ETV Bharat / state

5 মাহে বন্ধ এটি অংগনবাড়ী কেন্দ্ৰ

author img

By

Published : Aug 3, 2019, 8:28 PM IST

5 মাহে বন্ধ এটি অংগনবাড়ী কেন্দ্ৰ

শিশুৰ শিক্ষা জীৱনৰ আনুষ্ঠানিকতাৰ ভেটি তথা প্ৰাক্ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে একোটা অংগনবাড়ী কেন্দ্ৰত ৷ কিন্তু আশ্চৰ্যজনকভাৱে বিগত 5 মাহে বন্ধ আছে ধেমাজিৰ 2 নং হাতীপৰা 13 অংগনবাড়ী কেন্দ্ৰটো

ধেমাজি, 4 আগষ্টঃ ধেমাজিত 5 মাহে বন্ধ এটা অংগনবাড়ী কেন্দ্ৰ ৷ কেৱল কাগজে-পত্ৰই চলিছে কেন্দ্ৰটো ৷ শিশুৰ শিক্ষা জীৱনৰ আনুষ্ঠানিকতাৰ প্ৰথম ভেটি তথা প্ৰাক্ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে একোটা অংগনবাড়ী কেন্দ্ৰত ৷ কিন্তু আশ্চৰ্যজনকভাৱে বিগত 5 মাহে বন্ধ আছে ধেমাজিৰ 2 নং হাতীপৰা 13 অংগনবাড়ী কেন্দ্ৰটো ৷ প্ৰায় 15-20 জন ছাত্ৰ-ছাত্ৰী থকা কেন্দ্ৰটোত নাই কৰ্মী তথা সহায়িকা ৷ যাৰ বাবে স্থানীয় বাসিন্দাই কেন্দ্ৰটোৰ সন্মুখভাগত জমা কৰি ৰাখিছে খৰি ৷ আনহাতে, চৰকাৰৰ সমাজ কল্যাণ বিভাগটোৱে প্ৰকৃতাৰ্থত কাৰ কল্যাণৰ হকে কাম কৰিছে সেই ভয়াবহ ছৱি উন্মোচিত কৰিছে ধেমাজিৰ এই কেন্দ্ৰটোৱে ৷

5 মাহে বন্ধ এটি অংগনবাড়ী কেন্দ্ৰ
Intro:ধেমাজিত
৫ মাহে বন্ধ এটা অঙ্গনবাদী কেন্দ্ৰঃ কেৱল কাগজে - পত্ৰই চলি আছে কেন্দ্ৰ ৷Body:ধেমাজিত
৫ মাহে বন্ধ এটা অঙ্গনবাদী কেন্দ্ৰঃ কেৱল কাগজে - পত্ৰই চলি আছে কেন্দ্ৰ ৷

ধেমাজি , ৩ আগষ্ট : শিশুৰ শিক্ষা জীৱনৰ প্ৰথম আনুষ্ঠানিকতা ভেটি তথা প্ৰাক্ প্ৰাথমিক শিক্ষা ৰ গ্ৰহন কৰে একোটা অংগনবাড়ী কেন্দ্ৰত ৷ কিন্তু আশ্চাৰ্যজনক কথা যে চৰকাৰৰ সমাজ কল্যাণ বিভাগটোৱে প্ৰকৃতাৰ্থত কাৰ কল্যা ণৰ হকে কাম কৰিছে ধেমাজিৰ এটা অংগনবাড়ী কেন্দ্ৰই উন্মোচিত কৰি সেই ভয়াবহ ছৱিখন ৷ হয়
ধেমাজিৰ ২ নং হাতীপৰা ১৩ অংগনবাড়ী কেন্দ্ৰটো পাচ মাহেই বন্ধ অৱস্থাত আছে ৷ পিচে কেন্দ্ৰৰ কমী’ আৰু সহায়িকাৰ জ্ঞানৰ নমুনা চাওক ৷ কেন্দ্ৰটোৰ ফলকখনত লেখা আছে " অংগবাদী "কেন্দ্ৰ ৷ হয় ৷ চৰকাৰে কন কন শিশুসকলৰ প্ৰাৰম্ভিক শিক্ষা দিয়াৰ বাবে খৰচ কৰি আহিচে কোটি কোটি টকা। কিন্ত য’ৰপৰা শিশুসকলৰ শিক্ষা আৰম্ভ হব, সেই অঙ্গনবাদী কেন্দ্ৰ ফলকখনৰ পৰা পৰা বুজা যায় শিশুসকলক লৈ টকা আৰ্জি থকা অঙ্গনবাদী কেন্দ্ৰৰ কৰ্মী, সহায়িকাসকল কিমান সচেতন।

স্থানীয় ৰাইজৰ মতে প্ৰায় ১৫-২০ জন ছাত্ৰ-ছাত্ৰী আছে অঙ্গনবাদী কেন্দ্ৰটোত।কিন্তু বিগত প্ৰায়৫ মাহ দিন এই অঙ্গনবাদী কেন্দ্ৰটো বন্ধ হৈ আছে। কেন্দ্ৰটোৰ কৰ্মী আৰু সহায়িকাই দেখা দিবলৈ এৰিলে কেন্দ্ৰটোত। মন গলে কেতিয়াবা আহে কেন্দ্ৰটোলৈ, সন্মুখভাগ এতিয়া স্থানীয় লোকে খৰি জমা কৰা ঠাই হিচাপে ব্যৱহাৰ কৰে। কেন্দ্ৰৰ ভিতৰখনো খালী।
Byte…Public
Byte…Public


Conclusion:
এতিয়া প্ৰশ্ন হয়-কত বিভাগীয় বিষয়া। চুপাৰভাইজাৰ-কৰ্মী-সহায়িকা মিলি প্ৰকৃততে কাৰ কল্যান সাধন কৰি আহিছে ৷ এই অৰাজকতা কিমানদিনলৈ ?


Pradunya Bharali , Dhemaji , Assam , 3/8/2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.