ETV Bharat / state

আলফা(স্বা)ৰ নামত ধন দাবী কৰি মঙলদৈত গ্ৰেপ্তাৰ তিনি যুৱক

author img

By

Published : Sep 4, 2021, 11:18 AM IST

মঙলদৈত আলফাৰ নামত তিনি যুৱকে ধন দাবী কৰাৰ অভিযোগ উত্থাপন ৷ আৰক্ষীয়ে যুৱক তিনিজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷

Three youths arrested in Mangaldai for demanding money
আলফাৰ নামত ধন দাবী কৰি মঙলদৈত গ্ৰেপ্তাৰ তিনি যুৱক

দৰং, 4 ছেপ্তেম্বৰ : দৰং জিলা আৰক্ষীয়ে শুকুৰবাৰে আলফা(স্বা)ৰ নামত ধন দাবী কৰা অভিযোগত মঙলদৈত তিনিজন যুৱকক কৰায়ত্ত কৰে ৷ দৰং আৰক্ষীয়ে মঙলদৈৰ তিনিটা ভিন্ন স্থানত অভিযান চলাই যুৱককেইজনক কৰায়ত্ব কৰে । মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মস্কো শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলায় এই অভিযান ৷

Three youths arrested in Mangaldai for demanding money
আলফাৰ নামত ধন দাবী কৰি মঙলদৈত গ্ৰেপ্তাৰ তিনি যুৱক

অভিযানকাৰীৰ দলটোৱে মঙলদৈৰ কৰিম চ'কত অভিযান চলাই জোনজ্যোতি বণিয়াক কৰায়ত্ব কৰে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে জোনজ্যোতিক মঙলদৈ থানালৈ আনে আৰু স্বীকাৰোক্তিৰ ভিত্তিত আউলাচৌকাৰ সমীপৱৰ্তী কালিয়াপাৰাত অভিযান চলায় ৷ কালিয়াপাৰাত আৰক্ষীৰ দলটোৱে আজাদ আলী নামৰ আন এজনক কৰায়ত্ব কৰে ।

আলফাৰ নামত ধন দাবী কৰি মঙলদৈত গ্ৰেপ্তাৰ তিনি যুৱক

ইয়াৰ পাছত আৰক্ষীৰ দলটোৱে পাথৰিঘাটত অভিযান চলাই চাহেব আলী নামৰ তৃতীয়গৰাকী অভিযুক্তক কৰায়ত্ব কৰি মঙলদৈ থানালৈ লৈ আনে ৷ যুৱক তিনিজনে এগৰাকী শিক্ষকক আলফা(স্বা)ৰ নামত ধন দাবী কৰিছিল ৷ গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নগৰীয়া শাখাৰ উপ পৰিদৰ্শক ডাণ্টেজিৎ দেউৰী, কৃষ্ণকান্ত লস্কৰ আৰু নীৰজ আলম চৌধুৰীয়ে চলায় এই অভিযান ৷

লগতে পঢ়ক : লক্ষ্য ভৱানীপুৰ : বিজেপিৰ উপ নিৰ্বাচন সমিতি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.