ETV Bharat / state

জোনাইৰ পৰা নিৰুদ্দেশ মাতৃসহ এটি শিশু

author img

By

Published : Sep 8, 2022, 7:26 PM IST

জোনাইৰ পৰা নিৰুদ্দেশ মাতৃসহ এটি শিশু
জোনাইৰ পৰা নিৰুদ্দেশ মাতৃসহ এটি শিশু

ৰাজ্যত আকৌ নিৰুদ্দেশৰ ঘটন ৷ এইবাৰ জোনাইৰ পৰা নিৰুদ্দেশ হৈছে এগৰাকী মহিলাসহ এটি শিশু (Mother and son missing from Jonai) ৷ নিৰুদ্দেশ হৈ থকা মহিলাগৰাকীৰ নাম অলকা সোমণোৱাল ৷ বিগত 4 ছেপ্টেম্বৰৰ পৰাই নিৰুদ্দেশ হৈ আছে অলকা আৰু তেওঁৰ পুত্ৰ ৷

ধেমাজি, 8 ছেপ্টেম্বৰ : ধেমাজি জিলাৰ জোনাইত অঘটন ৷ জোনাইৰ পৰা নিৰুদ্দেশ হৈছে এগৰাকী মহিলাসহ এটি শিশু (Mother and son missing from Jonai)৷ পৰিয়ালৰ লোকে সদৰি কৰা অনুসৰি, বিগত 4 ছেপ্টেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে দুয়ো ৷ জোনাইৰ জয়মাগুৰীৰ কৃষ্ণ সোণোৱালৰ পত্নী অলকা সোণোৱাল আৰু তেওঁৰ 8 বছৰীয়া পুত্ৰ সন্তান ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে কৃষ্ণ সোণোৱালে ৷

কৃষ্ণ সোণোৱালে উল্লেখ কৰা অনুসৰি, বিগত 4 ছেপ্টেম্বৰৰ দিনা অৰুণাচলত শ্ৰমিক হিচাপে কৰ্মৰত কৃষ্ণ সোণোৱাল নাছিল ঘৰত ৷ কৃষ্ণ সোণোৱাল ঘৰত কোনো নথকাৰ সুযোগ লৈ তেওঁৰ পত্নী অলকা সোণোৱালে পুত্ৰক লগত লৈ ঘৰৰ পৰা ওলাই যায় ৷ পত্নী-পুত্ৰৰ অনুপস্থিতিৰ ফলত এতিয়া শোকত ভাগি পৰিছে কৃষ্ণ সোণোৱাল ৷

জোনাইৰ পৰা নিৰুদ্দেশ মাতৃসহ এটি শিশু

ইফালে এই ঘটনা সন্দৰ্ভত কৃষ্ণ সোণোৱালে জোনাই আৰক্ষী থানাত দাখিল কৰিছে এক এজাহাৰ (Krishna Sonowal lodged an FIR at Jonai police station)৷

লগতে পঢ়ক : অন্ধ্ৰপ্ৰদেশলৈ যোৱা কৰিমগঞ্জৰ ব্যক্তিক হত্যা ! এজন নিৰুদ্দেশ

আনহাতে, কৃষ্ণ সোণোৱালক কোনো লোকে অৱগত কৰা অনুসৰি তেওঁৰ পত্নীয়ে পুত্ৰক লগত হয়তু স্ব-ইচ্ছাৰে ঘৰ এৰি গুচি গৈছে ৷ কিয়নো এজন অচিনাকী লোকৰ সৈতে তেওঁৰ পত্নী আৰু পুত্ৰক প্ৰত্যক্ষ কৰিছিল তেওঁলোকৰ গাঁৱৰ এজন লোকে ৷ কিন্তু এই কথা বিশ্বাসত ল’ব পৰা নাই কৃষ্ণই ৷

স্ব-ইচ্ছাৰে ঘৰৰ পৰা ওলাই গ’লেও কৃষ্ণ সোণোৱালৰ পত্নীলৈ আহ্বান- পুনৰ যেন ঘৰলৈ ঘূৰি আহক তেওঁলোক ৷ নহ’লে তেওঁৰ পুত্ৰ সন্তানটিক উভতাই দিয়ক ৷ কাৰণ পুত্ৰৰ অভিহনে জীয়াই থকাতো বৰ কষ্টকৰ হৈ পৰিছে কৃষ্ণ সোণোৱালৰ বাবে ৷ সংবাদ মাধ্যমৰ জৰিয়তে এই কথা সদৰী কৰিছে কৃষ্ণ সোণোৱালে ৷

ইফালে কোনো সদাশয় ব্যক্তিয়ে অলকা সোণোৱালৰ সম্ভেদ পায়, তেন্তে 7099348189 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে কৃষ্ণ সোণোৱালে ৷

লগতে পঢ়ক : টিংখাঙত একেখন গাঁৱৰে তিনি যুৱতী নিৰুদ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.