ETV Bharat / state

সীমা সমস্যাঃ অসম-অৰুণাচলৰ প্ৰতিনিধিৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আলোচনা

author img

By

Published : Sep 4, 2022, 8:04 PM IST

অসম-অৰুণাচল সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত লোৱা হৈছে ইতিবাচক পদক্ষেপ ৷ দুয়োখন চুবুৰীয়া ৰাজ্যৰ প্ৰতিনিধিৰে দেওবাৰে বৈঠকত মিলিত হ’ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা (Jayanta Mall Baruah at Assam Arunachal Border)৷ দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী ৰাইজৰ মতামত গ্ৰহণ কৰি ৰাইজে বিচৰাধৰণেৰে সমস্যা সমাধানৰ পথ লোৱা অংগীকাৰ দুয়ো ৰাজ্যৰ নেতৃত্বৰ ৷

Jayanta Mall Baruah at Assam Arunachal Border
অসম-অৰুণাচলৰ প্ৰতিনিধিৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আলোচনা

জোনাই, ৪ ছেপ্টেম্বৰ: দশক দশক ধৰি অব্যাহত থকা অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদৰ সমস্যা সমাধানৰ বাবে দুয়োখন চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাবে কিছুদিন ধৰি অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, বিধায়ক, জিলা প্ৰশাসনে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে । দেওবাৰে ধেমাজিৰ অসম-অৰুণাচল সীমান্তৱৰ্তী(Assam Arunachal Border in Dhemaji) ডিমৌ, দিপা অঞ্চল পৰিদৰ্শন কৰি চৰজমিন তদন্ত কৰে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Jayanta Malla Baruah at Assam Arunachal Border)৷

অসম-অৰুণাচলৰ প্ৰতিনিধিৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আলোচনা

মন্ত্ৰীগৰাকীক সীমা পৰিদৰ্শন কালত সংগ দিয়ে ধেমাজি জিলাৰ উপায়ুক্ত অসীম ভট্টাচাৰ্য, ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা, ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত(ৰাজহ) উৎপল দলে, যাদৱ পেগু, ধেমাজি সংমণ্ডলৰ বন প্ৰাধিকাৰী ৰোহিণী দাস, অৰুণাচল প্ৰদেশ চৰকাৰৰ উদ্যোগ মন্ত্ৰী নমকে বাগ্ৰা, অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাৰ উপায়ুক্ত মাৰ্তু ৰিবাই । অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ডিমৌৰ ডিমৌ পালে গাঁৱত এখন ৰাজহুৱা সভাত উপস্থিত থাকি অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰ-প্ৰশাসনৰ প্ৰতিনিধি দলটোৱে ৰাইজৰ মতামত গ্ৰহণ কৰে ।

ৰাজহুৱা সভাত অসমৰ ডিমৌৰ অঞ্চলৰ হৈ টিএমপিকে, আগছু, আছুৰ ডিমৌ আঞ্চলিক সমিতিয়ে ডিমৌৰ অঞ্চলৰ নতুন সীমান্ত, ডিমৌ পালে আদি পথাৰ, দিপা ন-নাৰী পথাৰ গাওঁসমূহৰ ভূমি কোনোপধ্যে অৰুণাচলক এৰি নিদিয়াৰ দাবীৰে জোনাইৰ বিধায়কৰ জৰিয়তে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক এখন আবেদন প্ৰদান কৰে । আনহাতে অৰুণাচল প্ৰদেশৰ ডিমৌৰ পালে গাঁৱৰ ৰাইজৰ হৈ এখন আবেদনো মন্ত্ৰীগৰাকীক প্ৰদান কৰে ।

ৰাইজৰ মতামত আৰু আবেদন গ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে দীৰ্ঘদিনীয়া অসম-অৰুণাচল সীমা সমস্যাৰ(Assam Arunachal border conflict) ওৰ পেলাবলৈ দুয়োখন চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে ৷ দুয়োখন ৰাজ্যৰ স্থানীয় ৰাইজৰ মতামত তথা সহযোগত এই বহুদিনীয়া সমস্যাৰ সমাধান সম্ভৱ কৰিবলৈ চিন্তা কৰা হৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ আন্তঃৰাজ্যিক সীমা নিৰ্ধাৰণ কৰাটো কেন্দ্ৰীয় চৰকাৰৰহে বিষয় বুলি মন্তব্য কৰি তেওঁ কয় যে দুয়োখন ৰাজ্যৰ পৰামৰ্শসমূহ কেন্দ্ৰীয় চৰকাৰক অৱগত কৰোৱাব ব্যৱস্থা কৰা হ’ব ।

স্থানীয় ৰাইজে শান্তি কামনা কৰাৰ লগতে আৰু সমিলমিলৰ মাজৰে সীমা সমস্যাৰ সমাধান হোৱাটো বিচাৰিলে সোনকালে এই সীমা বিবাদৰ এটা স্থায়ী সমাধান ওলাব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । দেওবাৰৰ কাৰ্যসূচীত মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী, সাধাৰণ সদস্য প্ৰতাপ টায়ে, ববীকান্ত পেগু, ৰাতিৰাম বসুমতাৰী, চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন দলেৰ লগতে বহুসংখ্যক নেতৃস্থানীয় ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ শেষ নিশ্বাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.