ETV Bharat / state

দুৰ্ঘটনা ৰোধৰ বাবে কঠোৰ পদক্ষেপ ধেমাজি জিলা পৰিবহন বিভাগৰ

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 1:21 PM IST

Preventing accident
দুৰ্ঘটনা ৰোধৰ বাবে কঠোৰ পদক্ষেপ ধেমাজি জিলা পৰিবহন বিভাগৰ

Preventing accident : দেৰগাৱঁৰ পথ দুৰ্ঘটনাই চকু মুকলি কৰিছে বহুতৰে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে এইবাৰ ধেমাজি জিলাত দুৰ্ঘটনা ৰোধৰ বাবে উঠি পৰি লাগিছে পৰিবহন বিভাগৰ লগতে জিলা আৰক্ষী বিভাগ ৷ জানক সবিশেষ...

দুৰ্ঘটনা ৰোধৰ বাবে কঠোৰ পদক্ষেপ ধেমাজি জিলা পৰিবহন বিভাগৰ

ধেমাজি, 8 জানুৱাৰী : নতুন বছৰ আৰম্ভণিতে ৰাজ্যজুৰি দেৰগাঁও বালিজানত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাই যোৱাৰ পিছত পূৰ্বতকৈ তৎপৰ হৈ পৰিছে ৰাজ্যৰ পৰিবহন আৰু আৰক্ষী বিভাগ ৷ এই দুৰ্ঘটনাৰ পৰা শিক্ষা লৈ সম্বিৎ ঘূৰি আহিছে বহুতৰে ৷ ইতিমধ্যে এই দুৰ্ঘটনাক কেন্দ্ৰ কৰিয়েই চৰকাৰে বনভোজ দল কঢ়িওৱা বাহনলৈ জাৰি কৰিছে কঠোৰ নিৰ্দেশনা ৷

ইয়াৰ মাজতে ধেমাজি জিলাত ধেমাজি পৰিবহন বিভাগ আৰু আৰক্ষীয়ে জিলাখনৰ বনভোজস্থলীসমূহ পৰিদৰ্শন কৰি সকলোকে সজাগতা অবলম্বন কৰিবলৈ নিৰ্দেশ দিছে ৷ সুৰা সেৱন কৰি গাড়ী চলোৱা আৰু তীব্ৰ গতিত গাড়ী চলোৱাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ গ্ৰহণ কৰিছে জিলা যান-বাহন আৰক্ষী আৰু পৰিবহন বিভাগে ৷

সোমবাৰে এই সন্দৰ্ভত ধেমাজি জিলা পৰিবহন বিষয়া গৌতম ডেকাই জনোৱা অনুসৰি, ধেমাজি জিলাৰ বনভোজ স্থলীসমূহ পৰিদৰ্শন কৰি সুৰাৰ বিৰুদ্ধে সকলোকে সজাগতা অবলম্বন কৰিবলৈ আহ্বান জনাইছে ৷ লগতে আৰক্ষীৰ সহযোগত সুৰাপায়ী চালকৰ বিৰুদ্ধে আৰু যান-বাহন উলংঘা কৰা সকলৰ বিৰুদ্ধে ক্ষীপ্ৰগতিত অভিযান চলাইছে ৷ ধেমাজি নগৰৰ মাজেৰে যোৱা 15 নং ৰাষ্ট্ৰীয় ঘাইপথত পৰিবহন বিভাগৰ বিশেষভাৱে সংযোজিত হৈ থকা interceptor ব্যৱস্থাৰে অত্যাধিক গতিত বাহন চলোৱা সকলৰ বিৰুদ্ধে জৰিমনা ভৰাইছে ৷ বিশেষকৈ তীব্ৰ বেগত চলোৱা অৰুণাচলৰ পৰা অহা বাহনত তীক্ষ্ণ দৃষ্টি দিছে বিভাগে । এতিয়ালৈকে বহুকেইটা গোচৰো পঞ্জীয়ণ কৰি জৰিমনা বিহা হৈছে ৷

বিগত বৰ্ষৰ এপ্ৰিলৰ পৰা ডিচেম্বৰ মাহলৈকে অধিক বেগত চলোৱা বাহনৰ ওপৰত 4,874 টা গোচৰ ৰুজু কৰিছে জিলা পৰিবহন বিভাগে ৷ আনহাতে তুলনামূলকভাৱে বিগত বছৰতকৈ নতুন বছৰত দুৰ্ঘটনা হ্ৰাস পোৱা সম্ভাৱনা বুলি আশা ব্যক্ত কৰিছে বিষয়াগৰাকীয়ে ৷

ইফালে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা অহা তীব্ৰবেগী বাহনে বিভিন্ন সময়ত অঘটন সংঘটিত কৰি আহিছে ৷ তীব্ৰ বেগত অহা গাড়ীসমূহক নাকী লগাবৰ বাবে Interceptor সংযোজিত বাহন আছে যদিও উক্ত বাহনখনো ঘাইপথত ৰখাই নিয়মীয়াকৈ দ্ৰুতগতিৰে যোৱা বাহনসমূহ পৰীক্ষা নকৰাৰ ফলস্বৰূপেই অবাধে তীব্ৰ বেগত গাড়ী চলাচল অব্যাহত আছে ৷ যাৰ ফলত ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা প্ৰবল হৈ পৰিছে ৷

লগতে পঢ়ক: এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ প্ৰতীকপটক লৈ অনিশ্চয়তা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.