ETV Bharat / state

ৰুকচিন চেক গেটত উপস্থিত অৰুণাচলত আবদ্ধ অসমৰ শ্ৰমিক

author img

By

Published : May 7, 2020, 7:52 PM IST

ৰুকচিন চেক গেটত উপস্থিত হোৱা অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত আবদ্ধ হৈ থকা মাজবাট, ঢেকিয়াজুলি, বেলশিৰি, শুক্ৰাজুলী অঞ্চলৰ ৩১ গৰাকী শ্ৰমিকক জোনাইস্থিত উপেন্দ্ৰনাথ ব্ৰহ্ম মেম'ৰিয়েল বড়ো হাইস্কুলত আশ্ৰয় প্ৰদান কৰা হয় ।

the stucked labours of assam return from arunachal
the stucked labours of assam return from arunachal

জোনাই, ৭ মে': প্ৰায় ডেৰ মাহ ধৰি অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত আবদ্ধ হৈ থকা মাজবাট, ঢেকিয়াজুলি, বেলশিৰি, শুক্ৰাজুলী অঞ্চলৰ ৩১ গৰাকী শ্ৰমিক বুধবাৰে উপস্থিত হয় ৰুকচিন চেক গেটত । ৰুকচিন চেক গেটত উপস্থিত হোৱা শ্ৰমিক সকলক জোনাই আৰক্ষী আৰু স্বাস্থ্য বিভাগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ পিচত জোনাইস্থিত উপেন্দ্ৰনাথ ব্ৰহ্ম মেম'ৰিয়েল বড়ো হাইস্কুলত আশ্ৰয় প্ৰদান কৰে ।

ৰুকচিন চেক গেটত উপস্থিত অৰুণাচলত আবদ্ধ অসমৰ শ্ৰমিক

জোনাইত উপস্থিত হৈ ইউএনবি বড়ো হাইস্কুলত আশ্ৰয় গ্ৰহণ কৰা শ্ৰমিক সকলক জোনাই গাঁও পঞ্চায়তৰ সভাপতি জয়ন্ত বৰি, উপ সভানেত্ৰী পূৰ্ণিমা টায়ে, ৱাৰ্ড সদস্য বিজয় বড়ো, বিনোদ দলে, ৩ নং মূৰ্কংচেলেকৰ লাট গাঁওবুঢ়া বিজয় মুছাহাৰীয়ে খাদ্য সামগ্ৰী আৰু মাস্কৰ যোগান ধৰে । লগতে সংযুক্ত বড়ো গণ মঞ্চ (ইউবিপিঅ')ৰ ধেমাজি জিলা সমিতিৰ অনুৰোধত, সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অনিল বসুমতাৰীৰ যোগাযোগ মৰ্মে মাজবাট, ঢেকিয়াজুলিৰ বিধায়কদ্বয়ৰ আৰ্থিক সহযোগত শ্ৰমিক সকলক স্বগৃহলৈ নিয়াৰ বাবে দুখন নৈশ বাছৰ ব্যৱস্থা কৰা হৈছে । বৃহস্পতিবাৰে পুৱা প্ৰায় 7 বজাত অৰুণাচল প্ৰদেশৰ চিয়াং, পূৱ চিয়াং জিলাৰ বিভিন্ন অঞ্চলত আবদ্ধ হৈ থকা শ্ৰমিকসকল নিজ গৃহলৈ ৰাওনা হৈছে ।

লগতে পঢ়কঃ গুৱাহাটীত উপস্থিত বহিঃৰাজ্যত আৱদ্ধ অসমৰ লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.