ETV Bharat / state

পঞ্জীয়নভুক্ত ই-ৰিক্সা চলাচলত প্ৰশাসনৰ বাধা

author img

By

Published : May 2, 2019, 6:18 PM IST

ধেমাজি জিলা ই-ৰিক্সা সন্থাই ই-ৰিক্সা চালকসকলৰ সৈতে জিলা প্ৰশাসনে কৰা বৈষম্যমূলক আচৰণৰ বাবে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷
ই-ৰিক্সা সন্থাৰ প্ৰতিবাদ

ধেমাজি, 2 মেঃ ধেমাজি জিলা প্ৰশাসনে ই-ৰিক্সাচালকসকলক 15নং ৰাষ্ট্ৰীয় ঘাইপথত বাহন চলোৱাত বাধা আৰোপ কৰে ৷ ইয়াকে লৈ বৃহস্পতিবাৰে শতাধিক ই-ৰিক্সাচালকে প্ৰতিবাদত উত্তাল কৰি তোলে ধেমাজি উপায়ুক্তৰ কাৰ্যালয় ৷

ই-ৰিক্সা সন্থাৰ প্ৰতিবাদ

ই-ৰিক্সা সন্থাই প্ৰকাশ কৰা অনুসৰি জিলা সদৰস্থানত অনুজ্ঞাপত্ৰ থকাৰ পিচটো আৰক্ষী তথা জিলা প্ৰশাসনে বাধা আৰোপ কৰি আহিছে ৷ আনহাতে অনুজ্ঞাপত্ৰৰ নামত দহ হেজাৰকৈ টকা সংগ্ৰহ কৰা জিলা প্ৰশাসনে ই-ৰিক্সা চালকসকলক এইদৰে বাধা আৰোপ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ই-ৰিক্সা চালকসকলে ৷ ইপিনে জিলা সদৰস্থানত অনুজ্ঞাপত্ৰ নথকাকৈ Ape city, Ape tempo আদি তিনিচকীয়া বাহনসমূহ চলাচল কৰি আছে ৷ এই বিষয়ে আৰক্ষী, জিলা প্ৰশাসন তথা পৰিবহন বিভাগে ই-ৰিক্সা চালকৰ সৈতে বৈষম্যমূলক আচৰণ কৰিছে বুলি অভিযোগ উত্থাপন কৰি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ই-ৰিক্সা সন্থাই ৷

Intro:ধেমাজিত ই ৰিক্সা সন্থাৰ বিক্ষোভ


Body:ধেমাজি , 2 , মে : ধেমাজি জিলা প্ৰশাসনে ই ৰিক্সা চালকসকলক ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত চলোৱাত বাধা দিয়াক লৈ বৃহস্পতিবাৰে ই ৰিক্সা সন্থাৰ শতাধিক প্ৰতিবাদীয়ে উত্তাল কৰিলে ধেমাজি । ধেমাজি জিলা প্ৰশাসন হায় হায় , ১৫ নং ঘাই পথত চলাব দিব লাগিব । আদি শ্লগানেৰে নগৰৰ মাজেৰে বিক্ষোভ সমদল বাহিৰ কৰাৰ পিছত ধেমাজি উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত প্ৰতিবাদ সাৱ্যস্ত কৰে ।
সন্থাৰ দাবী কোনো অনুজ্ঞাপত্ৰ নথকা Ape city , Ape tempo আদি তিনি চকীয়া বাহনসমূহ নগৰৰ মাজত অবাধে চলি থকাৰ সত্বেও পৰিবহন বিভাগৰ দৃষ্টিত নপৰে ।বিপৰীতে ধেমাজি পৰিবহন বিভাগৰ পঞ্জীয়নভুক্ত ই ৰিক্সা সমূহ ঘাইপথত চলাচলত বাধা দি জিলা প্ৰশাসনে বৈষম্য আচৰন কৰিছে বুলি অভিযোগ উত্থাপন কৰে ।
ইপিনে এই বিষয়ে সন্থাই বহুবাৰ জিলা পৰিবহন বিভাগ আৰু জিলা উপায়ুক্তক লিখিতভাৱে জনাই অহাৰ পিছতো আজিকোপতি নিবনুৱা ই ৰিক্সা চালকসকলৰ দাবী উপেক্ষা কৰি আহিছে আৰু ঘাই পথত চলোৱাত বাধা প্ৰদান কৰি আহিছে ।



byte.....

Pradunya Bharali , Dhemaji , Assam, 2/5/2019


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.