ETV Bharat / state

৪০১ সংখ্যক লাচিত দিৱসৰ বিশাল আয়োজন

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 2:06 PM IST

চিলাপথাৰত অসম চৰকাৰৰ উদ্যোগত ৪০১সংখ্যক লাচিত দিৱসৰ বিশাল আয়োজনৰ সম্পৰ্কত সংবাদমেল সম্বোধন ৷

Lachit_divash
লাচিত দিৱসৰ আয়োজন

লাচিত দিৱসৰ আয়োজন

ধেমাজি, ২০ নৱেম্বৰ : ৰাজ্যিক পৰ্যায়ৰ পৰামর্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যাণ অসম চৰকাৰৰ উদ্যোগত তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগ,কলা নিকেতন আৰু বৃহত্তৰ চিলাপথাৰ অঞ্চলৰ বিভিন্ন সংগঠনৰ সহযোগত ধেমাজি জিলাৰ, চিলাপথাৰৰ মাদুৰিপথাৰ লাচিত সমন্বয় ক্ষেত্ৰত দুদিনীয়াকৈ ৪০১ সংখ্যক লাচিত দিবস উদ্‌যাপন কৰিবলৈ আয়োজন কৰা হৈছে ৷ অসমীয়াৰ স্বাভিমানৰ প্ৰতীক মহাবীৰ লাচিতক সোঁৱৰণৰ লগতে পৰম্পৰাগত খেল-ধেমালি প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ’ব ।

কলা নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি আয়োজন কৰা লাচিত দিৱসৰ বিশাল প্ৰস্তুতি সম্পর্কত চিলাপথাৰৰ মাদুৰি পথাৰস্থিত মূল মণ্ডপথলীত মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি অসম চৰকাৰৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে কয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এচ এল এ চিয়ে যুৱ প্ৰজন্মৰ মাজত স্ব-নিৰ্ভৰশীলতাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰাত মনোনিৱেশ কৰি যুৱ সমাজক শক্তিশালীৰূপে গঢ় দিয়াৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে ৷ ইয়াৰ সমান্তৰালকৈ জাতীয় বীৰ-বীৰাঙ্গনাসকলৰ দেশপ্ৰেম আৰু আত্মত্যাগৰ আদৰ্শৰে উজ্জীৱিত কৰি যুৱ সমাজক আগুৱাই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । ইয়াৰ অংশ হিচাপে এইবাৰ ধেমাজি জিলাৰ চিলাপথাৰৰ মাদুৰি পথাৰত ৪০১ সংখ্যক বীৰ লাচিত দিৱস উদ্‌যাপনৰ দিহা কৰা হৈছে ।

তদুপলক্ষে সাংসদ প্ৰদান বৰুৱাক সভাপতি, বিধায়ক ভূৱন পেগুক কাৰ্যকৰী সভাপতি আৰু মণিকাঞ্চন বুঢ়াগোঁহাইক সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদ্‌যাপন সমিতি গঠন কৰা হৈছে । কার্যসূচী অনুসৰি হাফ মাৰাথন প্ৰতিযোগিতা উদ্বোধন কৰি লাচিত দিৱসৰ শুভাৰম্ভণি কৰিব মন্ত্ৰী নন্দিতা গাৰ্লোছাই ৷ কলা নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি অন্যান্য কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পিচত স্থানীয় ব্যক্তিসকলে গছপুলি ৰোপণ কৰিব । পুৱা ৮ বজাত জাতীয় বীৰ লাচিত দিৱসৰ মাংগলিক অনুষ্ঠানৰ প্ৰথম পৰ্ব অনুষ্ঠিত কৰাৰ পিচত ১১.৩০ বজাত অস্থায়ী প্ৰদর্শনী গৃহ উদ্বোধন কৰিব ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভৰালীয়ে । দুপৰীয়া ১২ বজাত পৰম্পৰাগত ৰচী টনা, হাঁহ ধৰা, টেকেলী ভঙা, চামুচত কপী লৈ দৌৰা, পুৰুষৰ তেল খুঁটাত বগোৱা আদি প্ৰতিযোগিতা উদ্বোধন কৰিব অৰুণাচল প্ৰদেশৰ লিকাবালি সমষ্টিৰ বিধায়ক নিকিয়ৰ কাৰ্ডোৱে । দিনত ৰাজ্যিক ভিত্তিত চিত্ৰাংকণ প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পিচত দুপৰীয়া আহাৰ গ্ৰহণ আৰু বিয়লি ৩ বজাত কলা নিকেতনৰ বিশেষ সম্বর্ধনা অনুষ্ঠান অনুষ্ঠিত হ’ব । উল্লেখ্য যে, প্ৰতিযোগিতাত শ্ৰেষ্ঠ তিনি প্ৰতিযোগীক পুৰস্কৃত কৰা হ’ব ।

সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচী উদ্বোধন কৰিব বিশিষ্ট সমাজকর্মী- শিক্ষাবিদ অমৃত দিহিতীয়াই । সন্ধিয়া ৬ বজাত ‘ম‍ই লাচিতে কৈছো’ শীর্ষক বিশেষ সাংস্কৃতিক অনুষ্ঠান আৰু বঁটা বিতৰণী অনুষ্ঠান উদ্বোধন কৰিব বিশেষ অনাতাঁৰ শিল্পী গজেন নৰহে । সেইদিনা সন্ধিয়া ৫ বজাত ধেমাজি জিলাৰ মেকবেথ ড্ৰামাৰ দ্বাৰা ‘বীৰ লাচিত’ নাটক প্ৰদৰ্শন কৰা হ’ব আৰু জনপ্ৰিয় কণ্ঠশিল্পী ৰোহিত সোনাৰে গীত পৰিৱেশন কৰিব ।

সংবাদমেলত লাচিত দিৱস উদযাপন সমিতিৰ সদস্য ভাস্কৰ বিক্ৰম চেতিয়াই কয় যে, ২৪ নৱেম্বৰৰ পুৱা ১ বজাত লাচিত দিৱসৰ লগত সংগতি ৰাখি মাংগলিক অনুষ্ঠানৰ দ্বিতীয় পৰ্ব আৰু ৯.৩০ বজাত জাতীয় বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হ’ব । পুৱা ১০ বজাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব এছ এল এ চিৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে । দিনৰ ১১.৩০ বজাত বিভিন্ন জাতি-জনগোষ্ঠীসমূহৰ সাংস্কৃতিক অনুষ্ঠিত প্ৰদৰ্শনৰ পিচত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা হ’ব ।

সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচী শুভাৰম্ভ কৰিব বিশিষ্ট সমাজকর্মী অৱসৰপ্ৰাপ্ত শিক্ষক গোলাপ বৰাই । সন্ধিয়া ৫.৩০ বজাত মুকলি সভা অনুষ্ঠিত হ’ব । লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী চৌনা মে, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহঃ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা, মন্ত্ৰী ক্ৰমে ডাঃ ৰণোজ পেগু, পৰিমল শুক্লবৈদ্য, যোগেন মোহন, বিমল বৰা, বিধায়ক মানৱ ডেকা আৰু মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েংগীয়া । ইতিমধ্যে লাচিত দিৱসৰ প্ৰস্তুতি তুংগত ৷ মূল মণ্ডপ, তোৰণ সম্পূৰ্ণ সাজু কৰি তোলা হৈছে ৷ সমবেত সংগীতৰ বাবে মহিলাসকলে পূৰ্ণগতিত চলাইছে অনুশীলন ৷

লগতে পঢ়ক : জোনাইত সন্মিলিত গণশক্তি অসমৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.