ETV Bharat / state

জটিল হৈছে ধেমাজিৰ বান পৰিস্থিতি

author img

By

Published : Aug 24, 2021, 8:23 PM IST

Dhemaji flood
জটিল হৈছে ধেমাজিৰ বান পৰিস্থিতি

শেহতীয়াকৈ কেইবাদিনো ধৰি ধেমাজিত জীয়াঢল নদীৰ বানে জটিল পৰিস্থিতি ধাৰণ কৰিছে । বান পৰিস্থিতিৰ বাবে ব্যাপক সমস্যাৰ সন্মুখীন ২০খনৰো অধিক গাঁৱৰ ৰাইজ । ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথলৈও বিপদ নামি আহিছে ।

ধেমাজি,২৪ আগষ্ট : ক্ৰমে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ধেমাজিৰ বান (Flood) পৰিস্থিতিয়ে । যোৱা প্ৰায় এসপ্তাহ ধৰি জীয়াঢলৰ বানৰ সৈতে সহাৱস্থান কৰিবলগীয়া হৈছে ৰাইজে । যোৱা ১৭ আগষ্টত ধেমাজি টেকজুৰি বৰ্মন গাঁৱত জীয়াঢল নদীয়ে এইবেলি নিৰ্মাণ কৰা এটি গাইড বান্ধৰ ৫০০ মিটাৰ অংশ ছিগি নিয়াৰ ফলত জীয়াঢল চাৰিআলি, ভজুগাঁৱৰ লগতে শালমাৰী,পাভমাৰী, ঘেয়াৰী আদি ২০খনৰো অধিক গাঁও জলমগ্ন হৈ পৰে । দুদিন পূৰ্বে এই বান পৰিস্থিতি কিছু উন্নত হৈছিল যদিও পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰে জীয়াঢলৰ বানে ।

বহুলোকৰ ঘৰ এতিয়া পানীৰ তলত । জীয়াঢল চাৰিআলিৰ পৰা ভজুগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰেদি যোৱা সাতদিনে পানী বাগৰি আছে যদিও সোমবাৰৰ পৰা পুনৰ তীব্ৰ গতিৰে পানী বাগৰিবলৈ আৰম্ভ কৰে আৰু সম্প্ৰতি তীব্ৰ ভাবুকি আহিছে ঘাই পথটোলৈ ৷ কিন্তু ঘাইপথটোৰ সুৰক্ষাৰ নামত কেৱল পথৰ দাঁতিত বস্তা আৰু ৰঙাফিটা মাৰিয়ে দায়িত্ব সামৰিছে সংশ্লিষ্ট বিভাগে ৷ ফলত ঘাই পথটোত যিকোনো মুহূৰ্ততে দুৰ্ঘটনাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷

Dhemaji flood
জটিল হৈছে ধেমাজিৰ বান পৰিস্থিতি

বান পৰিস্থিতি ইমানে জটিল হৈ পৰিছে যে উজাগৰে নিশা কটাইছে অঞ্চলটোৰ ৰাইজে । খাদ্য সামগ্ৰীৰ নাটনিকে ধৰি বিভিন্ন ধৰণৰ সমস্যাত পৰিছে ৰাইজ । ৰাইজৰ এনে দুৰ্দশাৰ পাছতো কিন্তু চৰকাৰী পক্ষৰ পৰা তেনে কোনো উপযুক্ত সঁহাৰি লাভ নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ।

ৰাইজৰ খবৰ ল'বলৈ আহৰি নাই স্থানীয় বিধায়ক তথা মন্ত্ৰী ডা: ৰণোজ পেগু (Dr Ranoj Pegu) আৰু সাংসদ প্ৰদান বৰুৱাৰ (MP Pradan Barua) । সেয়ে দুয়োগৰাকী নেতাৰ বিৰুদ্ধে ক্ষোভিত হৈছে স্থানীয় লোকসকল । ৰাইজৰ অভিযোগ মাত্ৰ কেইটামান সাহায্য সামগ্ৰী প্ৰদান কৰিয়ে দায়িত্ব সামৰিছে প্ৰশাসনে ।

লগতে পঢ়ক :ৰঙিয়াত উপস্থিত ITBPৰ ২১ জনীয়া চাইকেলিষ্টৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.