ETV Bharat / state

Revived village in Dhemaji:হেৰুৱা ঠিকনা বিচাৰি পাই আনন্দিত গাঁওবাসী

author img

By

Published : Jul 1, 2023, 4:29 PM IST

দুৰ্যোগৰ পিছত পুনৰুজ্জীৱিত হৈছে ধেমাজিৰ এখন গাঁও ৷ পুৰণি আপোন গাঁওখনি ঠন ধৰি উঠা দেখি আনন্দত আত্মহাৰা হৈ পৰিছে গাঁওবাসী ৷ বাঢ়নী পানীত চিনচাব নাইকিয়া হৈ যোৱা ধেমাজিৰ এখন গাঁৱৰ কাহিনী এইয়া-

a village in dhemaji
পুনৰুজ্জীৱিত হৈছে ধেমাজিৰ এখন গাঁও

পুনৰুজ্জীৱিত হৈছে ধেমাজিৰ এখন গাঁও

ধেমাজি, 1 জুলাই : কথা এষাৰ আছে নহয়, ‘অল্ড ইজ গ’ল্ড’ ; এই কাহিনীটোও ঠিক তেনেকুৱাই ৷ পুৰণিৰ সুবাস বিচাৰি পাই পুনৰ নতুনকৈ জীৱন আৰম্ভ কৰিছে এইসকল লোকে ৷ নিজ চকুৰ সন্মুখতেই নি:চিহ্ন হৈ যোৱা গাঁওখন বিচাৰি পাই সেই মাটিতেই সাজিছেগৈ নতুনকৈ এখন ঘৰ ৷ হেৰুৱা ঠিকনা বিচাৰি পাই পুনৰ আকৌ পুৰণি দিনবোৰলৈ গুচি গৈছে তেওঁলোক ৷ ধেমাজিৰ এখন গাঁও, নাম 2নং টেকজুৰি বৰ্মন গাঁও, নাইকিয়া হৈ গৈছিল জীয়াঢলৰ গৰাহনীয়া আৰু বাঢ়নী পানীৰ কবলত ৷

কালান্তক জীয়াঢলৰ গৰাহনীয়া আৰু বাঢ়নী পানীৰ কবলত পৰি উছন হৈছিল এই গাঁওখন । মাটি ভেটিৰ লগতে গাঁওখনৰ শিক্ষানুষ্ঠাখনো জাহ গৈছিল জীয়াঢলৰ বুকুত ৷ গাঁওবাসীৰ চকুৰ সন্মুখতে নি:চিহ্ন হৈছিল গাঁওখন ৷ ইয়াৰ পিচতে সলনি হৈছিল গাঁওবাসীৰ ঠিকনা ৷ পিছে যোৱা ১/২ বছৰৰ ভিতৰত পুনৰুত্থান ঘটিছে গাঁওখনৰ ৷ গছ-গছনি, বন-লতাৰে পুনৰ সেউজীয়া হৈ পৰিছে গাঁওখন ৷ সেয়ে নিজৰ ঠিকনা বিচাৰি পুনৰ এজন দুজনকৈ প্ৰত্যাৱৰ্তন কৰিছে আপোন গাঁওখনলৈ ৷

হয়, 2012-13 বৰ্ষত প্ৰলংকৰী জীয়াঢলৰ বাঢ়নী পানীয়ে ধেমাজি বিষ্ণুপুৰ পঞ্চায়তৰ 2নং টেকজুৰি বৰ্মন গাঁওখনৰ ঘৰ-দুৱাৰ, ৰাস্তা-পদূলি সমূলঞ্চে বালিয়ে পুতি পেলাইছিল ৷ জাহ গৈছিল গাঁওখনৰ শিক্ষানুষ্ঠান, নামঘৰ সকলো । ফলত ধেমাজি জিলা প্ৰশাসনে সংৰক্ষিত জীয়াঢলৰ বনাঞ্চলৰ আশে পাশে গৃহহীন লোকসকলক আশ্ৰয় দি বৰ্মন গাঁও নামেৰে নামাকৰণ কৰিছিল ৷ এতিয়াও গাঁওখনৰ বহু পৰিয়াল আৰু চৰকাৰী বিদ্যালয়খন সংৰক্ষিত বনাঞ্চলতে আছে ৷

কিন্ত শেহতীয়াকৈ বিগত দুই এবছৰৰ ভিতৰত গাঁওখনত বসতি স্থাপন কৰিব পৰাকৈ পৰিৱেশ গঢ় লৈ উঠাত পুনৰ ঢাপলি মেলিছে আপোন গাঁওখনলৈ ৷ ইতিমধ্যে বহু কেইজনে ঘৰ-বাৰী স্থাপন কৰিছে ৷ প্ৰধানতঃ কৃষিজীৱী পৰিয়ালসমূহে ন উদ্যমেৰে আৰম্ভ কৰিছে কৃষি কাৰ্য ৷ জীয়াঢলে পলস পেলাই থৈ যোৱা বাৰীত জেউৰা দি শাৰী শাৰী কৈ তামোল, কল আৰু নানা পাচলিৰ খেতি কৰি আনন্দিত হৈছে গাঁওবাসী ৷

অৱশ্যে এতিয়াও সংৰক্ষিত বনাঞ্চলতে আশ্ৰয় গ্ৰহণ কৰি আছে গাঁৱৰ বহু বানাক্ৰান্ত পৰিয়ালে ৷ মৰুময় পৰিৱেশ সৃষ্টি কৰাৰ পিচত গাঁওখনলৈ উভতি অহা প্ৰথমটো প্ৰদীপ বৰ্মনৰ পৰিয়ালটোৱে ক’লে আপোন গাঁওখন হেৰুৱাৰ বেদনা আৰু প্ৰাপ্তিৰ আনন্দৰ কথা ৷ কিন্তু মন কৰিবলগীয়া কথা যে গাঁওখনলৈ অহা-যোৱা কৰা মূল পথটোত দলং নথকাত বৰ্তমান গাঁওখনত বাস কৰা নটা পৰিয়ালে নিজে শ্ৰম কৰি নিৰ্মাণ কৰি লৈছে বাঁহৰ দলং ৷ এতিয়া তেওঁলোকে গাঁওখনৰ পুনৰ উন্নয়নৰ বাবে চৰকাৰক সুদৃষ্টি দিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক : Rai river of Dhemaji:ৰাই নদীয়ে নিদ্ৰা হৰণ কৰিছে ধেমাজিৰ বৰুৱা লালুংবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.