ETV Bharat / state

জোনাই আৰক্ষীৰ অভিযানত জব্দ ৭১.৮৮ গ্ৰাম ব্ৰাউন চুগাৰ

author img

By

Published : May 30, 2021, 10:35 AM IST

জোনাই আৰক্ষীৰ অভিযানত জব্দ ৭১.৮৮ গ্ৰাম ব্ৰাউন ছুগাৰ
জোনাই আৰক্ষীৰ অভিযানত জব্দ ৭১.৮৮ গ্ৰাম ব্ৰাউন ছুগাৰ

জোনাইত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ লাইমেকুৰীত ড্ৰাগছ ভৰ্তি ৫ টা কণ্টেইনাৰ আৰু ৭১.৮৮ গ্ৰাম ড্ৰাগছ জব্দ কৰে জোনাই মহকুমা আৰক্ষীয়ে ৷ ড্ৰাগছ সৰবৰাহৰ লগত জড়িত এজন ড্ৰাগছ ব্যৱসায়ী আৰু দুজন আসক্তক আটক কৰিছে আৰক্ষীয়ে ৷

জোনাই,30 মে': অসম-অৰুণাচল সীমান্তৱৰ্তী জোনাই মহকুমাৰ লাইমেকুৰীত শনিবাৰে এক গোপন সূত্ৰৰ পম খেদি জোনাই মহকুমা আৰক্ষী আৰু মিচিং ছাত্ৰ সংগঠন টিএমপিকেৰ এক অভিযানত জোনাইৰ লাইমেকুৰী টাক' গিটুং গাঁৱত এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে । আটকাধীন যুৱকজনৰ পৰা বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰে আৰক্ষীয়ে ।

আটকাধীন যুৱকজন ১ নং মাজুলীপুৰৰ নিৰানন্দ পেগুৰ পুত্ৰ প্ৰভাকৰ পেগু(৩০) বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে আটকাধীন যুৱকজনৰ পৰা জব্দ কৰে ড্ৰাগছ ভৰ্তি পাঁচটা কণ্টেইনাৰ আৰু এটা ম’বাইল ।

জোনাই আৰক্ষীৰ অভিযানত জব্দ ৭১.৮৮ গ্ৰাম ব্ৰাউন ছুগাৰ
জোনাই আৰক্ষীৰ অভিযানত জব্দ ৭১.৮৮ গ্ৰাম ব্ৰাউন চুগাৰ

ইপিনে জোনাইৰ বান্দানাতো আন দুজন ড্ৰাগছ আসক্ত কিশোৰক আটক কৰে ৷ আটক হোৱা দুজন ব্যক্তি ক্ৰমে ডেকাপাম তিনিআলিৰ পুতুল চিন্তেৰ পুত্ৰ আজয় চিন্তে আৰু গনুদ গয়াৰীৰ পুত্ৰ কবিন গয়াৰী বুলি জানিব পৰা গৈছে ৷ কিশোৰ দুজনে ড্ৰাগছ সেৱন কৰাৰ লগতে শনিবাৰে ড্ৰাগছ কিনিবলৈ অহা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে ৷

দীৰ্ঘদিন ধৰি এই অঞ্চলটোৰ পৰা জোনাইৰ বিভিন্ন গাঁৱত ৰমৰমীয়াকৈ চলাই গৈছিল নৱ প্ৰজন্মক ধ্বংসৰ পিনে ঠেলি দিয়া মাৰাত্মক বৰবিহস্বৰূপ ড্ৰাগছৰ ব্যৱসায় । উল্লেখ্য যে, জোনাই মহকুমা আৰক্ষী বিষয়া ঋতুৰাজ দলে, জোনাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰসন্ন সোণোৱালৰ নেতৃত্বত আৰু মিচিং ছাত্র সংগঠন টিএমপিকেৰ সহযোগত জোনাইত ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনক ধৰিবলৈ সক্ষম হয় ৷

জোনাইত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

আৰক্ষীৰ এই অভিযানত জব্দ হোৱা ড্ৰাগছৰ পৰিমাণ ৭১.৮৮ গ্ৰাম ৷ জোনাইত বিগত কিছু মাহ ধৰি জোনাই আৰক্ষীয়ে মহকুমাটোৰ বিভিন্ন স্থানৰ পৰা কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে । জোনাই আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী আৰু সেৱনকাৰীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: নলবাৰীত বিজেপিৰ কিষাণ মৰ্চাৰ ৰক্তদান শিবিৰ অনুষ্ঠিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.