ETV Bharat / state

ধেমাজিত MGNREGA-PMAY আৱাস গৃহৰ নামত কোটি কোটি টকা হৰলুকি: আটাছু

author img

By

Published : Sep 10, 2022, 10:18 AM IST

ধেমাজিত MGNREGA আৰু PMAY আৱাস গৃহৰ নামত ভয়ংকৰ কেলেংকাৰী(MGNREGA and PMAY scam in Dhemaji) ৷ ধেমাজি জিলাৰ পাচঁটা পঞ্চায়ত ক্ৰমে ধেমাজি , চিচিবৰগাওঁ ,বৰদলনি ,মাছখোৱা আৰু মূৰ্কংচেলেক ব্লকত ব্যাপক দুৰ্নীতিৰ অভিযোগ আটাছুৰ ৷ এই সন্দৰ্ভত সংগঠনটোয়ে শুকুৰবাৰে আহ্বান কৰে এখন সংবাদমেলৰ(ATASU press meet) ৷

ATASU press meet on MGNREGA & PMAY
ধেমাজিত MGNREGA আৰু PMAY আৱাস গৃহৰ নামত কোটি কোটি টকা হৰলুকি: সৰৱ আটাছু

ধেমাজি,10 ছেপ্টেম্বৰ: ধেমাজিত এমজিএনৰেগা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত চলি থকা কেলেংকাৰী সন্দৰ্ভত ধেমাজিত আটাছুৰ সংবাদমেল(ATASU press meet on MGNREGA) ৷ PMAY-G হিতাধিকাৰী বিৰুদ্ধে পৃথকে পৃথকে আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছে উন্নয়ন খণ্ডৰ বিষয়াই ৷ শুকুৰবাৰে ধেমাজি প্ৰেছ ক্লাৱত আটাছুয়ে অনুষ্ঠিত কৰা সংবাদমেলত এনে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মনোজ গগৈয়ে ৷ আটাছুৰ সঞ্জীৱ তামুলী নামৰ এগৰাকী লোকে তথ্য জনা অধিকাৰ আইনৰ সহায়ত এই সমস্ত কেলেংকাৰী তথ্য পোহৰলৈ আনে ৷

অভিযোগ মতে চিচিবৰগাঁও উন্নয়ন খণ্ডত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী প্ৰশান্ত কোৱঁৰ ,উন্নয়ন খণ্ডৰ বিষয়া বৰ্ণালী গগৈ আৰু সহযোগী মানস কোঁৱৰৰ ছত্ৰছায়াত সংঘটিত হৈছে বিয়োগোম কেলেংকাৰী ৷ চিচিবৰগাঁৱত PMAYৰ 60 টা আৱাস গৃহ ,ধেমাজিত ৭৮ টা ,বৰদলনি উন্নয়ন খণ্ডত ৪৫টা আৰু মূৰ্কংচেলেক উন্নয়ন খণ্ডত ৪৮ ঘৰ হিতাধিকাৰীৰ বিৰুদ্ধে সংশ্লিষ্ট বিভাগে গোচৰ ৰুজু কৰিছে ৷ একেদৰে জোনাই উন্নয়ন খণ্ডত MGNRGA আচঁনিৰ কোনো সামগ্ৰী নেপেলোৱাকৈয়ে সামগ্ৰীৰ পেলোৱাৰ নামত ১৩ কোটি আৰু চিচিবৰগাঁৱত ৯ কোটি লুণ্ঠন কৰাৰ গুৰুতৰ অভিযোগ তুলিছে আটাছুয়ে ৷

ধেমাজি উন্নয়ন খণ্ডৰ অধীনত PMAY-G গৃহৰ নামত অনিয়ম কৰা বিষ্ণুপুৰ পঞ্চায়তৰ সভাপতি আৰু সচিবৰ বিৰুদ্ধে ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আটাছুৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক পংকজ বৰগোহাঁইয়ে ৷ ইপিনে চিচিবৰগাঁও উন্নয়ন খণ্ডত কাৰ্যালয়ৰ ব্যয়ৰ বাবে অহা ধনৰাশিৰ ভেণ্ডৰ একাউণ্টত সোমাব লাগে যদিও ইয়াৰ বিপৰীতে খণ্ড উন্নয়ন বিষয়াৰ ব্যক্তিগত গাড়ী চালকৰ একাউণ্ট সোমায় বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে আটাছুয়ে ৷

আৰ টি আই কৰ্মী সঞ্জীৱ তামুলীয়ে নিৰীক্ষণ সঞ্চালকালয় আৰু দুৰ্নীতি বিৰোধী বিভাগৰ আৰক্ষী অধীক্ষকক ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চলি থকা দুৰ্নীতিৰ বিষয়ে জনায় লিখিত অভিযোগ দাখিল কৰে (Vigilance and anti corruption)৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত লুণ্ঠন চলাই থকা দুৰ্নীতিগ্ৰস্থ বিষয়া,কৰ্মচাৰী আৰু পঞ্চায়তৰ সভাপতি-সচিবৰ বিৰুদ্ধে চৰকাৰে আজি পৰ্যন্ত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই বুলি চৰকাৰী স্থিতিক সমালোচনা কৰে সংগঠনটোৱে ৷

দুৰ্নীতিগ্ৰস্থ বিষয়া,কৰ্মচাৰীসকলক শীঘ্ৰে তদন্তৰ আওতালৈ আনি গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে আটাছুৱে ৷ সমগ্ৰ বিষয়টো সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান আৰু ধেমাজি আৰক্ষীৰ হস্তক্ষেপ বিচাৰিছে আটাছুৱে(Assam CM Himanta Biswa Sarma) ৷অন্যথা গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে আটাছুয়ে ৷

লগতে পঢ়ক: হায়দৰাবাদত অসমৰ মুখ্যমন্ত্ৰী উপস্থিত থকা সভাত অথন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.