ETV Bharat / state

Swachh Survekshan Award:মঙলদৈ পৌৰসভাক দুটা ৰাষ্ট্ৰীয় বঁটা প্ৰদান

author img

By

Published : Oct 12, 2022, 10:55 PM IST

Swachh Survekshan Award
মঙলদৈ পৌৰসভাক দুটা ৰাষ্ট্ৰীয় বঁটা প্ৰদান

কেন্দ্ৰীয় চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে (Union Ministry of Housing and Urban Affairs) স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ ভিত্তিত অসমৰ ১৪ খন পৌৰ সভালৈ ২০২২ চনৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা আগবঢ়াইছে । মঙলদৈ পৌৰ সভাই ২০২২ বৰ্ষৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা লাভ কৰিছে । নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত অসমৰ আন ১৪ খন পৌৰসভাৰ লগতে মঙলদৈ পৌৰসভাক এই বঁটা প্ৰদান কৰা হয় ।

দৰং, ১২ অক্টোবৰ:স্বচ্ছতাৰ দিশত মঙলদৈ পৌৰসভাই দুটাকৈ ৰাষ্ট্ৰীয় বঁটা লাভ (Mangaldoi Municipality won two National Awards) কৰিবলৈ সক্ষম হৈছে। নৱগঠিত মঙলদৈ পৌৰসভাই দায়িত্ব গ্ৰহণ কৰাৰ কেইমাহমানৰ পিছতে দুটাকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰি উৎসাহিত হৈছে । কেন্দ্ৰীয় চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰাৰ ভিত্তিত অসমৰ ১৪খন পৌৰসভালৈ ২০২২ বৰ্ষৰ "স্বচ্ছ সৰ্বেক্ষন বঁটা" আৰু ৫খন পৌৰ সভালৈ" ইণ্ডিয়ান স্বচ্ছতা লীগ বঁটা"(Indian Swachh League Award 2022) আগবঢ়াইছে ।

মঙলদৈ পৌৰসভাই "স্বচ্ছ সৰ্বেক্ষন বঁটা "আৰু ইণ্ডিয়ান স্বচ্ছতা লীগ বঁটা"লাভ কৰিছে । অলপতে নতুন দিল্লীৰ তালকোটৰা ষ্টেডিয়ামত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে (President Draupadi Murmu) কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পূৰী (Union Minister Hardeep Singh Puri) আৰু ৰাজ্যিক মন্ত্ৰী কৌশল কিশোৰৰ উপস্থিতিত মঙলদৈ পৌৰসভাক এই বঁটা আনুষ্ঠানিক ভাৱে প্ৰদান কৰে ।

উল্লেখ্য় যে মঙলদৈ পৌৰসভাৰ সভানেত্ৰী নিৰ্মালি দেৱী শৰ্মা,কাৰ্যবাহী বিষয়া ৰিনি হাজৰিকা, উপ-সভাপতি অচ্যুত চন্দ্ৰ দাস আৰু নগৰ প্ৰকল্প বিষয়া হেৰম্ব কাকতীয়ে এই বঁটা গ্ৰহণ কৰে । মঙলদৈ পৌৰসভাই ২৫ হেজাৰৰ পৰা ৫০ হেজাৰ জনসংখ্যাৰ শ্ৰেণীত উল্লেখনীয়ভাৱে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে শ্ৰেষ্ঠ নাগৰিকৰ প্ৰতিক্ৰিয়া বঁটাও লাভ কৰিছে ।

মঙলদৈ পৌৰসভাক দুটা ৰাষ্ট্ৰীয় বঁটা প্ৰদান

পৌৰসভাই জিলাখনৰ নগৰ অঞ্চলসমূহ পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হৈছে ৷ পৌৰসভাৰ সভানেত্ৰীগৰাকীয়ে পৌৰসভাৰ কাৰ্যকৰী বিষয়া,সমূহ বিষয়ববীয়া তথা কৰ্মচাৰী,জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী,সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু মঙলদৈবাসী ৰাইজক ধন্যবাদ জনাইছে ৷

উল্লেখ্য় যে স্বচ্ছ সৰ্বেক্ষণ (Swachh Survekshan) হৈছে সমগ্ৰ ভাৰতৰ গাঁও, চহৰ আৰু চহৰবোৰত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অনাময়ৰ এক বাৰ্ষিক জৰীপ । ইয়াক স্বচ্ছ ভাৰত অভিযানৰ (Swachh Bharat Abhiyan)অংশ হিচাপে আৰম্ভ কৰা হৈছিল । ২ অক্টোবৰ ২০১৯ৰ ভিতৰত ভাৰতক পৰিষ্কাৰ আৰু মুকলি শৌচমুক্ত কৰাৰ বাবে স্বচ্ছ সৰ্বেক্ষণ আৰম্ভ কৰা হৈছিল । ইয়াৰ প্ৰথমটো জৰীপ ২০১৬ চনত কৰা হৈছিল । এই অভিযানত ৭৩খন চহৰ (এক নিযুতৰো অধিক জনসংখ্যা থকা ৫৩ খন চহৰ আৰু সকলো ৰাজ্যৰ ৰাজধানী) সামৰি লোৱা হৈছিল ।

লগতে পঢ়ক:Disha Vakani EXCLUSIVE: দিশা ভাকানীৰ কৰ্কট ৰোগ সম্পৰ্কত প্ৰকৃত সত্য জানক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.