Dhubri Medical College: মন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰিলে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ MBBSৰ পাঠ্যক্ৰম

author img

By

Published : Nov 16, 2022, 9:49 PM IST

MBBS course inaugurated by Keshab Mahanta at DMC

ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত শুভাৰম্ভ হ’ল MBBSৰ পাঠ্যক্ৰম । বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে MBBSৰ পাঠ্যক্ৰম উদ্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই (Health Minister Keshab Mahanta)।

গুৱাহাটী, ১৬ নৱেম্বৰ: ৰাজ্যৰ নৱমখন চিকিৎসা মহাবিদ্যালয়ত শুভাৰম্ভ হ’ল চিকিৎসা বিজ্ঞান শিক্ষাৰ পাঠ্যক্ৰম । নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে MBBSৰ পাঠ্যক্ৰম উদ্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই (Minister Keshab Mohanta inaugurates MBBS course)।

চিকিৎসা মহাবিদ্যালয়খনত আনুষ্ঠানিকভাৱে ২০২২-২৩ বৰ্ষৰ স্নাতক পৰ্যায়ৰ চিকিৎসা শিক্ষা পাঠ্যক্ৰম (MBBS) মুকলি কৰি মন্ত্ৰী মহন্তই কয় যে ৰাজ্যৰ এই নৱমখন চিকিৎসা মহাবিদ্যালয়ত ১০০ গৰাকী শিক্ষাৰ্থীৰে বিদ্যায়তনিক যাত্ৰাৰ শুভাৰম্ভণিয়ে ধুবুৰীবাসীৰ লগতে সমগ্ৰ অসমবাসীৰ বাবেই নতুন আশাৰ বতৰা আনিছে । বঙাইগাঁও, মৰিগাঁও, ধেমাজি আৰু গোলাঘাটত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিবলৈ লোৱা আন চাৰিখন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা অহা ডিচেম্বৰৰ প্ৰথম ভাগতে স্থাপন কৰা হ’ব বুলিও স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত ঘোষণা কৰে ।

MBBS course inaugurated by Keshab Mahanta at DMC
ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত MBBSৰ পাঠ্যক্ৰমৰ উদ্বোধন মন্ত্ৰী কেশৱ মহন্তই

লগতে পঢ়ক: Jeevan Pramaan Patra: এতিয়াৰে পৰা ঘৰৰ পৰাই পেঞ্চনাৰ সকলে জমা দিব পাৰিব LIFE CERTIFICATE

ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাত MBBSৰ প্ৰথম বৰ্ষৰ পাঠদান কাইলৈৰ পৰা নিয়মীয়াকৈ আৰম্ভ হ’ব । ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে যোৱা ১৪ অক্টোবৰত গুৱাহাটীৰ আইআইটিত আয়োজিত এক অনুষ্ঠানৰ মঞ্চৰ পৰা ভাৰ্চুৱেলী ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (Dhubri Medical College) শুভ উদ্বোধন কৰিছিল । ধুবুৰী মেডিকেল কলেজত পাঠদান মুকলি হোৱাৰ লগে লগে অসমত MBBS পাঠ্যক্ৰমত উপলব্ধ মুঠ আসনৰ সংখ্যা ১২০০ লৈ বৃদ্ধি পালে।

প্ৰস্তাৱিত গোৱালপাৰা চিকিৎসা মহাবিদ্যালয়ৰো স্থান পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷ ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত গোৱালপাৰা চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে বিবেচনাধীন এক স্থান আজি মন্ত্ৰী কেশৱ মহন্তই পৰিদৰ্শন কৰে । বুধবাৰে বিয়লি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে গোৱালপাৰাৰ আগিয়াত প্ৰায় ১০০ বিঘাৰ ভূমিৰ এই প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰে৷ লগতে আনুষংগিক বিভিন্ন দিশ আৰু সামগ্ৰিক পৰিৱেশ নিৰীক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Assam Govt new cabinet decisions: গাঁও পঞ্চায়তৰ প্ৰতিনিধিয়ে প্ৰতি মাহৰ ১০ তাৰিখে পাব পাৰিতোষিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.