Rai river of Dhemaji:ৰাই নদীয়ে নিদ্ৰা হৰণ কৰিছে ধেমাজিৰ বৰুৱা লালুংবাসীৰ

By

Published : Jun 29, 2023, 9:14 PM IST

thumbnail

ধেমাজি, 29 জুন : বাৰিষাৰ ছমাহেই বানৰ সৈতে সহৱস্থান কৰি কটাবলগীয়া হয় ধেমাজি লক্ষীপথাৰ গাঁও পঞ্চায়তৰ ২ নং বৰুৱা লালুংবাসীয়ে ৷ এশৰো অধিক পৰিয়ালে বাস কৰি অহা গাঁওবাসীক বিগত তিনিবছৰে খৰস্ৰোতা ৰাই নদীয়ে জ্বলা-কলা খুৱাই আহিছে ৷ ক্ৰমান্বয়ে মাটি ভেটি পথাৰ ৰাই নদীৰ বালিয়ে পুতি পেলাইছে ৷ কৃষি জীৱী পৰিয়ালৰ বহু পুৰুষে কামৰ সন্ধানত গাঁও এৰি ঢাপলি মেলিছে আন ঠাইলৈ ৷ পিছে পৰিতাপৰ বিষয় যে প্ৰথম দুটা বছৰ গাঁওবাসীয়ে ধেমাজি প্ৰশাসনৰ তৰফৰ পৰা আশ্ৰয় শিবিৰ আৰু বান সাহায্য লাভ কৰিছিল যদিও শেহতীয়াকৈ প্ৰশাসনৰ পৰা এই পৰ্যন্ত ফুটাকড়ি এটাও সাহায্য লাভ কৰা নাই বুলি অভিযোগ কৰিছে ৷

জানিব পৰা মতে, যোৱা বছৰৰ পৰা নদীখনে পথাৰ চোতাল ভেঁটি মুহূৰ্ততে বুৰাই পেলাই যদিও ২/৩ঘন্টাৰ পিছতে শুকাই যায় পানী৷ যাৰ পৰিপ্ৰেক্ষিতত দুৰ্ভাগ্যজনকভাৱে চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত হৈ বোকা পানীৰ সৈতে এক দুৰ্বিষহ জীৱন কটাই আহিছে 2নং বৰুৱা লালুংবাসীয়ে ৷ চলিত বছৰত আজিলৈকে দুবাৰ ৰাই নদীৰ বানৰ কবলত পৰি ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে যদিও চৰকাৰী বিষয়া, গাঁওবুঢ়া মণ্ডল গৈ পোৱাৰ আগেয়ে ৰাই নদীৰ বাঢ়নী পানী শুকাই ঘৰৰ চোতাল ওলাই যায়, সেয়ে চৰকাৰী সাহাৰ্য পোৱাৰ তালিকাত সাঙুৰি লোৱা হোৱা নাই বানবিধ্বস্ত 2 নং বৰুৱা লালুংবাসীক ৷

লগতে পঢ়ক : Assam Flood Update: এতিয়াও বানৰ কবলত ৰাজ্যৰ ১১ খন জিলা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.