ETV Bharat / state

চিয়াং নদীৰ বাঢ়নী পানীত ককবকাইছে কুৰিৰো অধিক পৰিয়ালে

author img

By

Published : Aug 16, 2021, 10:44 PM IST

চিয়াং নদীৰ বাঢ়নী পানীয়ে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে চিয়াং নদীৰ বাঢ়নী পানীত বুৰ গৈছে বেৰাচাপৰিৰ বেৰা বেংগলি অঞ্চলৰ প্ৰায় কুৰিৰো অধিক পৰিয়ালৰ বাসগৃহ ৷

floods of chiang river
চিয়াং নদী বাঢ়নী পানীত ককবকাইছে কুৰিৰো অধিক পৰিয়ালে

জোনাই, 16 আগষ্ট : ধেমাজি জিলাৰ জোনাইত পুনৰ চিয়াং নদীৰ বাঢ়নী পানীয়ে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ যোৱা কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত চিয়াং নদীৰ জলস্থৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ৷ ফলত প্লাৱিত হৈছে চিয়াং নদীপৰীয়া বহু অঞ্চল ৷

ইতিমধ্যে চিয়াং নদীৰ বাঢ়নী পানীত বেৰাচাপৰিৰ বেৰা বেংগলি অঞ্চলৰ প্ৰায় কুৰিৰো অধিক পৰিয়ালৰ বাসগৃহ বুৰ গৈছে ৷ জানিব পৰা মতে চিয়াং নদীৰ বাঢ়নী পানীত ঘৰবাৰী সম্পূৰ্ণৰূপে বুৰ যোৱাত ওখ মথাউৰিৰ ওপৰত আশ্ৰয় গ্ৰহণ কৰিছে লোক সকলে ৷ ইফালে একাংশ পৰিয়ালে পানীত বুৰ গৈ থকা নিজৰ ঘৰখনৰ ভিতৰতে চাং সাজি খোৱা-শোৱাৰ ব্যৱস্থা কৰি এক আতংকময় ক্ষণ অতিবাহিত কৰিছে ৷

লগতে পঢ়ক: তৃণমূল কংগ্ৰেছত যোগদান সুস্মিতা দেবৰ

উল্লেখ্য যে, প্ৰতিবছৰে চিয়াং নদীৰ বাঢ়নী পানীয়ে বেৰাচাপৰিৰ বেৰা বেংগলি অঞ্চলত এক ত্ৰাসৰ সৃষ্টিৰ কৰে ৷ নদীখনৰ বাঢ়িনীয়ে সৃষ্টি কৰা খৰাখহনীয়াৰ ফলতো বহু লোকৰ খেতি-মাটি নদীৰ বুকুত জাহ গৈছে ৷ একাংশ লোকে সেই অঞ্চলৰ পৰা আঁতৰি অন্য ঠাইত ঘৰ-মাটি কিনি সংস্থাপিত হৈছে যদিও দৰিদ্ৰতাই কোঙা কৰা লোকসকলে চিয়াং নদীয়ে সৃষ্টি কৰা এনে এক পলয়ংকাৰী পৰিস্থিতিত এক সংগ্ৰামৰ মাজেৰে জীৱন অতিবাহিত কৰিছে ৷

শেহতীয়াকৈ চিয়াং নদীৰ বাঢ়িনী পানীয়ে বেৰাচাপৰিৰ বেৰা বেংগলি অঞ্চলৰ খেতিয়কসকলৰ বাবে এক অনিশ্চয়তা কঢ়িয়াই আনিছে ৷ কাৰণ বহু সংখ্যক কৃষিজীৱি লোকৰ খেতি-মাটি এতিয়া চিয়াং নদীৰ বাঢ়নী পানীত বুৰ গৈছে ৷ ফলত খেতিয়ক সকলে বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই অধিক ৷

লগতে পঢ়ক: ডুমডুমাৰ এখন চাহ বাগিচাৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ

সাংবাদিকৰ আগত বান পীড়িত লোক সকল সদৰি কৰা মতে, এতিয়ালৈকে প্ৰশাসনৰ ফালৰ পৰা সাহাৰ্যৰ ব্যৱস্থা কৰা নাই ৷ স্থানীয় বিধায়ক গৰাকী এই ক্ষেত্ৰত অৱগত হয় যদিও বানপীড়িত সকলক সকাহ দিব পৰাকৈ কোনো ব্যৱস্থা এতিয়ালৈকে কৰা নাই ৷ আনকি খবৰ ল'বলৈও অহা নাই স্থানীয় বিধায়ক গৰাকী ৷

সমান্তৰালভাৱে, বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বেৰাচাপৰিত বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বহুবাৰ আবেদন কৰিছিল ৷ কিন্তু আজিলৈকে চিয়াং নদী বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ নিৰ্বাচনৰ সময়তো ৰাজনৈতিক নেতা সকলে চিয়াং নদীৰ বান আৰু গৰাখহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত স্থায়ী ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি কাৰ্যত পৰিণত নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ বান পীড়িত ৰাইজে ৷

লগতে পঢ়ক: স্বাধীনতা দিৱসত কলগাছিয়াৰ দুই স্থানত জাতীয় পতাকাক চৰম অৱমাননা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.