ETV Bharat / state

Self Reliant With Nursery: নাৰ্ছাৰী ব্যৱসায়েৰে স্বাৱলম্বী জোনাইৰ এগৰাকী শিক্ষিত যুৱক

author img

By

Published : Dec 29, 2022, 1:20 PM IST

Jonai
কৃষিকৰ্মৰে স্বনিয়োজনৰ নিদৰ্শন দাঙি ধৰিছে জোনাইৰ এগৰাকী যুৱকে

শিক্ষিত নিবনুৱাৰ বাবে এগৰাকী আদৰ্শ যুৱক । কৃষিকৰ্মৰে স্বনিয়োজনৰ নিদৰ্শন দাঙি ধৰিছে এইগৰাকী যুৱকে । ফুল আৰু ফলৰ লগতে ঔষধি গছৰ নাৰ্ছাৰী খুলি নিজকে স্বাৱলম্বী কৰি তুলিছে জোনাইৰ উদয়পুৰৰ হেমন্ত কুমাৰ সোণোৱালে (Jonai youth self reliant with nursery) ।

কৃষিকৰ্মৰে স্বনিয়োজনৰ নিদৰ্শন দাঙি ধৰিছে জোনাইৰ এগৰাকী যুৱকে

জোনাই, ২৯ ডিচেম্বৰ : যিসময়ত ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলে এটা চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাবলগা হৈছে, তেনে সময়তে এজন শিক্ষিত অসমীয়া যুৱকে ফুলৰ খেতিৰে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে (self reliant with flower plantation) । জোনাইৰ এগৰাকী শিক্ষিত যুৱকে বিভিন্ন ধৰণৰ ফুল আৰু ফলৰ লগতে ঔষধি গছৰ নাৰ্ছাৰী খুলি নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে নিবনুৱাসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে (Jonai youth self reliant with nursery) ৷

এইগৰাকী আদৰ্শৱান যুৱক হৈছে জোনাইৰ উদয়পুৰৰ হেমন্ত কুমাৰ সোণোৱাল । ১৯৯৩ চনতে নিজৰ ঘৰৰ প্ৰাংগণত পৰি থকা এডোখৰ মাটিত শাক-পাচলিৰ লগতে সৰুকৈ এখন ফুলৰ বাগান কৰি বাগানখন চাবলৈ অহা লোকক ফটো উঠাই সৰুকৈ ব্যৱসায় আৰম্ভ কৰে হেমন্ত কুমাৰ সোণোৱালে (Jonai youth success with flower and fruits nursery) ৷

পৰৱৰ্তী সময়ত হেমন্ত কুমাৰ সোণোৱালে উক্ত সৰু ফুলৰ বাগান আৰু ষ্টুডিঅ'টো এৰি জোনাইৰ অসম-অৰুণাচল সীমান্তৰ আবৰ লেকুত প্ৰায় ৫-৬ বিঘা ভূমি লীজত লৈ আৰম্ভ কৰে বিভিন্ন ধৰণৰ ফুল আৰু ফলৰ লগতে ঔষধি গছৰ খেতিৰে 'নন্দন কানন' নামেৰে এখন নাৰ্ছাৰী ৷ উক্ত নাৰ্ছাৰীৰে যুৱকজনে মাহেকত লাখ টকা উপাৰ্জনেৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে নাৰ্ছাৰীখনত বিছজনতকৈও অধিক কৰ্মচাৰীক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে (self reliant with nursery business) ৷

বৰ্তমান বতৰীয়া আৰু আবতৰীয়া বিভিন্ন ফুল-ফলৰ গছ আৰু বিভিন্ন ঔষধি গছেৰে জাতিস্কাৰ হৈ পৰিছে হেমন্ত কুমাৰ সোণোৱালৰ নন্দন কানন বাগান ৷ হেমন্ত কুমাৰ সোণোৱালৰ নন্দন কানন বাগানত পোৱা যায় দেশী-বিদশী ফুলৰ লগতে বিভিন্ন ধৰণৰ গছ, ফল-মূলৰ পুলিৰ লগতে বিভিন্ন ঔষধি গছো ৷ নন্দন কানন নাৰ্ছাৰীৰ পৰা ফল-ফুল আৰু গছপুলি ক্ৰয় কৰিবলৈ আহে অসমৰ বিভিন্ন ঠাইৰ লগতে অৰুণাচলৰ পাচিঘাট, আলঅ', ইটানগৰ, ৰয়িং আদি বিভিন্ন ঠাইৰ লোক ৷

মেৰীগ'লড্, পিটুনিয়া ডাইন, ঠাৰ্চ, চন্দ্ৰ মল্লিকা, ডালিয়াকে ধৰি প্ৰায় ৫০-ৰো অধিক প্ৰজাতিৰ বতৰত ফুলা ফুলে যিকোনো সময়তে ফুলি সৌন্দৰ্য বৃদ্ধি কৰে হেমন্ত কুমাৰ সোণোৱালৰ নন্দন কানন নামৰ নাৰ্ছাৰীখন । হেমন্ত কুমাৰ সোণোৱালে নৱপ্ৰজন্মক খেতি কৰি স্বাৱলম্বী হ’বলৈ আগ্ৰহী কৰি তোলা এনে কৃষি বৃত্তিৰ পদক্ষেপক শলাগ লৈছে জোনাইবাসী ৰাইজে ৷ নিশ্চিতভাৱে জোনাইৰ এইগৰাকী শিক্ষিত যুৱকৰ এই পদক্ষেপ বৰ্তমান সংস্থাপনৰ বাট বিচাৰি ফুৰা যুৱচামৰ বাবে এক আদৰ্শ আৰু পথ প্ৰদৰ্শক স্বৰূপ ।

লগতে পঢ়ক :Deer Died on Road Accident : ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ খুন্দাত নিহত পহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.