ETV Bharat / state

লাইকা দধিয়াবাসীৰ সংস্থাপনৰ বাবে কাম আৰম্ভ কৰিছে চৰকাৰে

author img

By

Published : Jan 18, 2021, 5:52 PM IST

tmpk golden jubilee celebration at jonai
লাইকা দধিয়াবাসীক সংস্থাপনৰ বাবে স্থান নিৰ্বাচন কাম আৰম্ভ কৰিছে চৰকাৰে : মুখ্যমন্ত্ৰী

টিএমপিকেৰ সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সভাত মিচিং জাতিটোক শক্তিশালী কৰাৰ স্বাৰ্থত ছাত্ৰ সংগঠনটোৱে জন্মলগ্নৰে পৰা যি উল্লেখনীয় অৱদান আগবঢ়ালে তাৰবাবে সংগঠটোক ধন্যবাদ জ্ঞাপন কৰে ৷

জোনাই, 18 জানুৱাৰী : লাইকা দধিয়াবাসীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে মুখ্যমন্ত্ৰীৰ বাৰ্তাই ৷ শীঘ্ৰে সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব লাইকা দধিয়াবাসীক ৷ লাইকা দধিয়াবাসীৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিমধ্যে এখন উচ্চস্তৰৰ কমিটী গঠন কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ ইয়াৰ লগতে লাইকা দধিয়াবাসীক পুনঃসংস্থাপনৰ বাবে স্থান নিৰ্বাচনৰ কামো আৰম্ভ কৰিছে চৰকাৰে ৷ ধেমাজিৰ জোনাইত আয়োজিত টিএমপিকেৰ সোণালী জয়ন্তী অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে এই কথা ৷

ধেমাজি জিলাৰ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত মিচিং জাতিৰ একমাত্ৰ ছাত্ৰ সংগঠন টিএমপিকেৰ সোণালী জয়ন্তী বৰ্ষৰ দেওবাৰে সামৰণি পৰে ৷ প্ৰায় ত্ৰিশ সহস্ৰাধিক লোকৰ সমাগমেৰে অনুষ্ঠিত শুভাৰম্ভ অনুষ্ঠানৰ দ্বিতীয়দিনৰ প্ৰথম কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে টিএমপিকেৰ সভাপতি ৰাজকুমাৰ মৰাঙে ৷ ইয়াৰ পাছতেই শ্বহীদ তৰ্পন কৰে টিএমপিকেৰ সাধাৰণ সম্পাদক তিলক দল, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েংঙীয়াৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ৷

টিএমপিকেৰ সভাপতি ৰাজ কুমাৰ মৰাঙে সভাপতিত্ব কৰা সোণালী জয়ন্তী শুভাৰম্ভনি অনুষ্ঠানত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ লগে লগে পুষ্পবৃষ্টিৰে আদৰি অনাৰ লগতে আয়োজক সমিতিৰ দ্বাৰা উষ্ম আদৰণি জনোৱা হয় ৷ মুকলি সভাত ধেমাজি জিলা টাইকোৱাণ্ডো খেলুৱৈসকলে সমৰ কলা প্ৰদৰ্শন কৰাৰ সমান্তৰালভাৱে পেনচাক্ চিলাতৰ খেলুৱৈসকলেও তেওঁলোকৰ কলা প্ৰদৰ্শন কৰে ৷ অনুষ্ঠানত দৰ্শকৰ মনোৰঞ্জনৰ কাৰণে মিচিং লোকনৃত্য লগতে বিভিন্ন জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন কৰা হয় ৷

সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে মিচিং জাতিটোক শক্তিশালী কৰাৰ স্বাৰ্থত টিএমপিকেয়ে জন্মলগ্নৰে পৰা গৌৰৱোজ্জ্বল সোণালী জয়ন্তীবৰ্ষলৈকে যি উল্লেখনীয় অৱদান আগবঢ়ালে তাৰবাবে ধন্যবাদ জ্ঞাপন কৰে ৷ আগন্তুক দিনত মিচিং জাতিটোৰ সামগ্ৰিক উন্নয়ন তথা শৈক্ষিক উত্তৰণৰ বাবে দায়িত্ব গ্ৰহণ কৰিবলৈ টিএমপিকে অনুৰোধ কৰে ৷ তেওঁ লগতে বিশ্বায়ণৰ যুগত সমাজত ফেৰ মাৰিব পৰাকৈ নিজকে প্ৰস্তুত কৰাৰ লগতে মিচিং জাতিটোৰ হকে আগন্তুক সময়ত দুগুণ উৎসাহেৰে কাম কৰি যাবলৈ ছাত্ৰ সংগঠনটোক আহ্বান জনায় ৷

লাইকা দধিয়াবাসীক সংস্থাপনৰ বাবে স্থান নিৰ্বাচন কাম আৰম্ভ কৰিছে চৰকাৰে : মুখ্যমন্ত্ৰী

মুকলি সভাত উপস্থিত থাকি স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো লাইকা দধিয়াবাসীৰ প্ৰসংগ উল্লেখ কৰি তেওঁলোকৰ সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷ তেওঁ লগতে টিএমপিকেৰ ৫০ বছৰীয়া দীঘলীয়া সংগ্ৰামৰ পৰিণতিতে আজি ৭ লাখ মিচিং লোকে স্বায়ত্ব শাসিত পৰিষদখন লাভ কৰিছে বুলি উল্লেখ কৰে ৷ লগতে মিচিং পৰিষদক সাংবিধানিক মৰ্যদা দিবলৈ কেন্দ্ৰলৈ অনুমোদনৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰে ৷

সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাগলাৰীয়ে কয় যে, অসমত পুনৰ বিজেপি চৰকাৰ গঠন হোৱাটো যে নিশ্চিত ইতিমধ্যে তাৰ উমান পোৱা গৈছে ৷ তেওঁ লগতে আগন্তুক দিনত গঠন হ’বলগীয়া চৰকাৰখনত এগৰাকী কেবিনেট মন্ত্ৰী হিচাপে বহু অভিজ্ঞতাৰে পুষ্ট মিচিং জনগোষ্ঠীৰ ড৹ ৰণোজ পেগুক মন্ত্ৰীত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ৷ তেওঁ অসমত মিচিং সমাজত শিক্ষাৰ হাৰ বহুত বেছি বুলি উল্লেখ কৰি মিচিং অধ্যুষিত অঞ্চলত অসামৰিক সেৱা, মেডিকেল ক’ছিং চেন্টাৰ দৰে অনুষ্ঠান স্থাপন কৰিব লাগিব বুলি উল্লেখ কৰে ৷

সভাত শদিয়াৰ বিধায়ক বলিন চেতিয়া, জোনাই বিধায়ক ভূৱন পেগু, ধেমাজিৰ বিধায়ক ৰণোজ পেগু, লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, টিএমএমকেৰ সভানেত্ৰী উষাৰণী কুম্বাং, অৰুণাচলৰ নাৰি কয়োৰ বিধায়ক কিনটঅ’ ৰিনাৰ লগতে অসমৰ সকলো জাতীয় সংগঠনৰ নেতা উপস্থিত থাকে ৷ সন্ধিয়া একলব্য গাম মিচিং যুৱ মহোৎসৱৰ কেন্দ্ৰীয় সাংগঠনিক সমিতিৰ সভাপতিয়ে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে ৷ অনুষ্ঠানত মিগাং গজেন নৰহ আৰু তৰাৱতী মিলি বৰিক বিশেষ সম্বৰ্ধনা জনোৱা হয় ৷

লগতে পঢ়ক : দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.