ETV Bharat / state

মঙলদৈত ১৭০খনতকৈ অধিক গাঁও বানৰ কৱলত: খাদ্যৰ সন্ধানত কৰিছে হাহাকাৰ

author img

By

Published : Jul 17, 2020, 7:25 PM IST

flood-level-increase-at-dalgaon-of-darrang
মঙলদৈত ১৭০খনতকৈ অধিক গাঁও বানৰ কৱলত: খাদ্যৰ সন্ধানত কৰিছে হাহাকাৰ

ৰাজ্যৰ চৌদিশে এতিয়া বানৰ তাণ্ডৱ । সকলোতে মাথো পানী আৰু পানী । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ দৰং জিলাতো ১৭০ খনতকৈ অগিক গাঁও এতিয়া বানৰ কৱলত । মঙলদৈ ৰাজহ চক্ৰৰ ৬৮ খন,দলগাঁৱৰ ৪৫ খন,ছিপাঝাৰৰ ৫২ খন আৰু পাথৰিঘাটৰ ৫ খন গাঁও এতিয়া বছৰৰ দ্বিতীয়টো বানত ক্ষতিগ্ৰস্ত হৈছে ৷

দলগাঁও,১৭ জুলাই: জিলাখনত বৰ্তমানলৈ এহাজাৰ তিনিশ তিৰাশী হেক্টৰ কৃষিভূমি নষ্ট হৈছে এইবাৰৰ বানত । ক্ষতিগ্ৰস্ত হৈছে লক্ষাধিক পৰিয়াল। বানৰ কৱলত পৰি সৰ্বস্বান্ত হৈছে বহুজন । ক্ষতিগ্ৰস্ত বানাক্ৰান্ত সকলে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে এতিয়া কৰিব লগীয়া হৈছে হাহাকাৰ । এখন তিৰ্পালৰ তলতে জীৱ জন্তুৰে সৈতে সহবাস কৰিবলৈ বাধ্য হৈছে এই সকল দুৰ্ভগীয়াই।

মঙলদৈত ১৭০খনতকৈ অধিক গাঁও বানৰ কৱলত: খাদ্যৰ সন্ধানত কৰিছে হাহাকাৰ

ঘৰ সম্পত্তি সকলো পানীত ডুব যোৱাৰ ফলত খাদ্য সামগ্ৰীৰ বাবেও কৰিব লগা হৈছে হাহাকাৰ । জীৱ জন্তুৰ বাবেও গোটাব পৰা নাই পশুখাদ্য। বহুলোকে থাকিবৰ বাবে ওখ ঠাই বিচাৰি কৰিছে হাহাকাৰ। কোনোৱে বিদ্যালয় চৌহদত আশ্ৰয় লোৱাৰ বিপৰীতে অসংখ্যজনে পথৰ ওপৰতে আশ্ৰয় লৈ পাৰ পৰিছে দিন ৰাতি ।

flood-level-increase-at-dalgaon-of-darrang
মঙলদৈত ১৭০খনতকৈ অধিক গাঁও বানৰ কৱলত: খাদ্যৰ সন্ধানত কৰিছে হাহাকাৰ

খাদ্য সামগ্ৰী, বান সাহাৰ্য, খোৱা পানী, তিৰপাল পশুখাদ্য আদিৰ অভাৱত এতিয়া মূৰে কপালে হাত দিছে এই সকল বানাক্ৰান্তই । সহায় বিচাৰি কাতৰ আহ্বান জনাইছে চৰকাৰক ।

লগতে চাওকঃ হাতী মানুহৰ ভয়াৱহ সংঘাতৰ শিহৰণকাৰী দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.