ETV Bharat / state

Fake Robbery Incident in Morigaon: মৰিগাঁৱৰ ডকাইতি ঘটনাৰ ৰহস্য ফাদিল ! সকলো মিছা

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 10:17 PM IST

মৰিগাঁৱত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা ৷ সমগ্ৰ ঘটনা পোহৰলৈ আহিল আৰক্ষীৰ তদন্তত ৷

Fake Robbery Incident in Morigaon
মৰিগাঁৱৰ ডকাইতি ঘটনাৰ ৰহস্য ফাদিল

মৰিগাঁৱৰ ডকাইতি ঘটনাৰ ৰহস্য ফাদিল

মৰিগাঁও, 19 অক্টোবৰ : মৰিগাঁৱত চাঞ্চল্যকৰ ঘটনা ৷ দিন দুপৰতে মৰিগাঁৱত দিন ডকাইতিৰ ঘটনা ৷ ঘটনা অনুসৰি, মৰিগাঁও আৰক্ষীৰ থানাৰ অন্তৰ্গত বগৰীগুৰীৰ নিবাসী মৃদুল নাথ নামৰ ব্যক্তিজনে স্কুটীৰে গৈ আছিল ৷ তেনে অৱস্থাত বাইকত অহা দুৰ্বৃত্তই মৃদুলৰ মুখত স্প্ৰে মাৰি 5 লাখ 40 হাজাৰ টকা লুট কৰি নিয়ে ৷ সেনা বাহিনীত কৰ্মৰত মৃদুল নাথক পথৰ কাষত অচেতন অৱস্থাত প্ৰথমে প্ৰত্যক্ষ কৰিছিল ৰাইজে ৷ তাৰ পিচতে ৰাইজে আৰক্ষীক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে নাথক ৷

ইফালে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ৷ আনহাতে উক্ত ঘটনাৰ 12 ঘন্টা নৌ-হওঁতে সমগ্ৰ ডকাইতিকাণ্ডৰ কথা পোহৰলৈ আহে ৷ ডকাইতিকাণ্ডৰ সন্দৰ্ভত মৰিগাঁও আৰক্ষীয়ে আজি বিয়লিৰ ভাগত এক সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলত সমগ্ৰ ঘটনাৰ বিষয়ে আৰক্ষীয়ে বৰ্ণনা কৰে ৷ আৰক্ষীয়ে কয়, ‘‘আমাক ৰাইজে ডকাইতি হৈছে আৰু এজন ব্যক্তি অচেতন অৱস্থাত ৰাস্তাত পৰি আছে বুলি খবৰ দিলে ৷ ততাতয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ অচেতন অৱস্থাত থকা মৃদুলক উদ্ধাৰ কৰো ৷ পৰৱৰ্তী সময়ত চিকিৎসালয় ভৰ্তি কৰোৱা হয় নাথক ৷’’

‘‘প্ৰথমিক তদন্ত হিচাপে আমি চি চি টি ভিৰ ফুটেজসমূহ চালো ৷ কিন্তু ভুক্তভোগীয়ে বৰ্ণনা কৰাৰ দৰে তাত কোনো ঘটনা নেদেখিলো ৷ তাৰ পাচতে আমি মৃদুলক সোধা-পোচা কৰিলো ৷ কিন্তু তেওঁৰ কথা বিলাক ইটোৰ লগত সিটো মিল নাচিল ৷ লগে লগে মৃদুলৰ ওপৰত সন্দেহ ওপজে ৷ সেয়ে চিকিৎসকৰো পৰামৰ্শ ললো ৷ চিকিৎসকে আমাক জনালে যে কোনো ধৰণৰ অচেতন কৰিব পৰা দ্ৰৱ্য ব্যৱহাৰ হোৱা নাই ৷ সেয়ে আমি অধিক জেৰা কৰাৰ পাচতে সমগ্ৰ ঘটনা মিছা বুলি স্বীকাৰ কৰে মৃদুলে ৷’’ এই মন্তব্য আৰক্ষীৰ ৷

‘‘মৃদুল নাথৰ পৰা দুৰ্বৃত্তই 5 লাখ 40 হাজাৰ টকা লুটি নিয়াৰ কথা মিছা ৷ তেওঁৰ হাতত টকাই নাছিল ৷ তেওঁ মাটি ক্ৰয় কৰিছিল এজন ব্যক্তিৰ পৰা ৷ পইচা দিবলৈ আছিল মাটিৰ মালিকক ৷ সেয়ে এই নাটক কৰিব পাৰে ৷’’ এই মন্তব্য মৰিগাঁও আৰক্ষীৰ ৷

লগতে পঢ়ক:Girls Rescued in jagiraod: জাগীৰোড আৰক্ষীৰ জালত তিনি অপহৰণকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.