ETV Bharat / state

জোনাইত পথ দুৰ্ঘটনা: নিহত এজন, গুৰুতৰভাৱে আহত দুজন

author img

By

Published : Jun 27, 2022, 10:52 PM IST

one-dead-and-two-injured-in-road-accident-in-jonai
জোনাইত পথ দুৰ্ঘটনা: নিহত এজন, গুৰুতৰভাৱে আহত দুজন

সোমবাৰে চিলাপথাৰত সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোৰ ফলত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন দুজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় (Road accident in Jonai)৷

জোনাই, ২৭ জুন: চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত জলকীয়াসুতিস্থিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সোমবাৰে দিনৰ প্ৰায় ২ মান বজাত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় (Road accident in Jonai)৷

জোনাইত পথ দুৰ্ঘটনা: নিহত এজন, গুৰুতৰভাৱে আহত দুজন

জানিব পৰা মতে জোনাইৰ পৰা ঢকুৱাখনা অভিমুখে আহি থকা AR- 01L -5893 নম্বৰযুক্ত চেন্ট্ৰ’ বাহনখনে গতিবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰি এজোপা প্ৰকাণ্ড গছত খুন্দা মাৰে ৷ ফলত বাহনখনত থকা দীনকান্ত পেগু(৫০) নামৰ লোকজনৰ থিতাতে মৃত্যু ৷ আন দুজন লোক ক্ৰমে প্ৰেমধৰ পেগু আৰু যুগল পেগু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

মুৰ আৰু শৰীৰৰ বিভিন্ন অংশত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোক দুজনক চিলাপথাৰ মডেল হাস্পতাললৈ(Silapathar model hospital) প্ৰেৰণ কৰা হয় ৷ এই পৰ্যন্ত লোককেইজনৰ ঠিকনা জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক: অগ্নিপথ বাতিলৰ দাবী: হোজাইত কংগ্ৰেছৰ সত্যাগ্ৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.