ETV Bharat / state

Egret attracts nature lover at Dalgaon: দলগাঁৱৰ বাঁহনিত বগলীৰ সভা

author img

By

Published : Jul 11, 2022, 5:14 PM IST

Species of Crane
দলগাঁৱৰ বাঁহনিত বগলীৰ সভা

দলগাঁৱৰ বাঁহনিত বহলাই বহিছে‌ জাক-জাক বগলী । প্ৰকৃতিক সুৰক্ষিত কৰি ৰখা দলগাঁওবাসীৰ কাষত নিৰাপত্তা অনুভৱ কৰে এইসমূহ বগলীয়ে ৷

দলগাঁও, ১১ জুলাই: ‌"বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা "। ‌ পিছে এইবাৰ বলুকাত নহয়, দলগাঁৱৰ বাঁহনীত বহলাই বহিছে‌ বগাকৈ বগলী । সম্প্ৰতি বনাঞ্চলৰ অভাৱত চৰাই-চিৰিকতিসমূহেও জনাঞ্চলত আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে দলগাঁৱত (Egret at Dalgaon) ।

দলগাঁৱৰ বাঁহনিত বগলীৰ সভা

জনাঞ্চলত আশ্ৰয় লোৱা এনে ভিন্ন প্ৰজাতিৰ জাকজাক বগলীয়ে দৃষ্টি আকৰ্ষণ কৰিছে দলগাঁৱৰ শিয়ালমাৰী‌ গাঁওবাসীৰ । উল্লেখযোগ্য যে দলগাঁৱৰ পৰা মাত্ৰ কেই কিল'মিটাৰমান দুৰত্বত অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যঘ্ৰ প্ৰকল্পৰ পৰা মাজে সময়েই বাঘ, হাতী, গাহৰি, হৰিণা‌, গঁড় আদি জনাঞ্চললৈ ওলাই আহে । এই বনৰীয়া জন্তুবোৰ খাদ্যৰ বাবেই হওক নাইবা বাসস্থানৰ বাবেই হওক বিভিন্ন কাৰণত হাবি-জংঘলৰ পৰা ওলাই আহে ।

জীৱ-জন্তুবোৰে কেতিয়াবা মানুহৰ ক্ষতি সাধন কৰে, কেতিয়াবা ক্ষতি‌ হয় জীৱ-জন্তুৰ । প্ৰাপ্ত তথ্য মতে বিগত কিছু ‌বছৰ ধৰি দলগাঁও থানাৰ অন্তৰ্গত ২ নং শিয়ালমাৰী গাঁৱৰ কেই জোপামান বাঁহনিত বিভিন্ন প্ৰজাতিৰ বগলীয়ে(Species of Crane) আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে । পানী কাউৰি, ৰঙা-ক’লা ঠোঁট থকা বগলী, শামুকভঙা, বিভিন্ন প্ৰজাতিৰ বনৰীয়া হাঁহ, কণামুচৰি আদি বিভিন্ন প্ৰজাতিৰ বগলীয়ে আশ্ৰয় লৈছে বাঁহনিত ।

ওচৰ পাজৰে থকা মানুহে এই জাক জাক ভিন্ন প্ৰজাতিৰ বগলীবোৰক সুৰক্ষা দি আহিছে যদিও সম্পূৰ্ণৰূপে সুৰক্ষিত বুলি কোৱা টান । বনৰীয়া জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যঘ্ৰ প্ৰকল্পৰ(Orang National Park) এলেকা বৃদ্ধিৰ সিদ্ধান্ত লৈছে যদিও সেই প্ৰক্ৰিয়া শামূকীয়া গতিতে চলিছে । হাবি-জংঘলৰ সীমা বৃদ্ধি হ’লে জীৱ-জন্তু, চৰাই-চিৰিকতিৰ সুৰক্ষা নিশ্চিত হোৱাৰ সমান্তৰালভাৱে মানুহৰ বাবেও এটি সুস্থ প্ৰাকৃতিক মনোমোহা পৰিৱেশ সৃষ্টি হ'ব আৰু দৰ্শনাৰ্থীৰ সংখ্যাও বৃদ্ধি পাব‌ ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত ।

চৰকাৰে এই ক্ষেত্ৰত অধিক খৰতকীয়া পদক্ষেপ গ্ৰহণ কৰাৰ আৱশ্যক হৈছে বুলি সচেতন ৰাইজে মন্তব্য কৰিছে ৷

লগতে পঢ়ক: Artist Mahendra Hazarika at paddy field: কৃষকৰ ৰূপত জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.