ETV Bharat / state

মঙলদৈত 26000 মাস্ক বিতৰণ বিধায়ক গুৰুজ্যোতি দাসৰ

author img

By

Published : Jul 3, 2020, 1:17 PM IST

বৃহস্পতিবাৰে মঙলদৈৰ কেবাখনো দোকান-প্ৰতিষ্ঠানৰ লগতে সমষ্টিবাসীৰ মাজত 26000 মাস্ক বিতৰণ কৰে বিধায়ক গুৰুজ্যোতি দাসে ৷ মঙলদৈৰ কেবাটাও আত্ম সহায়ক গোটৰ পৰা মাস্কসমূহ কিনি সমষ্টিবাসীৰ মাজত বিতৰণ কৰে বিধায়কগৰাকীয়ে ৷ উল্লেখ্য যে,বানৰ লগতে কৰ'ণা সন্ত্ৰাসৰ পৰা সমষ্টিবাসীক ৰক্ষা কৰিবলৈ চেষ্টা বাহাল ৰাখিছে বিধায়কগৰাকীয়ে ৷

MANGALDOI MLA MASK DISTRIBUTION
মঙলদৈত 26000 মাস্ক বিতৰণ বিধায়ক গুৰুজ্যোতি দাসৰ

মঙলদৈ, 3 জুলাই : দৰং জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৷ কিছুদিন পূৰ্বে মঙলদৈ সমষ্টিৰ চিৰা বজাৰত এজন যুৱক কৰ'ণা আক্ৰান্ত হোৱাৰ পাছতে প্ৰশাসনে কনন্টেইনমেন্ট জ'ন ঘোষণা কৰিছিল চিৰা বজাৰ ৷ তাৰ পাছতে শংকিত হৈ পৰিছিল মঙলদৈবাসী ৷ ইফালে সমষ্টিটোত ক্ৰমাৎ বৃদ্ধি পাইছে গণ সংক্ৰমণৰ আশংকা ৷ ফলত কৰ'ণা ত্ৰাসৰ পৰা সমষ্টিবাসীক সুৰক্ষা প্ৰদানৰ উদ্দেশ্য এক পন্থা হাতত লয় বিধায়ক গুৰুজ্যোতি দাসে ৷

বিধায়ক গুৰুজ্যোতি দাস

লগতে পঢ়কঃ ছীল কৰা হ'ল নগাঁও আদালতঃ কনন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ

বৃহস্পতিবাৰে মঙলদৈৰ কেবাখনো দোকান-প্ৰতিষ্ঠানৰ লগতে সমষ্টিবাসীৰ মাজত 26000 মাস্ক বিতৰণ কৰে বিধায়ক গুৰুজ্যোতি দাসে ৷ মঙলদৈৰ কেবাটাও আত্মসহায়ক গোটৰ পৰা মাস্কসমূহ কিনি সমষ্টিবাসীৰ মাজত বিতৰণ কৰে বিধায়কগৰাকীয়ে ৷ উল্লেখ্য যে,বানৰ লগতে কৰ'ণা সন্ত্ৰাসৰ পৰা সমষ্টিবাসীক ৰক্ষা কৰিবলৈ চেষ্টা বাহাল ৰাখিছে বিধায়কগৰাকীয়ে ৷ আনহাতে বিধায়কগৰাকীৰ এই প্ৰচেষ্টাক শলাগ লৈ আহিছে মঙলদৈবাসীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.