ETV Bharat / state

Husband wife fight: স্বামী-স্ত্ৰীৰ কাজিয়া; নিৰ্যাতিত পুৰুষৰ বাবে আইন প্ৰণয়নৰ দাবী অভিযুক্ত স্বামীৰ

author img

By

Published : Jun 11, 2023, 10:48 PM IST

Accused husband demands law for tortured men
নিৰ্যাতিত পুৰুষৰ বাবে আইন প্ৰণয়নৰ দাবী অভিযুক্ত স্বামীৰ

স্বামী-স্ত্ৰীৰ কাজিয়াই জোঁকাৰিছে চিলাপথাৰ ৷ প্ৰকৃততে কোন সঁচা ? পত্নীৰ অভিযোগ যৌতুক বিচাৰি, শাৰীৰিক অত্যাচাৰ স্বামীৰ ৷ ইফালে যৌতুক বিচৰাৰ অভিযোগ অস্বীকাৰ স্বামীৰ ৷ পত্নী আৰু পত্নীৰ পৰিয়ালে নিৰ্যাতন চলোৱাৰ অভিযোগত থানাত গোচৰ স্বামীৰ ৷

নিৰ্যাতিত পুৰুষৰ বাবে আইন প্ৰণয়নৰ দাবী অভিযুক্ত স্বামীৰ

জোনাই, ১১ জুন: দুদিনৰ পূৰ্বে ধেমাজি জিলাৰ চিলাপথাৰ অমৃতপুৰৰ এগৰাকী মহিলাই তেওঁৰ স্বামীৰ বিৰুদ্ধে যৌতুক দাবীৰ এক গোচৰ চিলাপথাৰ থানাত ৰুজু কৰিছিল ৷ মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ বিৰুদ্ধে কেৱল যৌতুকৰ দাবীয়েই নহয় তেওঁক দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ৷ সেই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰিও প্ৰচাৰ হৈছিল ৷

ইয়াৰ পিচতে এতিয়া ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অভিযুক্ত স্বামী ৰঞ্জন মজুমদাৰে ৷ তেওঁ কয় যে, যৌতুক দাবী কৰা বুলি প্ৰকাশ পোৱা বাতৰিটোৰ সকলো তথ্যই ভুল ৷ কাৰণ তেওঁ কোনোদিন যৌতুক দাবী কৰা নাছিল বৰঞ্চ তেওঁৰ ওপৰতহে তেওঁৰ পত্নী আৰু পত্নীৰ পৰিয়ালে দীৰ্ঘদিন ধৰি নিৰ্যাতন চলাই আহিছে ৷ পত্নীয়ে অভিযোগ কৰাৰ দৰে তেওঁ গাড়ীখন তথা মটৰচাইকেলখন পত্নীৰ পৰিয়ালে দিয়া নাই তেওঁ নিজে বেংকৰ ঋণ লৈ লৈছে আৰু তাৰ কিস্তি এতিয়াও তেওঁ পৰিশোধ কৰি আছে ৷

তেওঁ জানিবলৈ দিয়ে যে, বিয়াৰ পিচত তেওঁৰ উপাৰ্জনৰ সমস্ত ধন খৰচ কৰি পত্নীক বিজ্ঞানৰ স্নাতক, আইনৰ স্নাতক, ডি ফাৰ্ম, ডি এল এড আদি পঢ়াই যোগ্য কৰি তুলিলে ৷ এতিয়া তেওঁৰ ওপৰত মিছা মনেসজা কিছুমান অভিযোগ আনি তেওঁৰ পৰা আঁতৰি যাব খুজিছে ৷ তেওঁৰ পত্নীয়ে পিতৃ-মাতৃৰ লগ লাগি বিবাহৰ নামত ব্যৱসায় চলাইছে ৷

পূৰ্বেও চিলাপথাৰৰ এজন যুৱকৰ লগত এইগৰাকী মহিলা বিবাহপাশত আৱদ্ধ হৈ তেওঁৰ ওপৰত এইদৰে যৌতুকৰ গোচৰ জাপি দি বুজন পৰিমাণৰ ধন সৰকাই নিয়াৰ ফন্দী কৰিছিল ৷ এইবাৰ তেওঁক বলিৰ পঠা সজাব খুজিছে ৷ তেওঁ যৌতুক লোৱাতো বাদেই বৰঞ্চ তেওঁৰ পত্নীয়ে পিতৃ-মাতৃৰ লগ লাগি তেওঁ নথকাৰ সুযোগ লৈ ৰুমৰ তলা ভাঙি তেওঁৰ সমস্ত বস্তু লুটি নিয়ে ৷

এই সন্দৰ্ভত ইতিমধ্যে তেওঁ চিলাপথাৰ থানাত এক গোচৰ ৰুজু কৰিছে বুলি সদৰী কৰে ৷ চৰকাৰে নাৰী নিৰ্যাতনৰ ওপৰত বহুতো আইন প্ৰণয়ন কৰিছে কিন্তু নাৰীৰ হাতত নিৰ্যাতিত পুৰুষসকলৰ সুৰক্ষাৰ বাবেও আইন প্ৰণয়ন কৰিবলৈ তেওঁ কৰযোৰে চৰকাৰলৈ আহ্বান জনাইছে ৷ এতিয়া পৰৱৰ্তী তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত সত্য ৷ প্ৰকৃততে অভিযুক্ত কোন?

লগতে পঢ়ক: Suicide in Barpeta: কলগাছিয়াত তিনি সন্তানৰ পিতৃৰ চিপলৈ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.