ETV Bharat / state

ভোগালী বিহুৰ প্ৰাকক্ষণত সমবেত হ’ল এজাক কুকুৰ, মন মুহিলে ধেমাজিবাসীৰ

author img

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 8:36 PM IST

dog show Dhemaji
ভোগালী বিহুৰ প্ৰাকক্ষণত সমবেত হ’ল এজাক কুকুৰ

Dog Show in Dhemaji: ধেমাজিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ল কুকুৰৰ প্ৰদৰ্শনী ৷ দেশী-বিদেশী বিভিন্ন প্ৰজাতিৰ কুকুৰৰ প্ৰদৰ্শনীত মোহিত হ’ল দৰ্শক ৷ পোহনীয়া জীৱজন্তুৰ পৰিচৰ্যাৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ ৷

ভোগালী বিহুৰ প্ৰাকক্ষণত সমবেত হ’ল এজাক কুকুৰ

ধেমাজি, 13 জানুৱাৰী: ৰাজ্যজুৰি এতিয়া ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ বিহুৰ উৰুকাৰ বাবে সাজু হৈছে প্ৰতিগৰাকী অসমীয়া ৷ বিভিন্ন ঠাইত আয়োজন কৰা হৈছে বিভিন্ন খাদ্যৰ মেলা ৷ সেই সময়তে দেখা গ’ল দেশী-বিদেশী বিভিন্ন প্ৰজাতিৰ কুকুৰৰ প্ৰদৰ্শনী ৷ ড’বাৰমেন, এলছিছিয়ান, লেব্ৰ’ডৰ আদি প্ৰজাতিৰ কুকুৰৰ পৰা আৰম্ভ কৰি কণমানি নোমাল পুতলাসদৃশ পামেৰিয়ানলৈকে সমাৱেশ ঘটিল কুকুৰৰ মেলাখনত ৷

কুকুৰৰ আকৰ্ষণীয় প্ৰতিযোগিতাখন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ল ধেমাজিত ৷ উল্লেখ্য যে তিনিদিনীয়াকৈ ধেমাজিত অনুষ্ঠিত ‘আত্মনিৰ্ভৰ ধেমাজি’ৰ আজি অন্তিমটো দিন আছিল ৷ থলুৱাভাৱে উৎপাদিত সামগ্ৰী উপলব্ধ হোৱা মেলাখনত শতাধিক থলুৱা বিপণিৰ জৰিয়তে ধেমাজিৰ আত্মসহায়ক গোটসমূহৰ কৃষক ৰাইজে থলুৱাভাৱে প্ৰস্তুত কৰা কাপোৰৰ উপৰিও কৃষি সামগ্ৰী বিক্ৰী কৰাৰ লগতে প্ৰদৰ্শন কৰে ৷

শনিবাৰৰ শেষৰ দিনটোত সংশ্লিষ্ট আয়োজক সমিতিয়ে ‘কুকুৰ প্ৰদৰ্শনী’ আয়োজন কৰি পোহনীয়া জন্তুৰ পালন, প্ৰতিধেষক, সজাগতা আদি বিষয় সন্মুখত ৰাখি আয়োজন কৰে কুকুৰ প্ৰদৰ্শনী ৷ এই সম্পৰ্কত সজাগতা অনাৰ প্ৰয়াস চলোৱাৰ কথা ব্যক্ত কৰে ধেমাজি জিলা আয়ুক্তই ৷ শনিবাৰৰ এই ‘কুকুৰ মেলা’ত ২৫ টা বিভিন্ন প্ৰজাতিৰ কুকুৰে অংশ লয় ৷

উল্লেখ্য যে পশু চিকিৎসকৰ সংস্থা ছাপা অৰ্থাৎ Small Animal Practitioners Association আৰু জাষ্ট বি ফ্ৰেণ্ড (JBF) নামৰ সংস্থা দুটাই উক্ত কুকুৰ প্ৰদৰ্শনীখনৰ নিয়মাৱলী নিৰ্ধাৰণ কৰে ৷ উক্ত প্ৰদৰ্শনীখনৰ জৰিয়তে পোহনীয়া জন্তু পালনৰ ক্ষেত্ৰত এক সজাগতাৰ সৃষ্টি হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

ইফালে তিনিদিন ধৰি জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত ‘আত্মনিৰ্ভৰ ধেমাজি’ৰ জৰিয়তে কৃষকসকল লাভান্বিত হোৱা বুলি মন্তব্য কৰে ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভৰালীয়ে ৷

লগতে পঢ়ক: ম'হৰ এঠা দৈৰ সোৱাদ দিবলৈ সাজু লেচিয়া নদীৰ পাৰৰ ম'হপালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.