ETV Bharat / state

বানাক্ৰান্তক সাহাৰ্য বিতৰণৰ নামত দুৰ্নীতিৰ অভিযোগ বিধায়কৰ

author img

By

Published : Jul 13, 2020, 7:50 PM IST

Relief corruption in assam demaji
বানাক্ৰান্তক সাহাৰ্য বিতৰণৰ নামত দুৰ্নীতিৰ অভিযোগ বিধায়কৰ

বানপীড়িত ৰাইজক সাহাৰ্য প্ৰদান কৰিবলৈ চৰকাৰে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰিছে যদিও একাংশ লোকে সাহাৰ্য দিয়াৰ নামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উখাপন হৈছে ৷ সোমবাৰে জোনাইৰ চমকং হাইস্কুলত প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে বিধায়ক ভূৱন পেগুৱে ৷ বিধায়ক গৰাকীয়ে শিবিৰত উপস্থিত হৈ বানাক্ৰান্তৰ খবৰ লোৱাৰ উপৰিও বানপীড়িত ৰাইজক যোগান ধৰা সাহাৰ্য সামগ্ৰী দেখি হতবাক হয় ৷ কিয়নো ৰাইজক সাহাৰ্যৰ নামত প্ৰদান কৰা হৈছে নিম্ন মানৰ সা-সামগ্ৰী ৷ খাদ্যৰ নামত অহা কোটি কোটি টকা মহকুমা প্ৰশাসনে যোগনীয়াৰ সৈতে মিলি আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ ৷

জোনাই, 13 জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে প্ৰবল বানৰ ৷ বানপীড়িত ৰাইজক সাহাৰ্য প্ৰদান কৰিবলৈ চৰকাৰে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰিছে যদিও একাংশ লোকে সাহাৰ্য দিয়াৰ নামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উখাপন হৈছে ৷

বানাক্ৰান্তক সাহাৰ্য বিতৰণৰ নামত দুৰ্নীতিৰ অভিযোগ বিধায়কৰ

এইবাৰ এই দুৰ্নীতিৰ অভিযোগ উখাপন হৈছে ধেমাজি জিলাৰ জোনাইত ৷ বান সাহাৰ্য বিতৰণৰ নামত নিম্ন মানৰ সামগ্ৰী যোগান ধৰি বৃহৎ ধন হৰলুকি কৰাৰ অভিযোগ বানাক্ৰান্ত ৰাইজৰ ৷

সোমবাৰে জোনাইৰ চমকং হাইস্কুলত প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে বিধায়ক ভূৱন পেগুৱে ৷ বিধায়ক গৰাকীয়ে শিবিৰত উপস্থিত হৈ বানাক্ৰান্তৰ খবৰ লোৱাৰ উপৰিও বানপীড়িত ৰাইজক যোগান ধৰা সাহাৰ্য সামগ্ৰী দেখি হতবাক হয় ৷ কিয়নো ৰাইজক সাহাৰ্যৰ নামত প্ৰদান কৰা হৈছে নিম্ন মানৰ সা-সামগ্ৰী ৷

বানাক্ৰান্তক সাহাৰ্য বিতৰণৰ নামত দুৰ্নীতিৰ অভিযোগ বিধায়কৰ

অভিযোগ অনুসৰি,আশ্ৰয় শিবিৰত প্ৰশাসনে যোগান ধৰা নিম্নমানৰ সৰু তিৰপাল দেখি তদন্তৰ দাবী জনাইছে বিধায়ক গৰাকীয়ে ৷ বানাক্ৰান্তক ৮×২০ ফুটৰ তিৰপাল যোগান ধৰিব লাগে যদিও বানাক্ৰান্তক ৭×৮ ফুটৰ তিৰপাল যোগান ধৰাৰ অভিযোগ বিধায়ক গৰাকীৰ ৷ আনহাতে,চাউল,নিমখ,খোৱাপানী,তেল ম'ম আদি যোগানৰ ক্ষেত্ৰতো দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷

ইফালে,মঙলবাৰে জোনাইৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ জোনাইলৈ আহিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰীৰ ওচৰত জোনাই মহকুমা প্ৰশাসনে বান সাহাৰ্য বিতৰণৰ ক্ষেত্ৰত সংঘটিত হোৱা দুৰ্নীতি সন্দৰ্ভত অভিযোগ দাখিল কৰিব বুলি জানিবলৈ দিয়ে বিধায়ক গৰাকীয়ে ৷

উল্লেখযোগ্য যে,বানাক্ৰান্তক যোগান ধৰা তিৰপাল এজাক বৰষুণতে ফাটি যোৱাৰ অভিযোগ ৷ পশুধনৰ বাবেও এই পৰ্যন্ত কোনো খাদ্য যোগান নধৰাৰ অভিযোগ ৰাইজৰ ৷ জানিব পৰা মতে,খাদ্যৰ নামত অহা কোটি কোটি টকা মহকুমা প্ৰশাসনে যোগনীয়াৰ সৈতে মিলি আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ ৷

লগতে পঢ়ক : আটা,প্লাষ্টিকৰ নে ঘেহুৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.