ETV Bharat / state

গণ প্ৰহাৰত নিহত গোলাপ বৰুৱাৰ পৰিয়ালৰ লোক জোনাইত উপস্থিত

author img

By

Published : Sep 1, 2022, 1:57 PM IST

চৰ্চাৰ তুংগত এতিয়া জোনাই গণহত্যা কাণ্ডই (Jonai Mob lynching) ৷ মৃত গোলাপ বৰুৱাৰ পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত ৷ হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত লোকসকলৰ বিৰূদ্ধে এজাহাৰ দাখিল পৰিয়ালৰ লোকৰ ৷

Jonai Mob lynching Man killed
গণ প্ৰহাৰত নিহত গোলাপ বৰুৱাৰ পৰিয়ালৰ লোক উপস্থিত

জোনাই, 1 চেপ্টেম্বৰ: সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে জোনাই গণহত্যা কাণ্ডই (Jonai Mob lynching) ৷ ইতিমধ্যে চিনাক্ত হৈছে গণ প্ৰহাৰত মৃত্যু হোৱা লোকজন ৷ মৃত লোকজন ধেমাজিৰ গোগামুখৰ চেতিয়া গাঁৱৰ গোলাপ বৰুৱা (32) ৷ বৃহস্পতিবাৰে পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত গোলাপ বৰুৱা প্ৰায় পোন্ধৰ বছৰ পূৰ্বৰ পৰাই মানসিক ৰোগত আক্ৰান্ত এগৰাকী ব্যক্তি আছিল বুলি জনায় (Man killed in Jonai mob lynching identified) ৷

লগতে বুধবাৰে পুৱা পৰিয়ালৰ কোনো লোক নথকাৰ অৱস্থাত গোলাপ বৰুৱাই ঘৰৰ পৰা ওলায় যায় বুলিও মন্তব্য কৰে পৰিয়ালৰ লোকে ৷ মাজে সময়ে ঘৰৰ পৰা এনেদৰে গোলাপ বৰুৱা ওলাই যায় যদিও বুধবাৰে নিশা জোনাইত এই ঘটনা সংঘটিত হোৱাত চকুলো টুকিছে পৰিয়ালৰ লোকে ৷ ইফালে জোনাই আৰক্ষী থানাত পৰিয়ালৰ লোক উপস্থিত হৈ এই হত্যাকাণ্ডত জড়িত লোকসকলৰ বিৰূদ্ধে এখন এজাহাৰ দাখিল কৰাৰ উপৰিও ঘটনাত জড়িত সকলো লোকক উচিত শাস্তি দাবী কৰে ৷

গণ প্ৰহাৰত নিহত গোলাপ বৰুৱাৰ পৰিয়ালৰ লোক উপস্থিত

ইতিমধ্যে এই অমানৱীয় ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত নিশাই দুজন লোকক সোধা-পোচাৰ বাবে আটক কৰে আৰক্ষীয়ে (Two arrested in Jonai Mob lynching) ৷ আটকাধীন লোকদুজন ৰনোজ টায়ে ৰামধন ধিকাৰী আৰু কামজাম টায়ে বৈকুন্ঠপুৰৰ বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, এটি কেঁচুৱাক মাকৰ কোলাৰ পৰা কাঢ়ি নিয়াৰ অভিযোগ তুলি গাঁওবাসীয়ে প্ৰহাৰ কৰি কৰিছিল হত্যা (Child kidnaping allegation at Jonai)

লগতে পঢ়ক: জোনাই গণহত্যা কাণ্ডৰ লগত জড়িত দুজনক সোধা-পোচৰ বাবে আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.