ETV Bharat / state

ধেমাজিত ফ’ৰলেনৰ নামত অবাধ বন ধ্বংসযজ্ঞ; উদ্বিগ্ন প্ৰকৃতিপ্ৰেমী

author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 4:30 PM IST

Destruction of trees
চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত বন ধ্বংস অভিযান

চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত অবাধ হাৰত চলিছে বন ধ্বংস অভিযান ৷ প্ৰায় 80 কিলোমিটাৰ দৈৰ্ঘ্যৰ সমগ্ৰ পথছোৱাত থকা শ শ গছ কাটি ধ্বংস ৷

অবাধ বন ধ্বংসযজ্ঞ

ধেমাজি, 16 ডিচেম্বৰ : এফালে অভিলেখ সৃষ্টিৰ বাবে অমৃত বৃক্ষ আন্দোলন, আনফালে উন্নয়নৰ নামত বন ধ্বংস অভিযান ৷ যিটো সময়ত চৰকাৰে অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে অভিলেখ সৃষ্টিৰ বাবে লাখ লাখ গছ পুলি ৰোপণ কৰিছে, সেই সময়তে উন্নয়ন তথা পথ নিৰ্মাণৰ নামত কাটি তহিলং কৰিছে গছ ৷

ধেমাজিত ফ’ৰলেনৰ নামত অবাধ বন ধ্বংস ৷ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত ধেমাজি জিলাৰ চিলাপথাৰ, জোনাইত অবাধ হাৰত চলিছে বন ধ্বংস অভিযান ৷ উন্নয়নৰ নামত বছৰ বছৰ পুৰণি গছ কাটি তহিলং ৷ ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়নৰ অচিলা লৈ এই ভয়ংকৰ কাণ্ড ৷

কিছুদিনৰ আগলৈকে চিলাপথাৰৰ অকাজান, কুলাজানৰপৰা অৰুণাচলৰ পাচিঘাটলৈকে 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে অসংখ্য সুশোভিত গছ-গছনিৰে পৰিপূৰ্ণ হৈ আছিল ৷ এই গছ-গছনিয়ে বাটৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰাৰ উপৰিও অঞ্চলটোৰ জৈৱ বৈচিত্ৰতালৈ আনিছিল গতিশীলতা ৷ কিন্তু ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেনযুক্তলৈ উন্নীত কৰাৰ নামত প্ৰায় 80 কিলোমিটাৰ দৈৰ্ঘ্যৰ সমগ্ৰ পথছোৱাত থকা শ শ গছ কাটি ধ্বংস কৰা হ’ল ৷

পথ নিৰ্মাণৰ নামত কাটি ধ্বংস কৰিলে বহতো মূল্যবান বৃক্ষ ৷ ধ্বংস কৰিলে পথটোৰ লগতে অঞ্চলটোৰ নৈসৰ্গিক শোভা বঢ়োৱা শ শ এজাৰ গছ ৷ উদ্বেগজনক কথা যে ধেমাজি জিলাস্থিত পবা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে যোৱা এই ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ দুয়োপাৰে থকা অসংখ্য মূল্যবান পূৰঠ গছো কাটি ধ্বংস কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে ৷ যাক লৈ চৰম উদ্বিগ্ন প্ৰকৃতিপ্ৰেমী, দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ ৷

এওঁলোকৰ দাবী পথ উন্নয়নৰ নামত অবাধ বন ধ্বংসৰ অভিযান শীঘ্ৰেই বাতিল কৰক ৷ তাৰ পৰিৱৰ্তে এজোপাও গছ নকটাকৈ বিকল্প পদ্ধতিৰে, গছক সুৰক্ষা দি পথ নিৰ্মাণ কৰাৰ দাবী ৷

লগতে পঢ়ক : বেঁকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত দ্বিতীয় দিনাও অব্যাহত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.