ETV Bharat / state

Haidang Husori : হাইদাং হুঁচৰি গোৱাত ব্যস্ত জোনাইৰ সোণোৱাল কছাৰী বিহুৱাসকল

author img

By

Published : Apr 19, 2022, 2:26 PM IST

এতিয়া ব’হাগৰ বতৰ (Rangali bihu celebrates in Assam) ৷ ৰাজ্যৰ চৌদিশে শুনিবলৈ পোৱা গৈছে কেৱল ঢোল-পেঁপাৰ মাত ৷ বাদ পৰি ৰোৱা নাই সোণোৱাল কছাৰীৰ বিহুৱাসকল ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ হাইদাং হুঁচৰি গোৱাত মগ্ন জোনাইৰ সোণোৱাল কছাৰী বিহুৱাসকল (Sonowal Kachari bihu celebrations at Jonai) ৷

Sonowal Kachari celebrates Haidang Husori
হাইদাং হুঁচৰি গোৱাত ব্যস্ত জোনাইৰ সোণোৱাল কছাৰী বিহুৱাসকল

জোনাই, 19 এপ্ৰিল : ৰাজ্যৰ চৌদিশে এতিয়া বৈছে ৰঙালীৰ উচাহৰ ঢল ৷ ৰঙালীৰ ৰঙত এতিয়া মতলীয়া ৰাজ্যৰ ভিন্ন জাতি-জনগোষ্ঠী (Rangali bihu celebrations in Assam) ৷ অসমৰ বিভিন্ন জনগোষ্ঠীসকলেও নিজা পৰম্পৰাৰে পালন কৰিছে হেঁপাহৰ ৰঙালী বিহুটি ৷ বাদ পৰি ৰোৱা নাই অসমৰ অন্যতম জনগোষ্ঠী সোণোৱাল কছাৰীসকল ৷

জোনাই সোণোৱাল কছাৰীসকলে অতি উলহ-মালহেৰে হাইদাং হুঁচৰি গাই উদযাপন কৰিছে হিয়াৰ আমঠু সদৃশ বিহুটি (Sonowal Kachari bihu celebrations at Jonai) ৷ জোনাইৰ বলাইপামত এতিয়া মাথো পৰিলক্ষিত হৈছে জাক জাক হাইদাং হুঁচৰিৰ দল ৷ বলাইপাম গাঁৱৰ সোণোৱাল কছাৰীসকলে গাঁৱৰ প্ৰত্যেক ঘৰে ঘৰে একেলগ হৈ মাৰিছে হাইদাং হুঁচৰি (Sonowal Kachari's Traditional Bihu Haidang Husori) ৷

হাইদাং হুঁচৰি গোৱাত ব্যস্ত জোনাইৰ সোণোৱাল কছাৰী বিহুৱাসকল

বলাইপাম গাঁৱৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ বিশেষকৈ পুৰুষসকলে এডাল বাঁহৰ লগতে ঢোল, তাল লৈ হাইদাং হুঁচৰি মাৰিবলৈ প্ৰৱেশ কৰে গাঁৱৰ প্ৰত্যেকৰে ঘৰত ৷ তাৰ পিছত পৰম্পৰা অনুসৰি বাঁহডাল গৃহস্থৰ ঘৰৰ চোতালত পুতি লৈ প্ৰতিজনে হাতে হাতে এডাল বাঁহৰ লাঠী লৈ বাঁহত বজাই বজাই হাইদাং হুঁচৰি গাই, ৰং-ৰহইছ কৰে ৷

আনকি হুঁচৰিৰ অন্তত বিহুৱা ডেকাসকলক গৃহস্থই মংগল কামনা কৰি শৰাই আগবঢ়ায় ৷ তাৰ পাচতে হাইদাং হুঁচৰিৰ বিহুৱা দলেও গৃহস্থৰ সুখ-শান্তি তথা সমৃদ্ধিৰ কামনাৰে আশীৰ্বাদ দি বিদায় লয় ৷ কেৱল জোনাইতে নহয়, অসমৰ প্ৰত্যেক ঘৰৰ চোতালত এতিয়া দেখিবলৈ পোৱা গৈছে এই দৃশ্য ৷

লগতে পঢ়ক : Rangali Bihu 2022 : টীয়কৰ পথাৰত জেং বিহু প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.