ETV Bharat / state

আটা,প্লাষ্টিকৰ নে ঘেহুৰ ?

author img

By

Published : Jul 13, 2020, 3:50 PM IST

Updated : Jul 13, 2020, 4:13 PM IST

গোৱালপাৰাত প্লাষ্টিকৰ আটাক লৈ চাঞ্চল্য ৷ দোকানৰ পৰা এগৰাকী মহিলাই আটাখিনি কিনি অনাৰ পিচত পোহৰলৈ আহিছে এই তথ্য ৷ আটাখিনিৰ পৰা দুৰ্গন্ধ ওলোৱা বুলিও অভিযোগকাৰীয়ে উল্লেখ কৰে ৷ যাৰ বাবে বৰ্তমান চিন্তিত হৈ পৰিছে গ্ৰাহক সকল ৷

PLASTIC FLOUR FOUND IN DHUPDHARA
আটা,প্লাষ্টিকৰ নে ঘেহুৰ ?

গোৱালপাৰা,13 জুলাই : গোৱালপাৰাত পুনৰ চৰ্চালৈ আহিছে প্লাষ্টিকৰ আটা ৷ জিলাখনৰ ধূপধৰাৰ কলিতা পাৰাৰ এগৰাকী মহিলাই দোকানৰ পৰা আটা কিনি অনাৰ পিচত পোহৰলৈ আহিছে সমগ্ৰ তথ্য ৷

আটা,প্লাষ্টিকৰ নে ঘেহুৰ ?

জানিব পৰা মতে,মহিলা গৰাকীয়ে দোকানৰ পৰা আটা কিনি অনাৰ পিচতে আটাখিনিত অৱশিষ্ট সামগ্ৰী পোৱাৰ অভিযোগ উখাপন হৈছে ৷ আনকি,আটাৰ সেই অৱশিষ্ট সামগ্ৰীখিনি টানিলে প্লাষ্টিকৰ দৰে বহলি যায় বুলিও তেওঁ উল্লেখ কৰে ৷ জুইত পুৰিলেও পুৰি নোযোৱা আটাৰ অৱশিষ্ট ভাগৰ পৰা অসহ্যকৰ দুৰ্গন্ধ ওলোৱা বুলি অভিযোগকাৰীয়ে উল্লেখ কৰে ৷

যাৰবাবে চিন্তিত হৈ পৰিছে গ্ৰাহক সকল । আটাৰ এই অৱশিষ্ট ভাগ প্লাষ্টিক বুলি দাবী কৰাৰ লগতে ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগক ইয়াৰ উচিত তদন্ত কৰিবলৈ অনুৰোধ জনাইছে ৰাইজে ৷

লগতে পঢ়ক : ভৰা লুইতৰ পৰা উদ্ধাৰ সন্ধানহীন যুৱকৰ মৃতদেহ

Last Updated :Jul 13, 2020, 4:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.