ETV Bharat / state

ধেমাজিত যান্ত্ৰিক পদ্ধতিৰে কৃষি চপোৱা উৎসৱ

author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 5:33 PM IST

Mechanized harvesting ceremony in Dhemaji
যান্ত্রিক পদ্ধতিৰে শস্য চপোৱা অনুষ্ঠান

সোমবাৰে বৰদলনী কৃষি চক্ৰৰ অধীনৰ বৰবাম পথাৰত যান্ত্রিক পদ্ধতিৰে শস্য চপোৱা অনুষ্ঠানৰ আয়োজন কৰা হয় । 'কম্বাইন হাৰ্ভেষ্টাৰ' যন্ত্ৰৰ দ্বাৰা শালি ধান চপোৱা অনুষ্ঠাটোৰ শুভাৰম্ভ কৰে ধেমাজি জিলা কৃষি বিষয়াই।

যান্ত্রিক পদ্ধতিৰে শস্য চপোৱা অনুষ্ঠান

ধেমাজি, ১২ ডিচেম্বৰ: ধেমাজি জিলা কৃষি বিভাগৰ দ্বাৰা এপাৰ্ট (APART) আঁচনিৰ অধীনত জিলাখনৰ কৃষকক 'কৃষি যান্ত্রিকীকৰণ' ৰ ক্ষেত্ৰত অধিক আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে সোমবাৰে বৰদলনী কৃষি চক্ৰৰ অধীনৰ বৰবাম পথাৰত যান্ত্রিক পদ্ধতিৰে শস্য চপোৱা অনুষ্ঠান অনুষ্ঠিত হয় । কৃষি বিভাগৰ অভিলাষী প্ৰকল্প এপাৰ্টৰ অধীনৰ 'কম্বাইন হাৰ্ভেষ্টাৰ' যন্ত্ৰৰ দ্বাৰা শালি ধান চপোৱা অনুষ্ঠাটোৰ শুভাৰম্ভ কৰে ধেমাজি জিলা কৃষি বিষয়া নৰনাথ পেগুয়ে ।

এই উপলক্ষে আয়োজিত সভাখনৰ আঁত ধৰে জিলা সহকাৰী কৃষি সঞ্চালক তথা এপাৰ্টৰ ন'ডেল বিষয়া গুঞ্জানন দেউৰীয়ে । উক্ত অনুষ্ঠানত কৃষক ৰাইজৰ লগতে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ (IRRI)গৱেষক বিজ্ঞানী ঋষিকেশ ফুকন, জ্যেষ্ঠ গৱেষণা কাৰিকৰী কৃষি সম্প্ৰসাৰণ সঞ্জয় কুমাৰ যাদৱ, মধুবন এফপিচিৰ সঞ্চালক ৰাজু পাতিৰ, এছএছএছ এটমাৰ উপ প্ৰকল্প সঞ্চালক ৰাণা বুঢ়াগোহাঁইৰ প্ৰমুখ্যে বিটিএম, এটিএম, ডিএইচ চি আৰু APARTৰ বিষয়া কৰ্মচাৰীসকল ।

বৰদলনী কৃষি চক্ৰৰ অধীনৰ বৰবাম পথাৰত যান্ত্রিক পদ্ধতিৰে শস্য চপোৱা অনুষ্ঠানত কৃষক ৰাইজক উদ্দেশ্যি কৃষি যন্ত্ৰপাতিৰ ব্যবহাৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায় IRRIৰ গৱেষক বিজ্ঞানী ঋষিকেশ ফুকনেআৰু এপাৰ্টৰ বিভিন্ন আঁচনিসমূহৰ বিষয়ে অৱগত কৰে জিলা সহকাৰী কৃষি সঞ্চালক তথা এপাৰ্টৰ ন'ডেল বিষয়া গুঞ্জানন দেউৰীয়ে । আনহাতে, জিলা কৃষি বিষয়া নৰনাথ পেগুৱে কৃষি যান্ত্ৰিকীকৰণৰ সুবিধা আৰু যিসকল কৃষকে এতিয়াও কৃষক সন্মান নিধি আঁচনিৰ সুবিধা লাভ কৰা নাই তেওঁলোকক বৰদলনী কৃষি উন্নয়ন বিষয়াক যোগাযোগ কৰি যাৱতীয় নথি পত্ৰ প্ৰদান কৰিবলৈ আহ্বান জানায় ।

লগতে পঢ়ক:সংকল্প যাত্ৰাক লৈ উখল-মাখল পৰিৱেশ ৰঙিয়াৰ বিছেন্নালা গাঁৱত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.