ETV Bharat / state

Assam Police Anti drug Campaign: জোনাইত ড্ৰাগছসহ আটক 3 ব্যৱসায়ী

author img

By

Published : Aug 12, 2022, 3:28 PM IST

Assam Police Anti drug Campaign
জোনাইত ড্ৰাগছসহ আটক 3 ব্যৱসায়ী

জোনাইৰ দুটা ভিন্ন স্থানৰ পৰা ড্ৰাগছসহ আটক 3 সৰবৰাহকাৰী ৷ জোনাই মহকুমাৰ তৰাজানৰ পৰা গাঁওৰক্ষী বাহিনীয়ে এখন বলেৰ' পিক-আপ ভানসহ কৰায়ত্ব কৰে দুটাকৈ ড্ৰাগছ ব্যৱসায়ীক । আনহাতে 1নং মিৰি টাক গাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰে আন এটা ড্ৰাগছ আসক্ত তথা সৰবৰাহকাৰীক ৷

জোনাই ১২ আগষ্ট: অসম অৰুণাচল সীমান্তৱৰ্তী জোনাই মহকুমাৰ তৰাজানত বৃহস্পতিবাৰে নিশা গাঁওৰক্ষী বাহিনীয়ে তহল দি থকা অৱস্থাত এখন বলেৰ' পিক আপ ভানসহ দুজন ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ব কৰে । গাঁওৰক্ষী বাহিনীৰ দলে ড্ৰাগছ ব্যৱসায়ী দুটাৰ পৰা বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ, ভাং উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আনহাতে ড্ৰাগছ ব্যৱসায়ী দুটাৰ ওচৰত বলেৰ' পিক আপ ভানখনৰো কোনো নথিপত্ৰ নাছিল(Drug Mafia arrested at Jonai) ৷

জোনাইত ড্ৰাগছসহ আটক 3 ব্যৱসায়ীজোনাইত ড্ৰাগছসহ আটক 3 ব্যৱসায়ী

গাঁওৰক্ষী বাহিনীয়ে লগে লগে ঘটনা সন্দৰ্ভত জোনাই আৰক্ষীক অৱগত কৰে ৷ জোনাই আৰক্ষীয়ে লগে লগে ঘটনাস্থলীত উপস্থিত গৈ ড্ৰাগছ ব্যৱসায়ী দুটাক আটক কৰি তদন্ত আৰম্ভ কৰে ৷ জানিব পৰা মতে আটকাধীন ড্ৰাগছ ব্যৱসায়ী দুটা বৰপেটাৰ হাউলীৰ চুব্বাৰ আলিৰ পুত্ৰ চুকুৰ ওৰুফে বাবু আলি আৰু লাবাইলাপাৰাৰ ছিদ্দিক আলিৰ পুত্ৰ কুদ্ধোজ আলি বুলি জানিব পৰা হৈছে ৷

আনহাতে জব্দকৃত বলেৰ' পিক আপ ভানখনৰ পঞ্জীয়ন নম্বৰ AS 25 EC-0368(Bolero Pickup Van Seized at Jonai) ৷ ধৃত ব্যৱসায়ী দুটাই এই নিষিদ্ধ সামগ্ৰীখিনি বৰপেটাৰ পৰা অনা বুলি স্বীকাৰ কৰিছে ৷ তেওঁলোকে জোনাইৰ ৰুকচিনৰ পৰা অৰুণাচলৰ গেকুৰলৈ নিয়াৰ কথা স্বীকাৰ কৰে ৷ কুদ্ধোজ আলিয়ে জোনাইৰ ২ নং মূৰ্কংচেলেক আৰু বৰপেটা দুয়োটা ঠাইতে ঘৰ থকা কথা জানিবলৈ দিয়ে ৷

আনহাতে জোনাই আৰক্ষীয়ে একেদিনাই নিশা 1 নং মিৰি টাক গাঁৱৰ পৰা এটা ড্ৰাগছ আসক্ত তথা সৰবৰাহকাৰীক আটক কৰে ৷ আটকাধীন ড্ৰাগছ আসক্ত যুৱকটো দীনেশ বৰি বুলি জানিব পৰা হৈছে ৷ দীনেশ বৰিয়ে দীৰ্ঘদিন ধৰি নিষিদ্ধ ড্ৰাগছ সেৱন কৰাৰ উপৰিও সৰবৰাহো কৰি থকাৰ কথা স্থানীয় ৰাইজে জানিব দিয়ে ৷

আৰক্ষীয়ে ইয়াৰ পূৰ্বেও দুবাৰকৈ ড্ৰাগছ আসক্ত তথা সৰবৰাহকাৰী দীনেশ বৰিক গ্ৰেপ্তাৰ কৰিছিল ৷ কিন্তু জেলৰ পৰা ওলাই আহি পুনৰ ড্ৰাগছৰ ব্যৱসায় আৰম্ভ কৰে সৰবৰাহকাৰীটোৱে ৷ দীনেশ বৰিৰ পৰা আৰক্ষীয়ে এটা চাদা টেমাত ৰখা ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান সৰবৰাহকীটোক আটক কৰি তদন্ত অব্যাহত ৰাখিছে জোনাই আৰক্ষীয়ে ৷

লগতে পঢ়ক : Fight between Students : ছাত্ৰ নেতাৰ গুণ্ডা বাহিনীৰ আক্ৰমণত গুৰুতৰভাৱে আহত ছাত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.