ETV Bharat / state

Assam Flood Update: এতিয়াও বানৰ কবলত ৰাজ্যৰ ১১ খন জিলা

author img

By

Published : Jun 29, 2023, 8:18 PM IST

Assam flood situation severely affected in 11 villeges
এতিয়াও বানৰ কবলত ৰাজ্যৰ ১১ খন জিলা

বছৰটোৰ প্ৰথমটো বানত জুৰুলা ৰাজ্যৰ বিভিন্ন প্ৰান্ত । বছৰৰ প্ৰথমটো বানত এতিয়ালৈ মৃত্যু ৭ জনকৈ লোকৰ । এতিয়াও মুক্ত হোৱা নাই ৰাজ্যৰ ১১ খন জিলা । জলবন্দী হৈ আছে ৮২,৯৬৫ জন । বানৰ পিছতেই আৰম্ভ হৈছে খহনীয়া ।

গুৱাহাটী,২৯ জুন: চলিত বছৰৰ প্ৰথমটো বানত অসমত এতিয়ালৈকে মৃত্যু হৈছে সাতজনকৈ লোকৰ । বৃহস্পতিবাৰলৈ ৰাজ্যৰ উপনৈসমূহৰ পানী যথেষ্ট কমিছে যদিও বানৰ কবলৰপৰা এতিয়াও মুক্ত হোৱা নাই ৰাজ্যৰ ১১ খন জিলা । ২৫৩ খন গাঁৱৰ ৩৭,৭৩৭ লোক আজিও বান আক্ৰান্ত বুলি জানিবপৰা গৈছে । মৌচুমী বতাহৰ প্ৰৱেশৰ ফলত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে চলিত মাহৰ মধ্যভাগৰপৰা ৰাজ্যত আৰম্ভ হৈছিল বানৰ তাণ্ডৱ ।

ৰাজ্যৰ ২২ খন জিলাৰ ডেৰ সহস্ৰাধিক গাঁৱৰ প্রায় পাঁচলাখ জনসংখ্যাক এই বানে প্ৰভাৱিত কৰিছে । বানত পৰি যোৱা ২২ জুনত তামুলপুৰ গোৰেশ্বৰত মৃত্যুৰ প্ৰথমটো ঘটনা ঘটে । ইয়াৰ পাছত ২৩ জুনত নলবাৰীৰ ঘগ্ৰাপাৰাত এজন, ২৩ জুনত নলবাৰী বেণীকুছিত এজন, ২৬ জুনত বৰপেটা আৰু সৰ্থেবাৰীত এজনকৈ মুঠ দুজন, ২৭ জুনত বৰপেটাৰ এজনৰ মৃত্যু হৈছে । শেহতীয়াকৈ গোৱালপাৰাৰ ৰংজুলিত এজনৰ মৃত্যু হোৱা বুলি বুধবাৰে অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰিছে ।

বজালীৰ সৰুপেটা আৰু বজালী ৰাজহ চক্ৰ, বৰপেটাৰ চেঙা, সৰ্থেবাৰী আৰু বৰপেটা, বিশ্বনাথৰ হেলেম, দৰঙৰ মঙলদৈ, ধেমাজি, গোৱালপাৰাৰ ৰংজুলি, যোৰহাটৰ তিতাবৰ, যোৰহাট পূৱ, কামৰূপৰ উত্তৰ, গুৱাহাটী, হাজো, কমলপুৰ, লখিমপুৰৰ নাওবৈচা, নলবাৰীৰ বৰভাগ, বৰক্ষেত্ৰী, নলবাৰী, শোণিতপুৰৰ চাৰিদুৱাৰ আৰু তামুলপুৰৰ ৩৯৫ খন গাঁও বৃহস্পতিবাৰেও বানৰ কবলত আছে ।

বানৰ ফলত এতিয়াও জলবন্দী হৈ আছে ৮২,৯৬৫ জন । বানত বুৰ গৈ আছে ১৮৫৯ হেক্টৰ কৃষিভূমি । আনহাতে, বজালীৰ ৭২ টা, বৰপেটাৰ ২৭ টা, নলবাৰী, শোণিতপুৰৰ দুটাকৈ, বিশ্বনাথ আৰু তামুলপুৰৰ এটাকৈ মুঠ ১০৫ টা বান সাহায্য বিতৰণ কেন্দ্ৰত এতিয়াও বন্যার্ত ৰাইজৰ মাজত খাদ্য সামগ্রী বিতৰণ কৰি থকা হৈছে ।

ইফালে, কামৰূপৰ উত্তৰ গুৱাহাটীৰ এটা বান আশ্রয় শিৱিৰত এতিয়াও চাৰিজন বন্যার্তই আশ্রয় লৈ আছে বুলি জানিবপৰা গৈছে । বানৰ পিছত এতিয়া কেইবাখনো জিলা নৈপৰীয়া অঞ্চলত খহনীয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । যোৱা ২৪ ঘণ্টাত বাক্সা, মাজুলী, নলবাৰী, শোণিতপুৰ, দক্ষিণ শালমাৰা, তামুলপুৰ আৰু তিনিচুকীয়াত খহনীয়া সৃষ্টি হৈছে বুলি অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে প্রকাশ কৰিছে । আনহাতে, বৃহস্পতিবাৰে হাফলঙত ভূমিস্খলনৰ এক ঘটনা সংঘটিত হয় ।

লগতে পঢ়ক: Maha jan sampark abhiyan: বিজেপি নেতাক অহংকাৰ পৰিত্যাগৰ আহ্বান প্ৰবুদ্ধ নাগৰিকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.