ETV Bharat / state

Fight between Students, ছাত্ৰ নেতাৰ গুণ্ডা বাহিনীৰ আক্ৰমণত গুৰুতৰভাৱে আহত ছাত্ৰ

author img

By

Published : Aug 12, 2022, 12:11 PM IST

Updated : Aug 13, 2022, 12:15 PM IST

মৰাণত একাংশ ছাত্ৰৰ মাজত কাজিয়া (Fight between students in Moran)। ছাত্ৰ নেতাৰ নেতৃত্বত অহা যুৱকৰ দলে প্ৰহাৰ কৰিলে মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰক । ভুক্তভোগী ছাত্ৰ কাষ চাপিল আৰক্ষীৰ ।

Fight between Students
মৰাণত ছাত্ৰৰ মাজৰ কাজিয়াত আঘাতপ্ৰাপ্ত এজন

মৰাণ,১২ আগষ্ট : মৰাণত প্ৰচণ্ড মাৰপিটৰ ঘটনা । গুণ্ডাবাহিনীৰ আক্ৰমণত গুৰুতৰভাৱে আহত মৰাণ মহাবিদ্যালয়ৰ এজন ছাত্ৰ (Moran college student injured in fight)। মৰাণহাট আৰক্ষী থানাত এজাহাৰ ভুক্তভোগী ছাত্ৰৰ । জানিব পৰা মতে উষাপুৰৰ এটা ব্যক্তিগত হোষ্টেলৰ কোঠাৰ ভিতৰত সংঘটিত হৈছে এই ঘটনা ।

Fight between Students
ছাত্ৰ নেতাৰ নেতৃত্বত অহা যুৱকৰ দলে প্ৰহাৰ কৰিলে ছাত্ৰক

অভিযোগ অনুসৰি কোঠাৰ ভিতৰত ১৫-২০ জনীয়া যুৱকৰ দলে পাৰ্থপ্ৰতিম সোণোৱাল নামৰ ছাত্ৰজনক আক্ৰমণ কৰে (Goon attacked student in Moran)। ঘটনাত আঘাতপ্ৰাপ্ত পাৰ্থপ্ৰতিম আৰু তেওঁৰ সতীৰ্থসকলে জানিবলৈ দিয়া মতে কিছুদিন পূৰ্বে এজন ছাত্ৰৰ লগত কিছু কথাত সংঘাত হৈছিল পাৰ্থৰ (Fight between students in Moran)। ইয়াৰ পাছতে বৃহস্পতিবাৰে দুই ছাত্ৰৰ মাজত সৃষ্টি হোৱা ভুল বুজাবুজি আঁতৰাবলৈ পাৰ্থপ্ৰতিমক ফোন কৰি মৰাণৰ ঊষাপুৰৰ হোষ্টেললৈ মাতিছিল ।

অভিযোগ অনুসৰি তাৰ পাছতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা বসন্ত সন্দিকৈৰ নেতৃত্বত যোৱা যুৱকৰ দলে কোঠাটোৰ ভিতৰত প্ৰৱেশ কৰি ছাত্ৰ জনক প্ৰহাৰ কৰে । বিভিন্ন অস্ত্ৰ, লোৰ সঁজুলি আদিৰে পাৰ্থপ্ৰতিমক প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে । প্ৰাক্তন আছু নেতা তথা বৰ্তমান ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা বুলি পৰিচিত বসন্ত সন্দিকৈৰ নেতৃত্বত যোৱা দলটোৱে আনকি মাৰপিটৰ সময়ত লগত পিষ্টল লৈ যোৱা বুলিও ভুক্তভোগী ছাত্ৰজনে অভিযোগ কৰিছে ।

মৰাণত ছাত্ৰৰ মাজৰ কাজিয়াত আঘাতপ্ৰাপ্ত এজন

ঘটনাৰ পাছত নিশাই মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আঘাতপ্ৰাপ্ত ছাত্ৰজনে । অৱশ্যে কোঠাটোৰ ভিতৰত তেওঁলোকৰ মাজত কি হৈছিল ? ঘটনাটো কিহৰ বাবে সংঘটিত হৈছে ? সকলো ৰহস্য আৰক্ষীৰ সঠিক তদন্তৰ পাছতহে পোহৰলৈ আহিব । ইফালে সমগ্ৰ ঘটনাক লৈ মৰাণত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক :Minor Girl attempt to rape: সপ্তম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা লম্পটৰ

Last Updated : Aug 13, 2022, 12:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.