ETV Bharat / state

জল জীৱন আঁচনিৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ

author img

By

Published : Jul 6, 2021, 9:38 PM IST

জল জীৱন আঁচনি সফল ৰূপায়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷ প্ৰধানমন্ত্ৰীৰ জল জীৱন আঁচনিৰ অধীনৰ প্ৰকল্পসমূহৰ কাম কৰি থকা ঠিকাদাৰ সকলৰ প্ৰতি কঠোৰ নিৰ্দেশ জাৰি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷

metro dc instructing on jala jeevan
JJM আঁচনিৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ

গুৱাহাটী, ৬ জুলাই : প্ৰধানমন্ত্ৰীৰ জল জীৱন আঁচনি সফল ৰূপায়ন কৰিবৰ বাবে অধিক তৎপৰ হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন ৷ এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷ উপায়ুক্ত বিশ্বজিৎ পেগুৱে এক নিৰ্দেশনা জাৰি কৰি প্ৰধানমন্ত্ৰীৰ জলজীৱন আঁচনিৰ অধীনত চলি থকা প্ৰকল্পসমূহৰ কাম অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ নিয়া হৈছে ৷

নিৰ্দেশনা অনুসৰি অহা 31 জুলাই ভিতৰত প্ৰধানমন্ত্ৰীৰ জলজীৱন আঁচনিৰ অধীনৰ প্ৰকল্পসমূহৰ কাম সম্পূৰ্ণ কৰাৰ সময়সীমা বান্ধি দিয়া হৈছে ৷ এই সন্দৰ্ভত মঙলবাৰে মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । জিলা উপায়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপায়ুক্ত গৰাকীয়ে চলিত মাহৰ ভিতৰত জলজীৱন আঁচনিৰ প্ৰকল্পসমূহৰ কাম ১০০ শতাংশ সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰসকলক কঠোৰ নিৰ্দেশ দিয়ে ।

উল্লেখ্য যে ডিমৰীয়া, চন্দ্ৰপুৰৰ পৰা আজাৰা পৰ্যন্ত Functional Household Tap Connection ৰ দৰে প্ৰকল্পত ৩৫,১২৯ টা পৰিয়াল সামৰি লোৱা হৈছে । উপায়ুক্ত গৰাকীৰ নিৰ্দেশ অনুসৰি ৩১ জুলাইৰ ভিতৰত এই পৰিয়ালসমূহৰ ঘৰে ঘৰে প্ৰধানমন্ত্ৰীৰ জলজীৱন আঁচনিৰ প্ৰকল্পৰ পানী টেপ সংস্থাপন হ’ব লাগিব ।

সভাত জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰী, অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাস, চক্ৰ বিষয়াসকলৰ উপৰি জনস্বাস্থ্য কাৰিকৰী বিভাগ, লোকনিৰ্মাণ আদি বিভাগৰ কাৰ্যবাহী অভিযন্তা উপস্থিত থাকে । সভাত প্ৰকল্পসমূহৰ কাম কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা আন্তঃবিভাগীয় সমস্যাসমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয় আৰু সংশ্লিষ্ট বিভাগসমূহক সমস্যাসমূহ সোনকালে সমাধানৰ নিৰ্দেশ দিয়া হয় ৷

লগতে পঢ়ক: ড৹ মুখাৰ্জীয়ে কলিকতা বিশ্ব বিদ্যালয়ত অসমীয়া ভাষা প্ৰৱৰ্তন কৰিছিল: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.