MLA Akhil Gogoi slams BJP: হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন অসমৰ ইতিহাসত আটাইতকৈ বেছি ধাৰ লোৱা চৰকাৰ : অখিল গগৈ

By

Published : May 6, 2023, 3:39 PM IST

thumbnail
()

গুৱাহাটী, 6 মে’: "বিজেপি চৰকাৰ হৈছে ধাৰ লৈ ঘিউ খোৱা চৰকাৰ ৷ এই চৰকাৰখনে দুবাৰকৈ যাতে ধাৰ ল’ব পাৰে তাৰ বাবে এফ আৰ বি এল আইনখন সোধৰাই লৈছে ৷ ইয়াৰ আগলৈকে জিডিপিৰ 24 শতাংশহে ধাৰ লোৱাৰ সুবিধা প্ৰদান কৰা হৈছিল ৷ কিন্তু এতিয়া এই চৰকাৰখনে 34 শতাংশ ঋণ ল’ব পৰাকৈ আইনখন সংশোধন কৰাই লৈছে ৷ তাৰ বিৰুদ্ধে মই বিধানসভাৰ মজিয়াত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিলো ৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন অসমৰ ইতিহাসত আটাইতকৈ বেছি ধাৰ লোৱা চৰকাৰ ৷" শনিবাৰে গুৱাহাটীৰ নিয়াৰ আদালতত পুনৰ হাজিৰ হয় শিৱসাগৰৰ বিধায়ক অখিল গগৈসহ সতীৰ্থসকল  (MLA Akhil Gogoi present at NIA court)। ক’ৰ্টত হাজিৰ হৈ এই মন্তব্য প্ৰকাশ কৰে অখিল গগৈয়ে (MLA Akhil Gogoi slams BJP)৷  

গগৈয়ে লগতে কয়,"মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে ঋণৰ পোত খাইছে যদিও জাক জমকতা এৰা নাই চৰকাৰে। বিয়া খাবলৈও হেলিকপ্টাৰ লৈ যায় মুখ্যমন্ত্ৰীয়ে। ঋণ লৈ জনতাৰ ওপৰত কৰৰ বোজা জাপি দিছে চৰকাৰে। তেওঁ কয় যে ডকাইতৰ দৰে কৰ সংগ্ৰহ কৰিছে চৰকাৰে। 

ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি সন্দৰ্ভত অখিল গগৈয়ে কয় যে এক বছৰত ১ লাখ নিযুক্তি দিয়াত ব্যৰ্থ চৰকাৰ। দুবছৰটো ১ লাখ নিযুক্তি সম্পূৰ্ণ কৰিব নোৱাৰিলে চৰকাৰে (Akhil Gogoi slams CM Himanta Biswa Sarma)।"

শেহতীয়া নিযুক্তিত অভাৰলেপিংৰ অভিযোগ কৰে অখিল গগৈয়ে। ইপিনে পীযুষ হাজৰীকাক কটাক্ষ কৰি গগৈয়ে কয় যে বদৰুদ্দিন আজমল AIUDFৰ নেতা নহয় , পীযুষ হাজৰীকাহে AIUDFৰ নেতা। পীযুষ হাজৰীকাৰ মতেহে চলে AIUDF। বিজেপি আৰু AIUDF এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী অখিল গগৈ বৰ্তমান জামিনত আছে । আজি গোচৰটো পুণৰ পৰীক্ষণৰ দিন ধাৰ্য কৰিছিল NIA আদালতে ।

লগতে পঢ়ক: NIA Case against Akhil Gogoi: নিয়াৰ আদালতত পুনৰ হাজিৰ বিধায়ক অখিল গগৈ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.