ETV Bharat / state

Artist Mahendra Hazarika at paddy field: কৃষকৰ ৰূপত জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকা

author img

By

Published : Jul 11, 2022, 3:41 PM IST

আমগুৰিত নাঙলৰ খুঁটিত ধৰি কেঁচা মাটিৰ গোন্ধ থকা গীত গালে জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাই (Artist Mahendra Hazarika)৷ হাউৰীত অংশগ্ৰহণ কৰি শিল্পীগৰাকীয়ে ক’লে কৃষকৰ কথা, কৃষিৰ কথা ৷ শিল্পীগৰাকীক সংগ দিলে বহুজনে ৷

Artist Mahendra Hazarika
আমগুৰিত কৃষকৰ ৰূপত দেখা গ'ল জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাক

আমগুৰি, ১১ জুলাই: নাঙলৰ মুঠিতেই কৃষকৰ শক্তি । কৃষকৰ উৎপাদিত ফচলেৰে ভৰি পৰক অসমৰ বজাৰ । আমগুৰিত কৃষকৰ ৰূপত দেখা গ'ল জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাক (Artist Mahendra Hazarika)।

নাঙলৰ মুঠিত ধৰি গৰুহাল লৈ মাটি চহাই শিল্পী মহেন্দ্ৰ হাজৰিকাই গালে বহুকেইটা বোকা মাটিৰ গোন্ধ থকা জনপ্ৰিয় গীত । আমগুৰিৰ গায়েন গাঁৱৰ দিগন্ত গায়েনৰ ন-ভূঁইত অংশগ্ৰহণ কৰি শিল্পীগৰাকীয়ে গালে বোকা মাটিৰ গোন্ধ থকা গীত (Mahendra Hazarika at Amguri)। দিগন্ত গায়েনৰ ন-ভূঁইত ১২ বিঘা মাটিত কঠিয়া ৰুই ৰোৱনীসকলো উৎসাহিত হৈ পৰে ।

আমগুৰিত কৃষকৰ ৰূপত দেখা গ'ল জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাক

প্ৰতি বছৰে ন-ভূঁই অনুষ্ঠিত কৰি গাঁৱৰ হালোৱা-ৰোঁৱনী একত্ৰিত কৰি গাঁৱৰ পৰা হেৰাই যোৱা হাউৰী প্ৰথাক ধৰি ৰাখিবলৈ চেষ্টা কৰি আহিছে দিগন্ত গায়েনে । ন-ভূঁই অনুষ্ঠানতে শিল্পী মহেন্দ্ৰ হাজৰিকাক সংগ দিয়ে সহশিল্পী অৰ্চনা বৰঠাকুৰে (Singer Archana Borthakur)।

চহা কৃষকক উৎসাহিত কৰিবৰ কাৰণে দুয়োগৰাকী শিল্পীয়ে বোকা মাটিৰ সুঘ্ৰাণ বিচাৰি আহাৰৰ পথাৰত ন-ভূঁইত অংশগ্ৰহণ কৰা দেখা গ'ল ।

লগতে পঢ়ক: PM Fasal Bima Yojana: প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাই স্পৰ্শ কৰিব পৰা নাই অসমৰ সকলো কৃষকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.