Erosion in Majuli: মাজুলীৰ ১ নং মিছামৰাত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া

By

Published : May 6, 2023, 7:47 PM IST

thumbnail

মাজুলী,৬ মে': সত্ৰ নগৰী মাজুলীত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া । নামনি মাজুলীৰ ১ নং মিছামৰাত খহনীয়া প্ৰতিৰোধৰ বাবে দিয়া জিঅ’ বেগৰ লগতে চপৰা চাপৰে খহিছে খেতিৰ ভূমি (Erosion of Brahmaputra in Majuli) । আহুধানৰ খেতি পথাৰত ব্ৰহ্মপুত্ৰৰ ভয়াবহ খহনীয়া । আহু ধান চিকুনাবলৈ আহি ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া দেখি মূৰে কঁপালে হাত দিছে মহিলাই ।  

ব্ৰহ্মপুত্ৰ নদীৰ ভয়াৱহ খহনীয়াই দৈনিক খহাই পেলাইছে বহু কৃষিভূমি (Erosion in Majuli) । এফালে কেইদিনমানৰ আগতে ধুমুহাই তছনছ কৰিলে গাঁওখনৰ বহু পৰিয়ালৰ বাসগৃহ । নিৰূপায় হৈ পৰিছে অঞ্চলতোৰ ৰাইজ । ব্ৰহ্মপুত্ৰ বৰ্ড , জিলা প্ৰশাসনক আবেদন নিবেদন কৰিও গাঁওবাসীয়ে নাপালে খহনীয়া প্ৰতিৰোধৰ কোনো আশ্বাস (Demand for early erosion prevention in Majuli) ।

ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দিনত খহনীয়া প্ৰতিৰোধৰ আঁচনি লাভ কৰিছিলো বুলি উল্লেখ কৰি হিমন্ত চৰকাৰৰ দিনত এতিয়া খহনীয়া চাবলৈও কোনো নাহে বুলি ক্ষোভ উজাৰিলে গাঁৱৰ মহিলাই । গজালি মেলা আহু ধানৰ খেতিত খহনীয়াত জাহ যোৱাত চহা কৃষকৰ সপোনবোৰ নিমিষতে চাৰখাৰ হৈ পৰিছে । অতি শীঘ্ৰে যাতে খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে তাৰে আহ্বান জনাই খহনীয়াগ্ৰস্ত ৰাইজে । 

লগতে পঢ়ক: MLA Akhil Gogoi slams BJP: হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন অসমৰ ইতিহাসত আটাইতকৈ বেছি ধাৰ লোৱা চৰকাৰ : অখিল গগৈ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.