ETV Bharat / state

Drinking water crisis: এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ ধেমাজিৰ লুগুটিবাসীৰ

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 7:10 PM IST

Drinking water crisis in Dhemaji
এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ ধেমাজিৰ লুগুটিবাসীৰ

অমৃত কালত বিষময় হৈ পৰিছে জনজীৱন ৷ এটুপি বিশুদ্ধ খোৱাপানী আৰু অনাময়ৰ বাবে হাহাঁকাৰ কৰিছে ধেমাজিৰ লুগুটিবাসীয়ে । বালিৰ নাদ খান্দি সঞ্জীৱনী সদৃশ পানীটুপি বিচাৰিবলগীয়া হৈছে ৰাইজে ।

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ ধেমাজিৰ লুগুটিবাসীৰ

ধেমাজি,২৭ অক্টোবৰ : জলজীৱন মিছনৰ অধীনত প্ৰতি ঘৰে ঘৰে পানীৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনৰ দিনত এটুপি পানীৰ বাবে হাহাকাৰ কৰিছে একাংশ লোকে । এতিয়াও লেতেৰা পানী সেৱন কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজে । ধেমাজিৰ একাংশ ৰাইজেও এতিয়া এটুপি বিশুদ্ধ পানীৰ বাবে কৰিবলগীয়া হৈছে অশেষ কষ্ট ।

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাঁকাৰ কৰিবলগীয়া পৰিস্থিতিৰ হৈছে ধেমাজি জিলা জোনাই বিধানসভাৰ সমষ্টিৰ অধীনৰ লুগুটিবাসীয়ে ৷ বিগত ৩/৪ বছৰ ধৰি কামিয়া নদীয়ে তাণ্ডব চলাই জলাকলা খুৱাই আহিছে অঞ্চলবাসীক ৷ আচৰিত কথা এয়ে যে আহিন-কাতি মাহতো খৰস্ৰোতা নদীখনে প্লাৱিত কৰি আহিছে গাঁওখনৰ ঘৰবাৰী, চোতাল, পথাৰ ৷ বিশেষকৈ বৃহত্তৰ লুগুটি আৰু লুগুটি খৰাগড়বাসীয়ে এতিয়া নদীখনৰ কৱলত পৰি এটুপি খোৱাপানীৰ বাবে চোতালে চোতালে খান্দিবলগীয়া হৈছে বালিৰ নাদ ৷

তদুপৰি শৌচ প্ৰস্ৰাৱ কৰিবলৈ ঠাইৰ অভাৱ ৷ সকলোতে কেৱল বালি আৰু বোকা ৷ বালিয়ে আধালৈকে পুতি পেলাইছে টিউৱেল । ইপিনে ৰাজ্য চৰকাৰৰ বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগটোৰ অধীনত জলজীৱন মিছনৰ নামত ঘৰে ঘৰে পানী যোগান ধৰাৰ নামত বৃহৎ অভিলাষী আচঁনি ৰূপায়ণ কৰি আহিছে যদিও অঞ্চলবাসীয়ে পোৱা নাই এটুপিও বিশুদ্ধ খোবা পানী ৷ পৰিৱৰ্তনৰ আৰু উন্নয়নৰ ঢাক ঢোল বজাই অমৃত কালৰ সময় বুলি দাবী কৰি অহা চৰকাৰৰখনৰ দিনত বিপৰ্যস্ত হৈ পৰিছে অঞ্চলবাসী ৷ শীঘ্ৰে অঞ্চতলবাসীক এই বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক : Subansiri Dam : অস্বাভাৱিকভাৱে শুকাই গৈছে সোৱণশিৰিৰ বক্ষ; ভয়ংকৰ বিপদৰ আশংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.