ETV Bharat / state

Mising Olympics at jonai: অক্টোবৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব মিচিং অলিম্পিক

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 6:57 AM IST

TMPK Jonai District Committee Press Conference on Mising Olympics in jonai
মিচিং অলিম্পিক খেলৰ উদ্যোক্তা

জোনাইত 25, 26 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ’ব মিচিং অলিম্পিকৰ ৷ জোনাইৰ মূৰ্কংচেলেক মহাবিদ্যালয় আৰু পবা খেলপথাৰত অনুষ্ঠিত হ’ব মিচিং অলিম্পিকৰ ৷ সংবাদ মেলযোগে ঘোষণা কৰে TMPK জোনাই জিলা সমিতিয়ে ৷

TMPK জোনাই জিলা সমিতিৰ সংবাদ মেল

জোনাই, 20 অক্টোবৰ : ধেমাজি জিলাৰ জোনাইত অনুষ্ঠিত হ’ব মিচিং অলিম্পিক খেল ৷ স্থানীয় প্ৰতিভাবোৰক এখন উপযুক্ত মঞ্চ প্ৰদানৰ বাবেই স্থানীয় উদ্যোগত গ্ৰহণ কৰা হৈছে এই পদক্ষেপৰ ৷ এই সন্দৰ্ভত বুধবাৰে জোনাই সদৰৰ ঙাচাৰ চুঃকঃ অকুমত TMPK জোনাই জিলা সমিতিয়ে অনুষ্ঠিত কৰে এক সংবাদমেলৰ ৷

TMPK ৰ উদ্যোগত 25, 26 আৰু 27 অক্টোবৰত জোনাইৰ মূৰ্কংচেলেক মহাবিদ্যালয় আৰু পবা খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া মিচিং অলিম্পিকৰ বাবে ইতিমধ্যে মিচিং অধ্যুষিত অঞ্চলসমূহত আঞ্চলিক ভিত্তিত বাচনি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ৷ এই কথা সদৰী কৰিছে আয়োজকসকলে ৷

শিক্ষাৰ লগতে ক্ৰীড়াৰ জৰিয়তে এখন সুন্দৰ প্ৰগতিশীল সমাজ গঢ়াৰ লক্ষ্য আৰু উদ্দেশ্যৰে TMPK ৰ উদ্যোগত আয়োজন কৰা হৈছে মিচিং অলিম্পিক ৷ মিচিং অধ্যুষিত গ্ৰামাঞ্চলৰ যুৱক-যুৱতীসকলৰ মাজত থকা ক্ৰীড়াৰ সুপ্ত প্রতিভাবোৰ উলিয়াই অনাৰ উদ্দেশ্যেৰে TMPK ৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে মিচিং অলিম্পিক খেল ৷

সংবাদমেলখনত TMPK জোনাই জিলা সমিতিৰ সম্পাদক মিগম দলেয়ে খেল সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৷ অহা 21 আৰু 22 অক্টোবৰত জোনাইৰ জোনে কাৰেং আবটানি খেলপথাৰ আৰু বিজয়পুৰ হাইস্কুল খেলপথাৰত জিলা ভিত্তিত বাচনি হ’বলগীয়া খেলৰ বাবে যুৱক-যুৱতী সকলক নিজৰ নিজৰ জন্মৰ প্ৰমাণ পত্ৰ লগত লৈ যাবৰ বাবে কয় TMPK জোনাই জিলা সমিতিৰ সম্পাদক মিগম দলেয়ে ৷

উক্ত সংবাদ মেলত উপস্থিত থাকে TMPK জোনাই জিলা সমিতিৰ সভাপতি সঞ্জয় কুম্বাং, সহকাৰী সম্পাদক জান দলে, ধৰ্মেন মিলি, কাৰ্যালয় সম্পাদক ৰাহুল পেগু, সদস্য পুলিন পেগু, ঘনশ্যাম কুটুম আদিৰ লগতে উদ্যোক্তা সমিতিৰ বহুকেইজন লোক ৷

লগতে পঢ়ক: Fake Robbery Incident in Morigaon: মৰিগাঁৱৰ ডকাইতি ঘটনাৰ ৰহস্য ফাদিল ! সকলো মিছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.