ETV Bharat / state

আসোঁৱাহ নোহোৱাকৈ মথাউৰি নিৰ্মাণৰ দাবীত ৰাজহুৱা সভা

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 2:05 PM IST

গাইনৈৰ নামনিত দুয়োপাৰে পোন আৰু পৰিকল্পিতভাৱে কেৰেকনিত মথাউৰি নিৰ্মাণৰ দাবীত ৰাজহুৱা সভা । তৎকালেই গাইনৈৰ নামনিৰ সোঁফালেও আসোঁৱাহ নোহোৱাকৈ মথাউৰি নিৰ্মাণ নকৰিলে ৰাজপথত গণতান্ত্ৰিক আন্দোলনৰ সকীয়নি ৰাইজৰ(Demand for construction of embankment in Jonai) ।

Public meeting in Jonai demanding construction of Embankment
আসোঁৱাহ নোহোৱাকৈ মথাউৰি নিৰ্মাণৰ দাবীত ৰাজহুৱা সভা

আসোঁৱাহ নোহোৱাকৈ মথাউৰি নিৰ্মাণৰ দাবীত ৰাজহুৱা সভা

জোনাই,২৮ ডিচেম্বৰ : গাইনৈৰ নামনিত মথাউৰি সম্প্ৰসাৰণৰ নামত বেঁকাকৈ আসোৱাহপূৰ্ণ আৰু মাত্ৰ এটা পাৰত মথাউৰি নিৰ্মাণৰ প্ৰস্তুতিত অসন্তুষ্টি প্ৰকাশ নৈপৰীয়া ৰাইজ । দুয়োপাৰে পোন আৰু পৰিকল্পিতভাৱে কেৰেকনিত মথাউৰি নিৰ্মাণৰ দাবীত ৰাজহুৱা সভা অনুষ্ঠিত কৰে নৈপৰীয়া ৰাইজে । ধেমাজিৰ অন্যতম চকুলো স্বৰূপ গাইনৈৰ নামনি অংশত দুয়োপাৰে পৰিকল্পিতভাৱে মথাউৰি নিৰ্মাণ কৰি অঞ্চলটোৰ বান সমস্যা স্থায়ী সমাধান কৰাৰ দাবী চিচি কেৰেকনি নৈপৰীয়া ৰাইজৰ ।

ধেমাজি গোহাঁই গাঁও পঞ্চায়ত, মৰিঢল আৰু চিচিবৰগাঁও গাঁও পঞ্চায়তৰ কেইবাখনো গাঁৱৰ ৰাইজ সমবেত হৈ গাই নৈৰ নামনি অংশত দুয়োপাৰে পৰিকল্পিতভাৱে মথাউৰি নিৰ্মাণ কৰাৰ দাবীত এক ৰাজহুৱা সভা অনুষ্ঠিত হয় । উল্লেখ্য যে গাইনৈৰ নামনি অংশত মথাউৰি নথকা বাবে বিগত চাৰিটা দশক ধৰি প্ৰতি বাৰিষাত গাই নৈৰ ধাৰাবাহিক বানত অঞ্চলটোৰ ৰাইজে দিক বিদিক হেৰুৱাবলগীয়া হৈছে ।

গাইনৈৰ নামনি অংশত মথাউৰি নথকা বাবে প্ৰতি বাৰিষাত গাইনৈৰ বাঢ়নী পানীয়ে যেনি-তেনি গতি কৰা ফলত নামনি অংশত প্ৰতি বছৰে বিস্তাৰ ক্ষতি কৰি আহিছে । স্থানীয় ৰাইজৰ অনুৰোধ, দাবী, আন্দোলনৰ ফলত শেহতীয়াকৈ চৰকাৰে গাইনৈৰ নামনি অংশৰ বাওঁ দিশৰ মথাউৰিটো নিৰ্মাণ কৰিবলৈ প্ৰস্তুতি চলাইছে যদিও মথাউৰিটো বেঁকা কৰি নিৰ্মাণ কৰিবলৈ লোৱা ফলত কিছু বিসংগতি হ'ব বুলি অনুমান কৰা হৈছে ।

বেঁকাকৈ নিৰ্মাণ কৰিলে মথাউৰিটো ভবিষ্যতৰ কাৰণে সুৰক্ষিত নহ'ব বুলি উল্লেখ কৰে ৰাইজে । আনহাতেদি বাওঁ দিশৰ মথাউৰিটো বেঁকাকৈ নিৰ্মাণ হ'লে সোঁদিশৰ মথাউৰিটোও বেঁকা হৈ যাব । ফলত কেৰেকনি অঞ্চলৰ এটা অংশ নৈৰ বুকুত সোমাই পৰিব আৰু বানে অঞ্চলটোলৈ ভাবুকি সৃষ্টি কৰিব । আনহাতে গাইনৈৰ নামনিত বাওঁ দিশৰ মথাউৰিটো সম্প্ৰসাৰণ কৰাৰ বাবে বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বাবে গাইনৈৰ নামনিত সোঁফালে কেৰেকনিৰ লগতে বৰাচিৰা, গোহাঁই গাঁও, বঙালমাৰী আদি অঞ্চললৈ ভাবুকি আহি পৰিব ।

চৰকাৰ-বিভাগৰ এনে বিসংগতিপূৰ্ণ আৰু একপক্ষীয় পদক্ষেপক ক্ষুৰধাৰ সমালোচনা কৰে স্থানীয় ৰাইজে । চৰকাৰৰ এনে হঠকাৰী পদক্ষেপৰ বিপৰীতে সমূহ কেৰেকনি, গোহাঁই গাঁও, বৰাচিৰা, বঙালমাৰী আদি অঞ্চলৰ ৰাইজে তৎকালেই গাইনৈৰ নামনিৰ সোঁফালেও আসোঁৱাহ নোহোৱাকৈ মথাউৰি নিৰ্মাণ নকৰিলে ৰাইজে ৰাজপথলৈ গণতান্ত্ৰিক আন্দোলনত নামিব বুলি সকিয়াই দিয়ে ।

লগতে পঢ়ক: তিনিদিনীয়া ভ্ৰমণসূচীৰে মাজুলীত উপস্থিত RSS প্ৰধান মোহন ৰাও ভাগৱত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.