ETV Bharat / state

AJYP protest at Jonai: চিলাপথাৰত পথ নিৰ্মাণৰ দাবীত কাৰ্যালয় ঘেৰাও জাতীয়তাবাদী যুৱ পৰিষদৰ

author img

By

Published : Nov 17, 2022, 12:17 PM IST

চৰকাৰৰ চৰম অৱহেলাৰ বাবে যাতায়তৰ অনুপযোগী হৈ পৰিছে চিলাপথাৰৰ আবৰ আলি । উক্ত পথটো নিৰ্মাণৰ দাবীত জোনাই লোকনিৰ্মাণ বিভাগৰ ক্ষেত্ৰীয় সংমণ্ডল কাৰ্যালয় ঘেৰাও অসম জাতীয়তাবাদী যুৱ পৰিষদৰ (Jonai Loknirman Departments office gherao)।

AJYP protest at Jonai
চিলাপথাৰত পথ নিৰ্মাণৰ দাবীত কাৰ্যালয় ঘেৰাও জাতীয়তাবাদী যুৱ পৰিষদৰ

জোনাই,১৭নৱেম্বৰ: ধেমাজি জিলাৰ চিলাপথাৰৰ আবৰ আলি নিৰ্মাণৰ দাবীত জোনাই লোকনিৰ্মাণ বিভাগৰ ক্ষেত্ৰীয় সংমণ্ডল কাৰ্যালয় ঘেৰাও অসম জাতীয়তাবাদী যুৱ পৰিষদৰ (Asom Jatiyatabadi Yuva Parishad) । বৃটিছ আমোলৰো পূৰ্বৰ এই পথটো আজিলৈকে জনপ্ৰতিনিধি তথা চৰকাৰৰ চৰম অৱহেলাৰ বাবে জৰাজীৰ্ণ হৈ পৰাত যাতায়তৰ অনুপযোগী হৈ পৰিছে । উক্ত পথটো নিৰ্মাণৰ দাবীত বুধবাৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সহযোগত আৰু চিলাপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত পাঁচ শতাধিক স্থানীয় ৰাইজে প্ৰতিবাদী সমদলেৰে চিলাপথাৰ ষ্টেচনৰোডস্থিত লোক নিৰ্মাণ বিভাগৰ জোনাই ক্ষেত্ৰীয় সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰে (AJYP demand for construction of road) ।

চিলাপথাৰত পথ নিৰ্মাণৰ দাবীত কাৰ্যালয় ঘেৰাও জাতীয়তাবাদী যুৱ পৰিষদৰ

উল্লেখ্য যে বৃহত্তৰ চিলাপথাৰ অঞ্চলৰ ইতিহাসে ঢুকি পোৱাৰে পৰাই আৱৰ আলি পথেদি অসম-অৰুণাচলৰ যোগাযোগ চলিছিল (Dilapidated road at Chilapathar)। কিন্তু মেৰামতিৰ অভাৱত এই পথটো এতিয়া বিধ্বস্ত হৈ পৰিছে । সামান্য় বৰষুণ দিলেই বোকাময় হৈ যাতায়তৰ অনুপযোগী হৈ পৰে ঐতিহাসিক পথটো ।

চিলাপথাৰ পঞ্চায়তৰ ৫ নং আৰু ৯ নং ৱাৰ্ড আৰু চিলাপথাৰ পৌৰসভাৰ ১২ নং ৱাৰ্ডক সামৰা উক্ত পথটো নিৰ্মাণৰ বাবে কোনো পক্ষই আজিলৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই । বিধায়ক ভূৱন পেগুৰ ঘৰৰ নিচেই কাষৰ পথটোৰ বিধ্বস্ত ৰূপে বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ প্ৰকৃত ছবিখন দাঙি ধৰিছে । এই পথটো নিৰ্মাণৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতৃত্বত ৰাজপথলৈ ওলাই আহিল কোলামুৱা বঙালী গাঁৱৰ শতাধিক ৰাইজ ।

প্ৰদিবাদকাৰীসকলে হাতে হাতে প্লে' কাৰ্ড লৈ বিজেপি চৰকাৰ হুচিয়াৰ , বিধায়ক ভূৱন পেগু মুৰ্দাবাদ, লোক নিৰ্মাণ বিভাগ হায় হায় ,আবৰ আলি নিৰ্মাণ কৰক আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তুলে পৰিৱেশ । প্ৰতিবাদস্থলীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্বল কুমাৰ চুতীয়া, ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া, কাৰ্যকৰী সভাপতি কৃষ্ণ ভূঞা, সম্পাদক ত্ৰৈলোক্য তামুলী উপস্থিত থাকি ঐতিহাসিক কুলামুৱাৰ আৱৰ আলিৰ আজি পৰ্যন্ত নিৰ্মাণ কৰিব নোৱাৰাত জোনাইৰ বিধায়ক ভূৱন পেগুক সমালোচনা কৰাৰ লগতে পথটো অতি শীঘ্ৰে নিৰ্মাণৰ দাবী জনায় । পিছত সংগঠনটোৱে কাৰ্যালয়টোৰ সংমণ্ডল বিষয়াৰ জৰিয়তে ধেমাজি জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । ইপিনে,চৰকাৰে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ নকৰিলে পুনৰ আন্দোলনৰ ভাবুকি দিয়ে প্ৰতিবাদী ৰাইজে ।

লগতে পঢ়ক:Dhubri Medical College: মন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰিলে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ MBBSৰ পাঠ্যক্ৰম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.