ETV Bharat / state

'জল জীৱন মিছন' আঁচনি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলে ৰণজিৎ দাসে

author img

By

Published : Aug 1, 2021, 7:37 AM IST

Jal Jeevan Mission scheme
জল জীৱন মিছন আঁচনি আনুষ্ঠানিকভাৱে আৰম্ভ

শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল "জল জীৱন মিছন" আঁচনি ৷ ছিপাঝাৰত এই আঁচনি মুকলি কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ এই উপলক্ষে ড০ পৰমানন্দ ৰাজবংশীৰ উপস্থিতিত ছিপাঝাৰ বিধানসভা সমষ্টিৰ নাৰিকলিত এখন সভাৰ আয়োজন কৰা হয় ৷

ছিপাঝাৰ, 31 জুলাই : মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰিলে "জল জীৱন মিছন" আঁচনি ৷ দৰঙৰ ছিপাঝাৰত এই আঁচিনখন ৰাইজৰ সুবিধাৰ্থে মুকলি কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীগৰাকীয়ে ৷ জল জীৱন মিছনৰ অধীনত পানী যোগানৰ বাবে ছিপাঝাৰৰ নাৰিকলিৰ এটা পৰিয়ালৰ গৃহ সংযোগ কৰাৰ পাচতে ৰাজ্যজুৰি শুভাৰম্ভ হয় এই আঁচনিখন।

এই উপলক্ষে ছিপাঝাৰ বিধানসভা সমষ্টিৰ নাৰিকলিত এখন সভাৰ আয়োজন কৰা হয় ৷ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীৰ উপস্থিতিত আয়োজন কৰা হয় উক্ত সভাখন ৷ ক'ভিড প্ৰট'কল পালন আয়োজন কৰা সভাত কেইবাগৰাকী পঞ্চায়ত প্ৰতিনিধিৰ লগতে অঞ্চলটোৰ কুৰিৰো অধিক লোক উপস্থিত থাকে ৷

জল জীৱন মিছন আঁচনি আনুষ্ঠানিকভাৱে আৰম্ভ

লগতে পঢ়ক:জল জীৱন আঁচনিৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ

মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত "জল জীৱন মিছন" আঁচনিৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ তেওঁ আঁচনিৰ জৰিয়তে ৰাজ্যৰ প্ৰত্যেটো পৰিয়াললে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা সুনিশ্চিত কৰা হৈছে ৷ এই আঁচনিৰ জৰিয়তে জুলাই মাহত ৯০,০০০ লোকক পানী যোগানৰ লক্ষ্য নিধাৰণ কৰা হৈছে বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷

যদিও "জল জীৱন মিছন"ৰ অধীনত জুলাই মাহত ৰাজ্যৰ ৯০,০০০ লোকক পানী যোগানৰ লক্ষ্য নিধাৰণ হৈছিল তথাপিও এই লক্ষ্য ১,২৫,০০০ উন্নীত কৰা হৈছে ৷ জল জীৱন মিছনৰ অধীনত শনিবাৰৰ পৰা ৰাজ্যৰ ১,২৫,০০০ লোকে ঘৰে ঘৰে লাভ কৰিব বিশুদ্ধ খোৱাপানী ‌। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতা আৰু জনস্বাস্থ্যৰ দিশটোক চৰকাৰে অধিক গুৰুত্ব দিয়াৰ বাবেই টাৰ্গেট অতিক্ৰম কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: জুলাইৰ ভিতৰত ৯০ হাজাৰ পৰিয়ালে লাভ কৰিব খোৱা পানীৰ সংযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.