দি আটাইকেইগৰাকী অভিযুক্তক দোষমুক্ত ঘোষণা কৰিছিল । ইয়াৰ পিছতেই ধেমাজিৰ ভুক্তভোগী পৰিয়ালৰ মাজত বিষাদ নামি অহাৰ লগতে ধেমাজি বিভিন্ন দল-সংগঠন তথা ৰাইজে ন্যায়ৰ পৰা বঞ্চিত হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷

লগতে পঢ়ক: Flood and erosion:ডিব্ৰুগড়ৰ চহৰীকটা কৈৱৰ্ত্ত গাঁৱত বান-খহনীয়াত বিপৰ্য্যস্ত জনজীৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.