ETV Bharat / state

জোনাইত সন্মিলিত গণশক্তি অসমৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 9:50 PM IST

সোমবাৰে জোনাইত সন্মিলিত গণশক্তি, অসমৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । এই উপলক্ষে এক সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰা হয় ।

sanmilita gana shakti asom 18th foundation day
জোনাইত সন্মিলিত গণশক্তি অসমৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

জোনাইত সন্মিলিত গণশক্তি অসমৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

জোনাই, ২০ নৱেম্বৰ : ৰাজ্যৰ উপ-আঞ্চলিক দল সন্মিলিত গণশক্তি, অসমৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস সোমবাৰে মুৰ্কংচেলেক মিচিং কৃষ্টি কৌবাঙৰ প্ৰাংগণত বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় । পতাকা উত্তোলনেৰে আৰম্ভ হয় সম-অধিকাৰ, সম-মৰ্যাদা আৰু সম-উন্নয়নকেই মূল লক্ষ্য-উদ্দেশ্য হিচাপে লৈ আত্মপ্রকাশ ঘটা আঞ্চলিক ৰাজনৈতিক দল সন্মিলিত গণশক্তি, অসমৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ।

ইয়াৰ পিছত অনুষ্ঠিত হয় স্মৃতি তৰ্পণৰ কাৰ্যসূচী । সন্মিলিত গণশক্তি, অসমৰ জোনাই খণ্ড শক্তিৰ উদ্যোগত জোনাই মিচিং কৃষ্টি ভৱনৰ প্ৰাংগণত উদযাপন কৰা হয় এই প্ৰতিষ্ঠা দিৱস ৷ গণশক্তিৰ জোনাই ব্লক সমিতিৰ সভাপতি তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু মেদকে সভাপতিত্ব কৰা সভাত নিদিৰ্ষ্ট বক্তা হিচাপে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জহান দলেই অংশগ্ৰহণ কৰে ।

তেওঁ নিজৰ ভাষণ প্ৰসংগত বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্বত আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ ৰাইজৰ ঐক্যবদ্ধ প্ৰচেষ্টাত ২০০৫ চনৰ ২০ নৱেম্বৰত প্ৰতিষ্ঠা লাভ কৰা সন্মিলিত গণশক্তি, অসমৰ গঠন সন্দৰ্ভত আৰু কৰ্মসূচী, সংবিধানৰ লগতে দলক শক্তিশালী ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে আহ্বান জনায় । লগতে কৰ্মসূচী আৰু সংবিধান পাঠ কৰি সকলো দলীয় কৰ্মীক সেয়া পালন কৰিবলৈও আহ্বান জনায় ।

তেওঁ এই পৱিত্ৰ দিনটোত সন্মিলিত গণশক্তি, অসমৰ সকলো দলীয় কৰ্মীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ৷ সভাত টিএমপিকেৰ উপদেষ্টা ৰাজকুমাৰ মৰাং, টিএমএমকেৰ সভানেত্ৰী গীতাঞ্জলী বৰি পাতিৰ, জোনাই গাঁও পঞ্চায়তৰ সভাপতি জয়ন্ত বৰি, মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য পদুম ৰাই, গণশক্তিৰ জোনাই ব্লক সমিতিৰ সম্পাদক সুৱল হাজং, এমএমকেৰ জোনাই জিলা সমিতিৰ সভাপতি মুক্তিনাথ পেগু, বাহিৰ জোনাই গাঁও পঞ্চায়তৰ কাউন্সিলৰ ত্ৰৈলোক্য সোণোৱাল, কমলা শৰ্মা, মুৰ্কংচেলেক আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীনাথ দলেৰ লগতে গণশক্তিৰ শতাধিক কৰ্মী উপস্থিত থকা অনুষ্ঠানত গণশক্তিৰ নৱনিযুক্ত কাৰ্যকৰ্তাসকলক সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক :বিজেপি-ইউপিপিএল এৰি বিপিএফত যোগদান সহস্ৰাধিক নেতা-কৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.