ETV Bharat / state

Jonai road accident : ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে অভিযন্তাসহ দুজনে

author img

By

Published : Jul 12, 2022, 7:16 PM IST

Jonai road accident
Jonai road accident

মঙলবাৰে পুৱা প্ৰায় ১১.৩০ বজাত জোনাইৰ দিশৰ পৰা চিলাপথাৰ অভিমুখে গৈ থকা AR 09 B 6472 নম্বৰৰ মহিন্দ্ৰা জাইল' বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভগা দলঙৰ ৰেলিঙৰ সোঁ মাজত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে । ফলত দুগৰাকী আৰোহীয়ে থিতাতে প্ৰাণ হেৰুৱায় ৷

জোনাই, ১২ জুলাই: চিলাপথাৰ জলকীয়া সূঁতিৰ ৫১৫ নং ঘাইপথৰ ভঙা দলঙত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Jonai)। এই দুৰ্ঘটনাটোত থিতাতে নিহত হয় দুগৰাকী লোক । মঙলবাৰে পুৱা প্ৰায় ১১.৩০ বজাত জোনাই দিশৰ পৰা চিলাপথাৰ অভিমুখে গৈ থকা AR 09 B 6472 নম্বৰৰ মহিন্দ্ৰা জাইল' বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভগা দলঙৰ ৰেলিঙৰ সোঁ মাজত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে । ফলত দুগৰাকী আৰোহীয়ে থিতাতে প্ৰাণ হেৰুৱায় (Two persons died in a road accident in Jonai) ৷

ঘটনাৰ খবৰ পাই চিলাপথাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাহনখনৰ মুঠ সাত গৰাকী আৰোহীৰ পাঁচ গৰাকীক সংকটজনক অৱস্থাত চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰে ৷ পিছত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় । দুৰ্ঘটনাটোত জাইল' বাহনখন সন্মুখভাগ ভাঙি চুৰমাৰ হৈ যায় ।

মৃত আৰোহীদ্বয় হৈছে অৰুণাচল প্ৰদেশৰ ইয়ংকঙৰ মবী তালিৰ কন্যা মেনাম তালি আৰু আলৰ লিংই বাজেৰ পুত্ৰ য়য়ি বাজে । ইয়াৰে য়য়ি বাজে উত্তৰ-পূৱ বিদ্যুৎ শক্তি নিগম লিমিটেডৰ অভিযন্তা হিচাপে কৰ্মৰত আছিল (NEPDCL engineer died in road accident)। জাইল' বাহনখনত থকা ৰিম্পি সোণাৰ, কায়াং মেডো, তপা সিন্ধু, জোৱেল সোণাৰ, জাহ্নৱী হেমলিনসহ মুঠ 5 গৰাকী আৰোহী বৰ্তমান চিকিৎসাধীন । তেওঁলোক অৰুণাচল প্ৰদেশৰ পূৱ ছিয়াং জিলাৰ ইংকঙৰ পৰা ইটানগৰলৈ আহোতে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় ।

লগতে পঢ়ক : Jonai govt office scam: গৰম কাৰণেই কাৰ্যালয়লৈ নাহে ছাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.