ETV Bharat / state

Landslide in Arunachal Pradesh : অৰুণাচলৰ ভূমিস্খলনত নিহত অসমৰ ৪ শ্রমিক

author img

By

Published : May 6, 2023, 8:23 PM IST

Landslide in Arunachal Pradesh
Landslide in Arunachal Pradesh

অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ৷ অসমৰ চাৰিজন শ্রমিকৰ কৰুণ মৃত্যু (massive landslide in Arunachal Pradesh) ।

জোনাই, ৬ মে' : অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা (massive landslide in Arunachal Pradesh) । এই ভয়ংকৰ ভূমিস্খলনত অসমৰ অতিকমেও চাৰিজন শ্রমিকৰ মৃত্যু হোৱাৰ খবৰ আহিছে (Assam worker died in Arunachal landslide) । জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ আপাৰ ছিয়াং জিলাত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা (landslide in upper siang of Arunachal) ।

ইংকিয়াং-টুটিং ৰোডৰ মচিং গাঁৱত হোৱা এই ভয়াৱহ ভূমিস্খলনৰ ফলত অৰুণাচলত পথ নিৰ্মাণ কাৰ্যত জড়িত থকা অসমৰ ৪ জন শ্ৰমিকৰ মৃত্যু হয় । শোকাৱহ ঘটনাটোত প্ৰাণ হেৰুওৱা শ্ৰমিককেইজন পথ নিৰ্মাণৰ কামত নিয়োজিত হৈ আছিল । উল্লেখ্য, ভূমিস্খলনৰ ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে শ্রমিককেইজন জীৱন্তে সমাধিস্থিত হয় । ভূমিস্খলন সংঘটিত হোৱাৰ সময়ত শ্ৰমিককেইজন পথৰ কাষৰ অস্থায়ী শিবিৰত শুই আছিল । উল্লেখ্য যে বিগত পাঁচদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবেই এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনাটো সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে । অঞ্চলটোত বিগত পাঁচ দিন ধৰি নেৰেনেপেৰা বৰষুণ হৈ থকাৰ বাবে টুটিং অঞ্চলৰ বহিঃজগতৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ আছে ।

"ছয়জন শ্ৰমিক ঘটনাস্থলীত শুই আছিল । কিন্তু তেওঁলোকৰ চাৰিজন বোকা-পলসৰ তলত সোমাই পৰে । তেওঁলোক জীৱন্ত অৱস্থাতে সমাধিস্থিত হয় । ঘটনাটোৰ কেইঘণ্টামানৰ পিচত মৃতদেহকেইটা উদ্ধাৰ কৰা হয় ।" আপাৰ চিয়াং জিলাৰ উপ-আৰক্ষী অধীক্ষক তাচো কাটোৱে এনেদৰে কয় ।

উল্লেখ্য জানিব পৰা মতে, মৃতসকলক বাচ্চু ৰাহুতিয়া (২৮), সঞ্জীৱ ৰাহুতিয়া (১৯), বীৰবল ৰাহুতিয়া (২৪) আৰু প্ৰীতম (২৫) বুলি চিনাক্ত কৰা হৈছে । ইয়াৰে বাচ্চু, সঞ্জীৱ আৰু বীৰবলক তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে । আনহাতে, প্ৰীতম হৈছে উত্তৰ প্ৰদেশৰ চাহাৰনপুৰ জিলাৰ বাসিন্দা । মৃতদেহকেইটা উদ্ধাৰৰ পিচত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

লগতে পঢ়ক :Erosion in Majuli: মাজুলীৰ ১ নং মিছামৰাত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.