ETV Bharat / state

Maha jan sampark abhiyan: বিজেপি নেতাক অহংকাৰ পৰিত্যাগৰ আহ্বান প্ৰবুদ্ধ নাগৰিকৰ

author img

By

Published : Jun 29, 2023, 7:26 PM IST

বিজেপিৰ মহা জনসম্পৰ্ক অভিযানৰ অংশ স্বৰূপে বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজন প্ৰবুদ্ধ নাগৰিক সন্মিলন ৷ বিজেপিৰ নেতাসকলক অহংকাৰ পৰিত্যাগৰ উপদেশ বৰ্ষীয়ান ব্যক্তিৰ ৷

Assam BJP head office in Guwahati
Prabuddha Nagarik Sanmilan

বিজেপি নেতাক অহংকাৰ পৰিত্যাগৰ আহ্বান

গুৱাহাটী, ২৯ জুন: বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হয় প্ৰবুদ্ধ নাগৰিক সন্মিলন । মহা জনসম্পৰ্ক অভিযানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় এই সন্মিলনৰ । অনুষ্ঠানত উপস্থিত থাকে সাংসদ কুইন ওজা, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, গুৱাহাটী মহানগৰ জিলা বিজেপিৰ সভাপতি তপন দাসকে প্ৰমুখ্য কৰি বহুকেইজন ব্যক্তি ।

অনুষ্ঠানটোত বিজেপি নেতৃত্ব ইটোৰ পাছত সিটো প্ৰশ্নৰ সন্মুখীন হয় প্ৰবুদ্ধ নাগৰিকসকলৰ । অনুষ্ঠানটোত এগৰাকী প্ৰবুদ্ধ নাগৰিকে বৰ্তমান বিজেপিৰ নেতৃত্বক অহংকাৰী হোৱা দেখা পোৱা যায় বুলি মন্তব্য আগবঢ়ায় । নাগৰিকসকলৰ মতে বৰ্তমান নতুন প্ৰজন্মৰ হাততেই বিজেপিৰ শাসনৰ কাম-কাজ অৰ্পণ কৰা হৈছে । এয়া ভাল কথা, কিন্তু বয়োজ্যেষ্ঠ সকলক এৰাই দলীয় নেতৃত্ব আগবঢ়াত অসন্তুষ্টি প্ৰকাশ কৰে প্ৰবুদ্ধ নাগৰিকসকলে ।

আন এগৰাকী প্ৰবুদ্ধ নাগৰিকে ক্ষোভ প্ৰকাশ কৰি কয়, ‘‘অৱহেলিত হৈছে সংখ্যালঘু লোকসকল । সংখ্যালঘুক কেৱল স্বাৰ্থতহে ব্যৱহাৰ কৰা হয় ।’’ এগৰাকী প্ৰবুদ্ধ নাগৰিকৰ মতে বৰ্তমান চৰকাৰে আঁচনি বহুত দিছে । যাৰ ফলত মধ্যবিত্ত শ্ৰেণীটোক কঁকাল ভাঙি পেলাইছে । এই চৰকাৰ বুলি নহয় প্ৰায় সকলো চৰকাৰেই মধ্যবিত্ত শ্ৰেণীটোক মাৰি পেলোৱাৰ সদৃশ হৈছে বুলি উল্লেখ কৰে প্ৰবুদ্ধ নাগৰিকসকলে ।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ কুইন ওজাই কয়, ‘‘মোদী চৰকাৰৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে পালন কৰা মহাসম্পৰ্ক অভিযানৰ অংশ স্বৰূপে এই প্ৰবুদ্ধ নাগৰিক সন্মিলন অনুষ্ঠিত কৰা হয় । য’ত গুৱাহাটী লোকসভা সমষ্টিৰ যথেষ্ট সংখ্যক প্ৰবুদ্ধ নাগৰিক উপস্থিত থাকে । এই অনুষ্ঠানত প্ৰবুদ্ধ নাগৰিকসকলে যথেষ্ট পৰামৰ্শ প্ৰদান কৰে, আমিও কিছু কথা কওঁ ।’’ লগতে এনেধৰণৰ অনুষ্ঠান আগলৈও অনুস্থিত কৰা হ’ব বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক: Discontent in AGP: অগপত বাঢ়িছে অসন্তুষ্টি; গান্ধাৰীৰ ৰূপত শীৰ্ষ নেতৃত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.