ETV Bharat / state

মিজোৰামৰ বিৰুদ্ধে ধূলাত নেমছুৰ প্ৰতিবাদ

author img

By

Published : Jul 28, 2021, 12:43 PM IST

মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ প্ৰতিমূৰ্তি দাহ কৰে প্ৰতিবাদকাৰীসকলে । উক্ত কাণ্ডত প্ৰাণ আহুতি দিয়া প্ৰতিজন অসমৰ বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দৰং নেমছুৱে । মিজো চৰকাৰে যদি এনেধৰণৰ আগ্ৰাসন বন্ধ নকৰে তেনেহ'লে মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক পথ অৱৰোধ কৰাৰ হুংকাৰ দিয়ে নেমছুৱে ।

NEMSU
মিজোৰামৰ বিৰুদ্ধে ধূলাত নেমছুৰ প্ৰতিবাদ

দলগাঁও, ২৮ জুলাই : অসম-মিজোৰাম সীমান্তৰ (Assam Mizoram border conflict) ঘটনাকলৈ সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । অসম আৰক্ষীৰ (Assam Police) ওপৰত মিজোৰাম আৰক্ষী (Mizo police) আৰু মিজো দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণক একেমুখে গৰিহণা দিছে বিভিন্ন দল সংগঠনে । ইফালে এই ঘটনাত এতিয়ালৈ অসম আৰক্ষীৰ ৬ জনকৈ জোৱান নিহত হোৱাৰ লগতে এগৰাকী সাধাৰণ লোকৰো মৃত্যু হয় । লগতে ৪০ ৰো অধিক লোক এই ঘটনা আহত হৈছে ।

এই কাণ্ডকলৈ এতিয়া সমগ্ৰ অসমতে আন্দোলন আৰম্ভ হৈছে । মিজোৰাম চৰকাৰৰ (Mizoram Government) বিৰুদ্ধে অসমৰ ভিন্ন প্ৰান্ত প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে । ঘটনাৰ বিৰুদ্ধে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা (North-East Minorities Students’ Union) চমুকৈ নেমছুৰ (NEMSU) দৰং জিলা সমিতিয়েও ধূলা থানাৰ অন্তৰ্গত খাৰুপেটীয়া কলেজ ৰোড তথা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথতত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

NEMSU
মিজোৰামৰ বিৰুদ্ধে ধূলাত নেমছুৰ প্ৰতিবাদ

এই প্ৰতিবাদী কাৰ্যসূচীত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ প্ৰতিমূৰ্তি দাহ কৰে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদকাৰী সকলে মিজো চৰকাৰ হায় হায়, মিজো পুলিচ হায় হায়, জোৰামথাংগা মুর্দাবাদ, মিজোৰ ভূমি আগ্ৰাসন বন্ধ, অসম পুলিচ জিন্দাবাদ আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে ।

প্ৰতিবাদী কার্যসূচীত উপস্থিত থাকে নেমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জিয়াউল হক, দৰং নেমছুৰ সভাপতি চাবিনোৰ আলি, সাধাৰণ সম্পাদক ছহিদুৰ ইছলামকে আদি কৰি প্ৰায় অৰ্ধশতাধিক নেমছুৰ কর্ম কর্তা । আনহাতে, মিজো কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে দৰং নেমছুয়ে । উক্ত কাণ্ডত প্ৰাণ আহুতি দিয়া প্ৰতিজন অসমৰ বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দৰং নেমছুৱে ।

মিজো চৰকাৰে যদি এনেধৰণৰ আগ্ৰাসন বন্ধ নকৰে তেনেহ'লে মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক পথ অৱৰোধ (Economic Road blocks) কৰাৰ হুংকাৰ দিয়ে নেমছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে । ইয়াৰ উপৰিও প্ৰতি গৰাকী শ্বহীদৰ পৰিয়ালক বিশ লাখ কৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ অসমক চৰকাৰক অনুৰোধ জনায় জিয়াউল হকে ।

লগতে পঢ়ক: মিজো আৰক্ষীৰ গুলিত আঘাপ্ৰাপ্ত আন এজন আৰক্ষীৰ জোৱানৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.